সাধু কথাৰ জোলোঙা/পঞ্জাবী সাধু

ৱিকিউৎসৰ পৰা

[ ৩২ ]

 

পঞ্জাবী সাধু।

 পঞ্জাব দেশৰ কোনো এখন গাঁওৰ এজন খেতিয়কৰ দুজনী ঘৈনীয়েক আছিল। বৰজনীৰ পুতেক এটা আৰু সৰুজনীৰ পুতেক দুটা। বৰজনী বৰ বুদ্ধিমতী তিৰোতা; কিন্তু সৰুজনী নিচেই ভোদা আৰু হিংসাকুৰীয়া স্বভাৱৰ মাইকী। হঠাৎ এদিন মাউৰত পৰি খেতিয়ক মৰিল। অইন কোনো আপোন মানুহ নথকাত তিনটা সৰু সৰু লৰাৰে ঘৈণীয়েক কিজনী বৰ বিপদত পৰিল। কিন্তু বৰজনীয়ে নানা বুদ্ধিৰে চলাই কৰাই ঘৰ গোটেইটোকে আগৰ দৰে পোহপাল দিবলৈ ধৰিলে; কিন্তু বিধিয়ে ইয়াকো সহিব নোৱাৰিলে। এদিন বৰজনীও মাউৰত পৰি ঢুকাল। মৰিবৰ আগৈয়ে কিন্তু তাই সৰুজনীক মাটী-বাৰি চলাই খোৱা সম্বন্ধে বহুত উপদেশ দিলে। আৰু শেষত মৃত্যু নিচেই ওচৰ চপা দেখি সকলোৰে পৰা বিদায় লই নিজৰ পুতেকক সৰুজনী সতিনীয়েকৰ হাতত গতাই দি কলে, “ভনিটী, মোৰ লৰাটী তোমাৰ হাতত দিলোঁ। আজিৰ পৰা তুমিয়েই ইয়াৰ মাক। আশা কৰোঁ তুমি ইয়াক নিজৰ পো যেন দেখিবাঁ আৰু মৰণ কালৰ মোৰ বিশেষ কাকুতি এই যে, ইয়াক তুমি সদাই নিকটৰীয়া বাহি [ ৩৩ ] ভাত খাবলৈ দিবা৷ মাছ, মাংস, ঘিঁউ ইত্যাদি ভাল বস্তু ইয়াক কেতিয়াও খাবলৈ নিদিবা। ইয়াক কেতিয়াও স্কুলত নিদিবাঁ আৰু য’ত ভাল ভাল মানুহ গোটখাই মেল বা আলচ পাতে, তেনে ঠাইলৈ কেতিয়াও নপঠিয়াবাঁ। সদাই ঘৰতে বন্ধকৈ থবাঁ। চোতালৰ বাজ হব নিদিবাঁ। মোৰ এই কিটা খাটনী যদি তুমি ৰাখিম বুলি কোৱাঁ, তেনে হলে মই সুখেৰে মৰিব পাৰোঁ।” সতিনীয়েকে খাটনী কিটা ৰাখিবলৈ তৎক্ষণাৎ মান্তি হল। সিজনীয়েও অলপ পৰ পাছতে চিৰকাললৈ চকু মুদিলে৷

 পূৰ্ব্বেই আমি কই থইছোঁ যে বৰজনী বৰ টেঙৰ তিৰোতা আছিল। তাই সৰুজনী সতিনীয়েকৰ স্বভাৱ বিশেষৰূপে জানিছিল। সৰুজনীয়ে যে তাইৰ পুতেকক সমূলি দেখিব নোৱাৰে আৰু তাই যিটো কৰিবলৈ কয়, তাৰ সম্পূৰ্ণ বিপৰীতে কাৰ্য্য কৰিবলৈ ভাল পায়, সেইটো তাই বিশেষকৈ বুজিছিল। সেই বাবে, তাইৰ মৃত্যুৰ পাছতো পুতেকে ভাল খাবলৈ আৰু শিকিবলৈ পোৱাৰ বুধি পাতিহে ভাই সতিনীয়েকক মৰিবৰ সময়ত ওপৰত কোৱা দৰে কই গইছিল। আৰু তাইৰ বুধি ফলিয়ালেও।

