সাধু কথাৰ জোলোঙা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[  ]

সাধু কথাৰ জোলোঙা।


(প্ৰথম খণ্ড)

শ্ৰীজ্ঞানানন্দ জগতী।

২য় তাঙ্গৰণ।

⸻⸻


প্ৰকাশক :—

শ্ৰীশিবনাথ ভট্টাচাৰ্য্য,

ৰিহাবাৰি, ডিব্ৰুগড়।

⸻⸻

১৯২৬

Rights Reserved. ]  [বেচ

[  ]

সূচী৷

বিষয়।   পিঠি৷
১৷ গাধ কিলাই মানুহ কৰা
২৷ বুঢ়া বাপেকে নেগুৰ পিন্ধি নচা ১৩
৩৷ কাবুলী সাধু ২০
৪৷ পঞ্জাবী সাধু ২৬

[  ]

 

সাধু কথাৰ জোলোঙা।

প্ৰথম খণ্ড।

গাধা কিলাই মানুহ কৰা।


 এজন ইস্কুলীয়া পণ্ডিতে এদিনাখন “লেছন'’ নোৱাৰা বাবে ছাতৰ লৰা এটীক পাৰেমানে কোবাইছিল। আৰু কোবাবৰ বেলিকা খঙত বকিবকি ঘনে ঘনে কইছিল —“কত গাধা কিলাই মানুহ কৰি পেলালোঁ, তই নো এটা কি?”

 পণ্ডিত মহাশয়ৰ কিল খাই সঁচাকৈয়ে কোনো গাধা কেতিয়াবা মানুহ হইছিল নে নাই হোৱা আমি কৰ নোৱাৰোঁ। কিন্তু পণ্ডিত মহাশয়ে হলে ওপৰত কোৱাদৰে “হইছে” বুলি কোৱাটো সঁচা। পণ্ডিত মহাশয়ে চাগৈ ভাবিছিল “মোৰ অতীত গৌৰৱৰ বিষয়ে এনে কথা কই শুনালে, ছাতৰবিলাকে নিজৰ পিঠিত মোৰ কোবোৱা [  ] শক্তিৰ পৰীক্ষা নকৰাকৈ 'বিনাৰণে পৰিহাৰ মাগি’ আগলৈ সদাই “লেছন” শিকি আহিব।” সেই বাবেহে তেওঁ ওপৰত কোৱা কথাষাৰ ঘনে ঘনে চিঞঁৰি চিঞঁৰি ক’ই আছিল হব পায়।

 সি যি কি নহক পণ্ডিতে যি সময়ত স্কুলৰ ভিতৰত এই দৰে তৰ্জ্জন গৰ্জ্জন কৰি আছিল, ঠিক সেই সময়তে ধোবা এটায় তাৰ গাধ এটা ফাটেকৰ পৰা মোকোলাই লই সেইটো বাটেদি আহি স্কুলৰ ওচৰ পাইছিলহি। তাৰ কেবাটাও গাধ আছিল কিন্তু ঈশ্বৰে তাৰ পৰিয়ালটোত মানুহৰ সংখ্যা সৰহকৈ দিয়া নাছিল। অকলসৰিয়া সি কেনি কি কৰিব? কাজেই চম্ভালোঁতা মানুহৰ অভাৱত তাৰ গাধ বোৰৰ এটা নহয় এটায় লোকৰ জগৰ লগাই প্ৰায় দিনে ফাটেক পৰেগৈ। সি ধন ভৰি ভৰি হায়ৰাণ! বিশেষতঃ এই গাধটো যে ফাটেক পৰাত এটাইত্কৈ‌ সাৰ!

