পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পঞ্জাবী সাধু।

 পঞ্জাব দেশৰ কোনো এখন গাঁওৰ এজন খেতিয়কৰ দুজনী ঘৈনীয়েক আছিল। বৰজনীৰ পুতেক এটা আৰু সৰুজনীৰ পুতেক দুটা। বৰজনী বৰ বুদ্ধিমতী তিৰোতা; কিন্তু সৰুজনী নিচেই ভোদা আৰু হিংসাকুৰীয়া স্বভাৱৰ মাইকী। হঠাৎ এদিন মাউৰত পৰি খেতিয়ক মৰিল। অইন কোনো আপোন মানুহ নথকাত তিনটা সৰু সৰু লৰাৰে ঘৈণীয়েক কিজনী বৰ বিপদত পৰিল। কিন্তু বৰজনীয়ে নানা বুদ্ধিৰে চলাই কৰাই ঘৰ গোটেইটোকে আগৰ দৰে পোহপাল দিবলৈ ধৰিলে; কিন্তু বিধিয়ে ইয়াকো সহিব নোৱাৰিলে। এদিন বৰজনীও মাউৰত পৰি ঢুকাল। মৰিবৰ আগৈয়ে কিন্তু তাই সৰুজনীক মাটী-বাৰি চলাই খোৱা সম্বন্ধে বহুত উপদেশ দিলে। আৰু শেষত মৃত্যু নিচেই ওচৰ চপা দেখি সকলোৰে পৰা বিদায় লই নিজৰ পুতেকক সৰুজনী সতিনীয়েকৰ হাতত গতাই দি কলে, “ভনিটী, মোৰ লৰাটী তোমাৰ হাতত দিলোঁ। আজিৰ পৰা তুমিয়েই ইয়াৰ মাক। আশা কৰোঁ তুমি ইয়াক নিজৰ পো যেন দেখিবাঁ আৰু মৰণ কালৰ মোৰ বিশেষ কাকুতি এই যে, ইয়াক তুমি সদাই নিকটৰীয়া বাহি