 সৰুজনীয়ে মৰা-সতিনীয়েকে কই যোৱা কথা কিআষাৰৰ বিষয়ে বৰকৈ ভাবিবলৈ ধৰিলে আৰু পেটে পেটে কলে—“মোৰ সতিনী বৰ টেঙৰী আছিল। বুধিত তাইক জিকিব পৰা তিৰোতা আমাৰ এই খণ্ডৰ ভিতৰত কোনো [ ৩৪ ] নাছিল। বাহি ভাত খুউৱা আৰু ঘৰত বন্ধকৈ থোৱাটো বেয়া হোৱা হেতেন তাই নিজৰ পুতেকলৈ তেনে দিহা কৰিবলৈ মোক কেতিয়াও ক’ই থ’ই নগলহেতেন। এনে কৰিলে লৰাছোৱালীৰ বৰ, কিবা এটা উপকাৰ হয় হবলা। সেই বাবে তাই নিজৰ পুতেকৰ ভালৰ নিমিত্তে তেনে দিহা দি থই গইছে। মোৰ পো-কিটাৰ নিমিত্তে হলে তেনে দিহা দি নগল! তাই ভাবিছে মই তাই-দিয়া দিহা মতে চলি তাইৰ পুতেকৰ উপকাৰ কৰিম। সেইটো কিন্তু মই কেতিয়াও নকৰোঁ। মই মাকচনি মোৰ নিজ পো-কিটাৰ নিমিত্তেহে এই দিহা কৰিম। তাইৰটোক মাকচনি সদাই গৰম ভাত খুৱাই স্কুললৈ পঠিয়াই ক্ৰমে হঁতশিৰিলৈ পঠিয়াম। তাইনো এতিয়া কিবা ঘুৰি আকৌ চাবলৈ আহিবনে?”

 এই দৰে আলচি, তাই সতিনীয়েকৰ পুতেকক সদাই গৰম ভাত মাছ খুৱাবলৈ ধৰিলে আৰু স্কুলত তাৰ নাম লগাই দিয়ালে। ওচৰত কেনিবা ভাল মানুহৰ কোনো মিটিং বা বক্তৃতা ইত্যাদি হোৱা বাতৰি পালেই তাক তালৈ যাবলৈ বাধ্য কৰিবলৈ ধৰিলে। অলৈ তলৈ যাব লগিয়া হলেও তাকেহে পঠিয়াবলৈ ধৰিলে! স্কুললৈ বা বক্তৃতা শুনিবলৈ সি কেনেবাকৈ নোযোৱাকৈ থাকিলে তাক উগ্ৰ শাস্তি দিবলৈ ধৰিলে। কিন্তু নিজৰ পুতেক-কিটাক ভাল কৰিবৰ মনেৰে সিহঁতক কেহানিও চোতালৰ বাজ হবলৈ [ ৩৫ ] নিদিয়াকৈ ৰাখিলে!! আৰু সিহঁতে বাহি-পঁইতাৰ বাহিৰে গৰম ভাত চকুৰে কেতিয়াও নেদেখা হল!