 ধোবাটো অলপ অজলমুৱা মানুহ আছিল। সি ডাঠকৈ বিশ্বাস কৰিছিল যে, পণ্ডিত মানুহৰ মুখেদি সঁচাৰ বাহিৰে মিছা কেতিয়াও নোলায়। বিশেষতঃ গাধা ৰখোঁতা মানুহ এটাৰ অভাৱ তাৰ মনত সেই সময়ত বৰকৈ খেলাই আছিল।

 সি অলিবাটৰ পৰা হঠাৎ পণ্ডিতৰ মুখত গাধা কিলাই মানুহ কৰিব পৰাৰ কথা শুনি জানিবা আকাশ খনহে ঢুকি [  ] পালে। একে সোহাতে গাধায় সৈতে পণ্ডিতৰ ওচৰ পালেগৈ আৰু হাত জোৰকৈ কলে “দেউতা, মানুহৰ অভাৱত বন্দি নিগমে মৰিলোঁ। দেউতায় গাধ কিলাই মানুহ কৰিব পাৰে বুলি কইছে, অনুগ্ৰহকৈ মোৰ এই গাধটোক যেনেকৈ পাৰে মানুহ কৰি দিয়ক; ইয়াৰ বাবে যি খৰছ লাগে মই দিম।”

 “ধোবায় উপহাস কৰিবৰ মনেৰে আহিছে” বুলি ভাবি প্ৰথমতে পণ্ডিত মহাশয়ৰ খঙ উঠিছিল; কিন্তু তাৰ ভাব গতিক চাই তেওঁ তৎক্ষণাৎ বুজিব পাৰিলে যে সি উপহাস কৰা নাই;—যি কইছে সঁচাসঁচিকৈয়ে কইছে। তেতিয়া তেওঁ ধোবাক কলে “মোৰ আজি কালি আহৰি নাই। মই আৰু আজি কালি সেইবোৰ কৰি ফুৰিব নোৱাৰোঁ। তই ইয়াৰ পৰা যা।” কিন্তু ধোবায় নেৰানেপেৰাকৈ কাকুতি কৰিবলৈ ধৰিলে। তাক কোনোমতে খেদাব নোৱাৰি আৰু লৰবিলাকৰ আগত লঘু পৰিবৰ ভয়ত শেহত পণ্ডিত মহাশয়ে ধোবাক কলে “তই বাৰু এতিয়া যা। দেওবাৰে দুপৰীয়া গাধৈ সৈতে মোৰ ঘৰলৈ আহিবি। তেতিয়া বাৰু চাম।” ধোবায় সেই কথাতে মান্তি হ’ল আৰু “দেওবাৰে মোৰ গাধাক মানুহ কৰিব পাৰিম’’ বুলি ভাবি উৎফুল্ল মনেৰে গুচি গল।

 ইফালে পণ্ডিত মহাশয় কিন্তু বৰ বিবুধিত পৰিল। তেওঁ ভাবিবলৈ ধৰিলে—“কথাষাৰ কই কি আপদত [ ১০ ] পৰিলোঁ। ধোবাই নেৰাই হ’ল। তাক এতিয়া গুচাঁও কেনেকৈ? সি এতিয়া বাটে পোথে মোক লঘূ কৰি ফুৰিব। কটা! কিক্ষণে লগ পালে মোক?” ইত্যাদি।

 যেই হওক পণ্ডিতে ৰাতি তোপনি ক্ষতি কৰি ভাবি ভাবি ধোবা খেদাবৰ কেবাটাও বুধি উলিয়ালে। এটা নহয় এটা বুধিত ধোবা পলাবই পলাব!

 দেওবাৰ আহিল। ঠিক নিৰ্দ্দিষ্ট সময়ত ধোবা আহি গাধায় সৈতে পণ্ডিতৰ ঘৰত হাজিৰ! আজি কেবা দিনও ধোবাৰ শোৱন খাওৱন নাই। কেৱল গাধাটোক মানুহ কৰাৰ চিন্তা। সি নো আহিবলৈ পাহৰিবনে?

 পণ্ডিতে কলে “গাধা কিলাই মানুহ কৰাত বহুত খৰচ লাগে। তই জানো সিমান খৰচ দিব পাৰিবি?”

