পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
পঞ্জাবী সাধু৷

নিদিয়াকৈ ৰাখিলে!! আৰু সিহঁতে বাহি-পঁইতাৰ বাহিৰে গৰম ভাত চকুৰে কেতিয়াও নেদেখা হল!

 মেলে দোৱানে সদাই অহাযোৱা কৰি থকাৰ ফলস্বৰূপে সতিনীয়েকৰ লৰাটো অলপ দিনৰ ভিতৰতে বৰ টেঙৰ, কথকী আৰু সকলো কামতে পকা হই উঠিল। কিন্তু তাইৰ নিজৰ লৰা কিটা ভোদা, হোজা আৰু চহা হই থাকিল।

 ডাঙৰ হলত সতিনীয়েকৰ পুতেকটো গাঁওৰ ভিতৰত এটা মুখীল মানুহ হই উঠিল। সি নেথাকিলে, মেল সবাহ, বা বিয়া গপ্‌গপীয়া নোহোৱা হল। কাৰাবাৰ কিবা মকৰ্দ্দমা লাগিলে, কাৰাৰাব লগত কোনোবাৰ দন্দ, লাগিলে বা কোনো এটা বিষয়ে পৰামৰ্শ লব লগা হলে বা বুধি সুধিব লাগিলে, সকলোৱে পোনেই তাৰ ওচৰ পায়হি। সি গাঁওৰ সকলোৰে পৰা সকলো ঠাইতে মন পাবলৈ ধৰিলে। মুঠতে সি গাঁওখনৰ ভিতৰত এজন ক্ষমতাবান মানুহ হই পৰিল।

 সি ঘৰৰ কাম-বন কৰিবলৈ এফেৰিকে আহৰি নেপায় —মেল সোধি ফুৰোঁতেই যায়। কিন্তু সেই বুলি তাৰ কাম পৰি নেথাকে। যাকে দি কোনো এটা কাম কৰি দিবলৈ পাচে, সেয়েই নিজৰ দহ বন কাতি কৰি হলেও তাৰ কামটো কৰি দিবই। তাৰ ঘৰৰ গৰু চাই যদি কেনেবাকৈ অইন গৰুৰ লগত বাট পাহৰি কেনিবা যাব