 মেলে দোৱানে সদাই অহাযোৱা কৰি থকাৰ ফলস্বৰূপে সতিনীয়েকৰ লৰাটো অলপ দিনৰ ভিতৰতে বৰ টেঙৰ, কথকী আৰু সকলো কামতে পকা হই উঠিল। কিন্তু তাইৰ নিজৰ লৰা কিটা ভোদা, হোজা আৰু চহা হই থাকিল।

 ডাঙৰ হলত সতিনীয়েকৰ পুতেকটো গাঁওৰ ভিতৰত এটা মুখীল মানুহ হই উঠিল। সি নেথাকিলে, মেল সবাহ, বা বিয়া গপ্‌গপীয়া নোহোৱা হল। কাৰাবাৰ কিবা মকৰ্দ্দমা লাগিলে, কাৰাৰাব লগত কোনোবাৰ দন্দ, লাগিলে বা কোনো এটা বিষয়ে পৰামৰ্শ লব লগা হলে বা বুধি সুধিব লাগিলে, সকলোৱে পোনেই তাৰ ওচৰ পায়হি। সি গাঁওৰ সকলোৰে পৰা সকলো ঠাইতে মন পাবলৈ ধৰিলে। মুঠতে সি গাঁওখনৰ ভিতৰত এজন ক্ষমতাবান মানুহ হই পৰিল।

 সি ঘৰৰ কাম-বন কৰিবলৈ এফেৰিকে আহৰি নেপায় —মেল সোধি ফুৰোঁতেই যায়। কিন্তু সেই বুলি তাৰ কাম পৰি নেথাকে। যাকে দি কোনো এটা কাম কৰি দিবলৈ পাচে, সেয়েই নিজৰ দহ বন কাতি কৰি হলেও তাৰ কামটো কৰি দিবই। তাৰ ঘৰৰ গৰু চাই যদি কেনেবাকৈ অইন গৰুৰ লগত বাট পাহৰি কেনিবা যাব [ ৩৬ ] খোজে বা যায়গৈ, তেন্তে গাঁৱৰ এটা নহয় এটা মানুহে তাক দেখিবই দেখিব আৰু আগুচি আনি তাৰ ঘৰত দি থই যবহি। তাৰ গৰুয়ে যদি কাৰাবাৰ ধান খায় বা কঠীয়া নষ্ট কৰে তেনে গিৰিহঁতে তাক ফাটেকত দিয়ক ছাৰি খেদাই আনি তাৰ ঘৰত দি থই যায়হি। চোৰে লোকৰ বাৰীৰ বাঁহকে কাটি ধুকুয়ায় কিন্তু তাৰ বাৰীৰ জেংখৰি এডালকে নেটানে। লোকে ৰুৱণী দাৱনী পয়ছা দি বিচাৰি ফুৰিলেও নেপায়, সি কিন্তু এজনী ৰুৱণী বিচাৰিলে দহজনী ওলায়হি; আৰু তামোল এখন বা জলপান এটাৰ লগতে দিনটো খাটি দি যায়! পয়ছা দিলেও লব নোখোজে! লোকৰ পথাৰৰ ন-জেওৰা পথাৰতে নাইকিয়া হয়; তাৰ পথাৰত এবছৰ জেওৰা দিলে, আকৌ ঘুৰি কেবা বছৰলৈকে দিব নেলাগে। জেওৰা পচি, ভাগি, পৰি থাকিব তেও কোনেও তাক লুৰি নিবলৈ সাহ নকৰে।

 আচল কথা, তাৰ ঘৰখন ভাতে-ভৰালে অতি ভালৰূপে চলিবলৈ ধৰিলে। আৰু মাহীয়েক ভায়েকহঁত সকলোৰে অতি সুখেৰে দিন যাবলৈ ধৰিলে। মাহীয়েকে কিন্তু এতিয়া বুজিলে যে তাইৰ সতিনীয়েকে মৰিবৰ সময়ত বৰ টেঙৰালি কৰি থই গল। তাই এতিয়া বুজিব পাৰিলে যে সতিনীয়েকৰ পুতেকৰ বেয়া কৰিবলৈ গই তাই তাৰ পৰম উপকাৰহে সাধিলে। আৰু নিজৰ পুতেক-কিটাৰ [ ৩৭ ] ভাল কৰিবলৈ গই তাই সিহঁতৰ মূৰহে খালে! কিন্তু তাত তাইৰ কোনো বেজাৰ নহল। কিয়নো সতিনীয়েকৰ পুতেক বৰ সাধু প্ৰকৃতিৰ লৰা আছিল আৰু তাইক আৰু তাইৰ পুতেক কিটাক সি নিজৰ গৰ্ভধাৰিণী মাতৃ আৰু সহোদৰ ভাই যেন জ্ঞান কৰিছিল। তাহাতৰ লগত ব্যৱহাৰও সি তেনেদৰে কৰিছিল। বিশেষতঃ ঘৰখন এই সতিনীয়েকৰ পুতেকৰ প্ৰভাৱত অতি সুকলমে চলাত তাই বহুত চিন্তাৰ হাত সাৰিবলৈ পাই তাক আৰু পৰ-জ্ঞান কৰিবলৈ সম্পূৰ্ণৰূপে পাহৰিছিল।