 ধোবা–“দেউতায় যি খোজে তাকে দিম।”

 পণ্ডিতে ভাবি থইছিল “ধোবাবোৰ দুখীয়া। সিহঁতৰ মাহেকত ৪০৲ কি ৫০৲ টকা ৰুপেই বহুত। মই বাপেকে গাধা মানুহ কৰাৰ বেচ অলপ সৰহকৈ খুজিম। তেনে হলেই ধোবা পলাব।”

 সেই দেখি তেওঁ কলে “তিনি কুৰি ৰুপ দিব পাৰিলেহে গাধা কিলাই মানুহ কৰিব পাৰি।” ধোবাই কিন্তু তাতে মান্তি হল; আৰু চোলাজেপৰ পৰা তিনি কুৰি ৰুপ উলিয়াই, লেখি, তৎক্ষণাৎ পণ্ডিতৰ হাতত দি কলে— “দেউতা, তিনি কুৰি ৰুপত একো কথা নাই। মোৰ [ ১১ ] গাধটো কিন্তু কোনোৰুপে মানুহ হবই লাগে।” পণ্ডিত মহাশয়ৰ প্ৰথম বুধিটো নফলিয়ালে। পণ্ডিতে তেতিয়া দ্বিতীয় বুধিত ধৰিলে আৰু ধোবাক কলে—“বাৰু, তই এতিয়া গাধটো থই যা। কেইদিনমানৰ ভিতৰত মই তাক মানুহ কৰি পেলাম। তেতিয়া তই আহিবি।” পণ্ডিতৰ কথা মতে ধোবা গুচি গল। পণ্ডিতেও ধোবা খেদাবৰ আন ভাল উপায় চিন্তা কৰিবলৈ ধৰিলে।

 ধোবায় গাধ থই গুচি যাবৰ অলপ পৰ পাছতে কৰবাৰ দূৰৈ দেশৰ মানুহ এটা আহি পণ্ডিতৰ ঘৰত আলহি চাপিলহি আৰু তেওঁৰ ঘৰত থকা গাধটো দেখি তাক কিনিবৰ নিমিত্তে বৰ আগ্ৰহ প্ৰকাশ কৰিবলৈ ধৰিলে। পণ্ডিতে সৰহ দাম আদায় কৰিবৰ মনেৰে প্ৰথমতে ভালেমান নুই নাই কৰি দেখুৱালে। কিন্তু যেতিয়া দেখিলে, আলহীয়ে দামত আগ বাঢ়িবলৈ আৰু অকনো বাকী থোৱা নাই তেতিয়া শেহত বেচিবলৈ মান্তি হল। আলহীয়ে গাধা লই গুচি গল।

 ইয়াৰ কেইদিনমানৰ পাছত ধোবা পণ্ডিতৰ ঘৰ ওলালহি আৰু গাধটো মানুহ হল নে নাই হোৱা সুধিলে। পণ্ডিতে কলে “মানুহ হল। কিন্তু তই তাক এতিয়া চিনি পাবি জানোঁ?” ধোবায় মাত লগালে—“কিয়? মই চিনি নেপাবলৈ কি হইছে? মোৰ গাধ মই চিনি নেপাম কিয়?” তেতিয়া পণ্ডিতে কলে—“চিনিব পাৰিবি বুলি [ ১২ ] মোৰ মনে নধৰে। কিয়নো, তোৰ গাধা যেনে তেনে মানুহ হোৱা নাই। সি কছাৰি ঘৰৰ বৰ ডাঙৰ এজন হাকিম হলগৈ। এতিয়া তইও তাক চিনিব নোৱাৰিবি, সিও তোক চিনিব নোৱাৰিব।”

