পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাহিত্য আৰু প্ৰেম


গ্ৰহণ কৰিব পৰা কৰি তুলিছিল। জেনেভা নগৰৰ পাৰিপাৰ্শ্বিক সমাজতো তেওঁৰ মানসিক সহানুভূতি আকৰ্ষণ কৰিব পৰা চৰ্চাৰ অভাৱ দেখি মকৰাই নিজৰ জালত নিজে বাহ লৈ থকাৰ দৰে আমীয়েলেও নিজৰ ভাবৰ কুহেলিকা ৰচনা কৰি তাতেই বুৰ গৈ থাকিল। বাহ্য জগতৰ সংসৰ্গৰ পৰা যিমানইে তেওঁৰ মন আঁতৰি আছিল, তেওঁৰ অন্তৰাত্মায়ো বিশ্বৰ সৌন্দৰ্য আৰু অন্তঃচৈতন্যৰ অনুভূতিৰ বিষয়ত তিমানেই বিস্তৃতি লাভ কৰিলে। প্ৰকাশ্য জীৱনত ব্যৰ্থতাৰ কাৰণ তেওঁ নিৰ্দেশ কৰিছে তেওঁৰ ‘Longing for totality’— ‘ভূমাস্পৃহা’। তেওঁৰ মন সৰ্বদায় অসীমৰ অনুভূতিৰফালে ধাৱিত হোৱাত বাস্তৱিক জীৱনৰ সীমাবদ্ধতা তেওঁৰ পক্ষে অসহ্য হৈ উঠিছিল। “আৱেশময় জীৱনতহে মই স্বাধীনতা আৰু গৌৰৱ অনুভৱ কৰোঁ। বাস্তৱিক জীৱনে মনত ভয় ওপজায়। আদৰ্শৰ প্ৰতি তন্ময় দৃষ্টিয়ে সকলো অপূৰ্ণ বস্তুৰ প্ৰতি মোৰ বিতৃষ্ণা জগাই তোলে।” আমীয়েল চিৰকুমাৰ আছিল। ‘ভূমাস্পৃহা’ৰ উদ্বেল চাঞ্চল্যত জৰ্জৰিত হৈ কেতিয়াবা দাম্পত্য জীৱনৰ প্ৰতিও তেওঁ সতৃষ্ণ দৃষ্টিপাত কৰিছিল। “জিৰণি ল’বলৈ তিৰোতাৰ হিয়া এডুখৰি কেতিয়াও নেপামনে? সন্তানতেই নতুনকৈ উপজি আকৌ গুৰিৰ পৰা জীৱন আৰম্ভ কৰিবলৈ সুচল নেপামনে? মোৰ যি জীৱন ব্যৰ্থ আৰু খৰ্ব হৈ পৰিছে তাৰ স্বাভাৱিক বিকাশ আৰু স্ফূৰণৰ বাবে অকণমান সংসাৰ এখনি পাতি ল’ব পাৰিমনে? মোৰ সপোন মোৰ বিশ্ব-সপোন ভাগিবৰ ভয়ত মই কোঁচ খাওঁ, মই হুহুঁকি আহো। সপোনৰ খেলাতেই মই যথাসৰ্বস্ব পণ কৰিছো। মই যেন সপোনতেই বুৰ গৈ থাকো।”

 অসীমৰ প্ৰতি উদ্দাম আৱেগৰ ফলত তেওঁৰ মানসিক শক্তি এনেভাৱে উৱলি পৰিছিল যে গৱেষণা গ্ৰন্থ ৰচনা আদি সীমাবদ্ধ কামত যি ধৈৰ্য আৰু চিন্তাৰ একাগ্ৰতা লাগে, তাৰ বাবে তেওঁ অক্ষম পৰিছিল। তেৱোঁ এইটো বুজিছিল— “ৰচনা কামত একাগ্ৰতা, মীমাংসা কৰিব পৰা শক্তি আৰু মনৰ স্বচ্ছন্দ-গতি লাগে। মই ভাব আৰু ভাব্য বিষয়ক চিন্তাৰ ভাবেৰে জোৰা খুৱাব নোৱাৰো। কোনো এটি বিষয়ক আকৃতি দিব লাগিলে তাক চিন্তাৰ আঁকুহিৰে টানি আনি আমাৰ মানসিক বৃত্তিৰ অঙ্গিভূত কৰি ল’ব লাগে। এইটো মোৰ পক্ষে অসম্ভৱ। মোৰ গোটেই প্ৰকৃতি এনেকৈ অসীম, অনিৰ্দিষ্টতাৰ ফালে বিয়পি পৰে, সকলো বাহ্য বস্তুৰ মৃদু বা কঠোৰ আঘাততেই ই তল যায়। সত্যৰ প্ৰতি মোৰ এনে গভীৰ প্ৰীতি কিজানি কেতিয়াবা ভুল হয় এই ভাৰতেই কোনো বিষয়ে মই মতামত বা সিদ্ধান্ত দিব নোৱাৰো।”

 পাৰিপাৰ্শ্বিক সমাজ আৰু সমসাময়িক জগতৰ চিন্তা-প্ৰবাহৰ লগত নিজৰ ভাবধাৰা সামঞ্জস্য কৰিব নোৱৰাটোৱেই আমীয়েলৰ কৰুণ অৱস্থাৰ মূল কাৰণ। সৰ্বসাধাৰণ আৰু বন্ধুসকলে তেওঁৰ পৰা যি আশা কৰিছিল সেই আশা পূৰ্ণ কৰিবলৈ তেওঁ