 তাইৰ পুতেক কিটাৰ কিন্তু মত ভিন্‌ হল। সিহঁতে এদিন মাকক মনে মনে কলে, “আই, আমাক লেখাপঢ়া নিশিকাই তই আমাৰ মূৰ খালি। মাহীৰ পুতেকক হলে তই লেখাপঢ়া শিকাই চাৰো ফালে পকা কৰিলি। এতিয়া সি দিনটো বাবু হই মেলকেহে সোধি ফুৰে। ঘৰৰ কুটা এগছ দোডোখৰ নকৰে। আমি হলে দিনটো হাল কোৰ বাই, গৰু গাই আগুচি মৰোঁ। আমি ঘটি দিও সি বাবু হই বহি খায়। আমি জানিবা চাকৰ, সি জানিবা ঘৰৰ গিৰিহঁতটো! আকৌ আমাৰ ওপৰতে কেতিয়াবা কেতিয়াবা দপদপাই দেখুৱায়। আমি তাক কিয় বহুবাই খুৱাম? আকৌ গাঁওৰ মানুহবোেৰও এনে মূৰ্খ! কোনো কথা সুধিব লাগিলে এটায়ে তাকেহে বিচাৰে। আমাক নোপোছেই। সি জীৰাই থাকে মানে আমাক মানুহে মানুহ বুলি গণ্য [ ৩৮ ] নকৰে। অতএব তাক আমি আজি ৰাতি মাৰি পেলাব খুইছোঁ। তই কি কওৱ?”

 পুতেকহঁত যে কিমান একোটা হস্তী-মূৰ্খ হইছে, তাক বুজিবলৈ আৰু মাকৰ অকনো বাকি নেথাকিল। কিন্তু সিহঁতক সুশিক্ষা নিদিয়াৰ বাবে নিজেই জগৰীয়া বিবেচনা কৰি, মুখেৰে কোনো টান মতি নেমাতি কলে—“বাৰু সি মৰিলে, তোহোতে ঘৰখন চলাব পাৰিবি জানো?” পুতেকহঁতে গুঁজৰি উঠি কলে, “পাৰিমতো! কিয় নোৱাৰিম? এতিয়ানো কোনে চলাইছে?”

 মাক—“বাৰু, তোহোঁতে তাক মাৰি পেলাব নেলাগে। তাক মইয়েই মাৰি পেলাম। তোহোঁতে যি দৰে মাৰিব খুইছ, সেই দৰে মাৰিলে ঘৰঘৰোৱালৰে ফাঁছি হব। তাক বুধিৰে বেমাৰ পেলাই মাৰিম। এতিয়া তোহোঁতে ঘৰখন চলাব পাৰিলেই হয়।”

 পাছদিনা সতিনীয়েকৰ পুতেকে দুপৰীয়া ভাত-পানি খাই উঠি শুই আছিল। তাৰ যেতিয়া ঘোৰ তোপনি আহিল, তেতিয়া মাহীয়েকে হঠাৎ তাৰ বিছনাৰ ওচৰত চিঞৰি চিঞৰি বুক চপৰিয়াই কান্দিবলৈ ধৰিলে। সি তোপনিৰ পৰা চক্‌-মক্ খাই উঠি, কাৰণ সুধিলত কলে— “বোপাই, তই তোপনিত থাকোঁতে মুখ মেলি আছিলি। কৰবাৰ পৰা নীচেই পাতল, দীঘল, কলা, চুলি-সাপ এডাল আহি তোৰ মুখেদি পেটৰ ভিতৰলৈ সোমাই গল! মই [ ৩৯ ] দূৰৈৰ পৰা দেখি নেগুৰত ধৰি টানি উলিয়াবলৈ লৰি আহিছিলোঁ, কিন্তু মই আহি পাঁওহি মানে সি পেট পালেগৈয়ে!! মই সেই বাবে কান্দিছোঁ। ঈশ্বৰে কি অমঙ্গল ঘটাবলৈ এনে কৰিলে, কোনে জানে?”

 মাহীয়েকৰ কথা সি সঁচা বুলি পতিয়ালে আৰু কলে, “মাহী, হয় যে হয়! মই পেটটো গধূৰ গধূৰ পাইছোঁ৷ কি উপায় কৰোঁ?”

 মাহীয়েক— “তই, বোপাই, একো চিন্তা নকৰিবি। মই ভাল বেজ অনাই, মন্ত্ৰ মৰাই, সাপটো উলিয়াইহে এৰিম।”

 সতিনীয়েকৰ পুতেক কিন্তু সেই দিনা খনৰে পৰা নৰীয়া পৰিল। ভাত-পানি খাব নোৱাৰা হল! দিনে নতুন নতুন বেজ কবিৰাজ অহি নানা প্ৰকাৰে তাৰ চিকিৎসা কৰিবলৈ ধৰিলে, কিন্তু কোনেও পেটৰ সাপ উলিয়াব নোৱাৰিলে। সি বেমাৰত পৰাত প্ৰথমে প্ৰথমে মাত লগাবলৈ, চাবলৈ, দিহা পোহা দিবলৈ, তাৰ ঘৰলৈ মানুহ সো-সোৱাবলৈ ধৰিলে। কাৰণ সকলোৱে ভাবিছিল, “বেমাৰ পৰিছে, আকৌ ভাল হব। বেমাৰৰ সময়ত মাত একেষাৰ লগাই নথলে গলৈ কবলৈ মুখ নথকা হব।”

 প্ৰথমে প্ৰথমে ঘৰখনও কোনো অসুবিধা নোহোৱাকৈ আগৰ দৰেই চলিছিল। কিন্তু যেতিয়া দেখা গল বেমাৰ ক্ৰমে টান হই আহিলে তাৰ আৰু উঠিবৰ শক্তি নোহোৱা [ ৪০ ] হল—মৃত্যু নিশ্চয়—তেতিয়া তাক চাবলৈ, তাৰ ঘৰলৈ আৰু কোনো নহা হল! তেতিয়া তাৰ পথাৰৰ ধান পথাৰতে নাইকিয়া হবলৈ ধৰিলে—মহ-গৰখীয়াই, গৰু- গৰখীয়াই, চেগ্ পালেই গৰু মহৰ হতোৱা চৰাই পেলাবলৈ ধৰিলে। ভায়েকহঁতে দেখি দাবি দিলে, উভতি গেঙেৰি মাৰি, সিহঁতেহে মাৰিবলৈ খেদি অহা হল! বাৰীৰ বাঁহ বাৰীৰ পৰাই নাইকিয়া হবলৈ ধৰিলে। গৰু গাই মুকলি হই কেনেবাকৈ লোকৰ চোতাল উঠিলেকি লোকে ধৰি ফাটেকত দিয়া হল। চোৰে ভৰালৰ বেৰ কাটি ধান নি আইধা কৰিলে। ভায়েকহঁতক সামান্য কথাতে যেয়ে সেয়ে মাৰিবলৈ খেদি অহা হল। কোনো কোনো মুখত বন্ধ নথকা মানুহে মুখৰ আগতে কই পেলালে—“ককায়েৰৰ মুখলৈ চাইহে মানুহে তোহোঁতক ইমান দিন একো নকইছিল। নহলে তহঁতৰ ফুটনি কেতিয়াবাই ভাগিলহেতেন। এতিয়া ককায়েৰ মৰিবলৈ আৰু সৰহ দিন নাই। এতিয়াহে তহঁতৰ ভিকাচনি ভাগিব ৰ।” সিহঁত বিবুধি হল! ঘৰ চলোৱা দূৰৈত থাওক গাঁওত তম্ভাই টান হল! তত্‌মত্ নেপাই সিহঁতে মাকক কলে, “আই যি হল হল; ককাইক কোনোমতে জীয়া; নহলে আৰু ৰক্ষা নাই! ককাইৰ মৃত্যু ইচ্ছা কৰাটো আমাৰ ভুল হইছিল! সি যদিও বন কাম নকৰে তথাপি আচলতে ঘৰখন সিহে চলাইছিল! আমাৰ বুজাত ভুল হইছিল! [ ৪১ ] সি মৰিলে আমি এটাইকিটা জীৱ খাবলৈ নেপায় নিগমে মৰিম! ধনবস্তু লোকে কাঢ়ি নিয়াটোতো পাৰিছোঁৱেই! হায়! আমি কি মূৰ্খামি কৰিব খুইছিলো!”

 এনেটো ঘটিব বুলি মাকে আগৰে পৰা জানিছিল। কিন্তু সেইবোৰ ভাব গোপন কৰি ক’লে, “ভাগ্যে সি এতিয়াও নমৰাকৈ আছে দেখিহে! নহলে তোহোঁতে আজি মোক চৌঠেঙীয়া কৰিলিহেতেন। সি মোক নিজৰ মাতৃতুল্য জ্ঞান কৰে। তোহোঁতৰ কথাত তাক মই সঁচাকৈয়ে মাৰি পেলোৱাহেতেন, আজি মোৰ কি অৱস্থা হলহেতেন : তোহোঁতেও খবলৈ নেপাই মৰিলিহেতেন, মোকো মাৰিলিহেতেন। সি যি কি নহক আজিৰ পৰা তোহোঁতে আৰু তাক কেতিয়াও পৰ বুলি নেভাবিবি। তোহোঁত এটাইকিটা যদিও বেলেগ বেলেগ গৰ্ভত উপজিছ, তথাপি একে পিতৃৰ সন্তান। ঈশ্বৰে এই ঘটনা দ্বাৰা তোহোঁতৰ চকুত আঙলি বতিয়াই এই কথাষাৰ ভালকৈ বুজাই দিলে। তোহোঁত আগলৈকে সাৱধান হবি?” এই বুলি মাকে ককায়েকক পুনৰ জীয়াবলৈ গাত ললে। পুতেকহঁতেও নিজৰ গালত নিজে চৰিয়াই, আগলৈ ককায়েকক ককাই বুলি জানিবলৈ শপথ খালে।

 পাছদিনাখন দুপৰীয়া সতিনীয়েকৰ পুতেক, দৰপ এটাৰ গুণত প্ৰায় অচেতন হই চালপীড়া এখনৰ ওপৰত পৰি আছিল। মাহীয়েকে মনে মনে দেখোৰ ফকিৰ ফোকোৰা, [ ৪২ ] বামুণ-মগনীয়া ইত্যাদিক মতাই অনাই, নানা দান দক্ষিণা কৰিবলৈ ধৰিলে। আৰু নানা প্ৰকাৰে মনৰ আনন্দ প্ৰকাশ কৰিবলৈ ধৰিলে।

 সতিনীয়েকৰ পুতেকৰ এনেই মাত মাতিবৰ শক্তি প্ৰায় নোহোৱা হইছিল। তাৰ ওপৰত দৰপে তাক আৰু অচেতন কৰি থইছিল। আনন্দৰ কোঢ়াল শুনি বহুত পৰৰ মূৰত সি চেতনা পাই লাহে লাহে চকু মেলি চাই, মাহীয়েকক বৰ প্ৰফুল্ল দেখি সোধিলে, “মাহি, আজি কিয় ইমান ধূমধাম? তই ইমান আনন্দিত হইছ কিয়?” মাহীয়েকে তাক সাপোট মাৰি ধৰি কপালত চুমা খাই কলে—“মোৰ আজি ৰঙ কৰিবৰ দিনেই, মোৰ বোপাই; কিয়নোল তোৰ পেটৰ ভিতৰলৈ যি দাল সাপ সোমাইছিল, সেই দাল সাপ আজি আপোনাআপোনি ওলাই আহিল! সৌ দাল, চা, মই মাৰি থইছে! এই বুলি আগৈয়ে বিচাৰি মাৰি থোৱা, দীঘল মৰাসাপ এডাল আনি তাক দেখুৱালে। ইয়াত পুতেকে গাত ইমান বল পালে যে সি একেচাবে উঠি বহিল আৰু কলে, “মাহি, সঁচাকৈয়ে পেটটো আজি বৰ পাতল পাতল লাগিছে। ইস্! মই মৰিম বুলিহে জানিছিলোঁ। যেই হক, ঈশ্বৰে তেও ৰক্ষা, কৰিলে! মাহি, আজি গধূলিকৈ মই ভাতো অলপ খাব পাৰিম হবলা। কাৰণ পেটটো খালি পৰিলত, এতিয়া

অলপ ভোক ভোক যেনও লাগিছে।”

[ ৪৩ ]  ইয়াৰ পাছৰে পৰা সতিনীয়েকৰ পুতেক বৰ খৰকৈ আৰোগ্য হবলৈ ধৰিলে। সি ক্ৰমে ভাল হবলৈ ধৰা খবৰ শুনি গাঁওৰ মানুহ তেনেই উবুৰি খাই পৰিলহি। এতিয়া তাৰ বাতৰি লবলৈ গাঁওৰ মানুহবিলাকৰ ভিতৰত অৰিয়া- অৰি লগাদি লাগি গল! এতিয়া দিনে ৰাতিয়ে আকৌ তাৰ ঘৰৰ পৰা মানুহ নুগুচা হল। সি এতিয়া সম্পূৰ্ণ ভাল হোৱা নাই; কেৱল বিছনাৰ ওপৰত উঠি বহিব পৰা হইছে মাথোন; কিন্তু তাৰ ঘৰৰ সকলো কাম আকৌ পূৰ্ব্বৰ দৰে চলিবলৈ ধৰিলে। যিবিলাকে কেইদিনমান আগৈয়ে ভায়েকহঁতক চৰিয়াবলৈ খেদা মাৰি আহিছিল, সিহঁতেই আকৌ এতিয়া সিহঁতক, “বোপা, বোপা বুলি পমি যাবলৈ ধৰিলে। সি ক্ৰমে লাখুটী ধৰি চোতাল ওলাব পৰা হল! এতিয়া চোতালত পুৱা গধূলি মানুহক পীৰা ধৰা দি অঁটোৱা টান হল! সকলোৱে কবলৈ ধৰিলে, “আপুনি ভাল হব বুলি আমি আগৈয়েই কইছিলোঁ” ইত্যাদি। ঘৰখনৰ আকৌ পূৰ্ব্বৰ জেউতি হল।

 ভায়েকহঁতে এতিয়া ভালকৈ বুজিলে ঘৰখন কাৰপৰা চলিছিল। সিহঁতে এতিয়াৰ পৰা সদাই ককায়েকৰ আজ্ঞাধীন হই চলিবলৈ ধৰিলে। আৰু জীয়াই থকা দখৰত পুনৰ কেতিয়াও ককায়েকৰ প্ৰতি শত্ৰুতাচৰণ কৰা নাছিল।

⸺⸺