 তাৰ গাধ মানুই হই “হাকিম” হোৱা শুনি, ধোবাৰ ৰঙে কুলাইপাছি নধৰা হল। সি পণ্ডিতক হাতে ভৰিয়ে ধৰি, কাবৌ কাকুতি কৰি কবলৈ ধৰিলে—“দেউতা, যেনেকৈ পাৰে, এটা দিহা দিয়ক যাতে মোৰ গাধায় আকৌ মোক চিনি পায়। গাধাটোৰ নিমিত্তে মোৰ বহুত খৰছ হইছে। কিন্তু এতিয়া সি হাকিম হই মোক চিনি পালে, সেইবোৰ ক্ষতি সম্পূৰ্ণৰূপে পূৰণ হব। মোৰ গাধটো মানুহ হই মোৰ এটা গাধা ৰখিয়া হব বুলিহে জানিছিলোঁ। সি এনে ডাঙৰ হাকিম হবগৈ বুলি মই কেতিয়াও ভবা নাছিলোঁ৷”

 চিনি পাবৰ দিহা উলিয়াবৰ নিমিত্তে ধোবায় পণ্ডিতক আকৌ একুৰিমান ৰুপ দিলে। তেতিয়া পণ্ডিতে কলে— “চিনি পায়নে নেপায় মই ঠিককৈ কব নোৱাৰোঁ৷ কিন্তু তই চেষ্টা কৰি চাব পাৰ। যি দাল পঘাৰে তাক সদাই বান্ধিছিলি সেই দাল পঘা, আৰু যি দাল টাঙোনেৰে তাক সদাই টঙনিয়াইছিলি সেই দাল টাঙোন, যদি তাক ভালকৈ দেখুৱাব পাৰ, তেনেহলে, মই বোধ কৰোঁ, সি তোক চিনি পাব পাৰিব।” তেতিয়া ধোবাই কলে—“সেইটো [ ১৩ ] নো কি বৰ টান কথা? এতিয়া মাথোন, মোক আপুনি দেখুৱাই দিয়ক, মোৰ গাধাগৈ কোনজন হাকিম হইছে। মই তাৰ পুৰণা পঘা আৰু টাঙোন তাক যেই-সেই উপায়েৰে দেখুৱাইহে এৰিম।”

 পণ্ডিতৰ ভাগ্যক্ৰমে সেই সময়তে এজন ন-হাকিম সেই জিলালৈ ন-কৈ বদলি হই আহিছিল। পণ্ডিতে ধোবাক লগত লই, কছাৰি ঘৰলৈ গই, সেই জনকে তাৰ পূৰ্ব্বৰ গাধ বুলি মনে মনে দেখুৱাই দি গুচি আহিল! কিন্তু আহিবৰ বেলিকা কই আহিলে—“সাৱধান! অইনে বুজ নোপোৱাকৈ পঘা টাঙোন দেখুৱাবি। নইলে মোৰ মন্ত্ৰ তোৰ গালৈকে উভতিব। আৰু তই মানুহ গুচি গাধাৰ আকাৰ হবি।” ধোবায় পণ্ডিতৰ কথামতে বৰ সাৱধান হই কাম কৰিবলৈ ধৰিলে, কিন্তু তাৰ গাধ গই এনে এজন ডাঙৰ হাকিম হব পাৰিছে ভাবি গপত ওফন্দি পৰিল।

 ঘৰলৈ গই সি বেগেতাই পঘা আৰু টাঙোন লই আহিলগৈ। এখন হাতে পঘা আৰু আনখন হাতে টাঙোন লই ওৰে দিনটো সি কছাৰি ঘৰত ঘূৰি ফুৰিলে, কিন্তু অইনে বুজ নোপোৱাকৈ হাকিমক পঘা-টাঙোন দেখুৱাবৰ ছল নেপালে৷ “পাছত কছাৰি ভাগিলে ছল পাম” বুলি আশা কৰি তাতে খাপ লই থাকিলে, কিন্তু কছাৰি ভগা মাত্ৰকে হাকিমে “বাইচিকেল” গাড়ীত উঠি সাউৎ কৰে গুচি গলগৈ। ধোবাই পঘা-টাঙোন দেখুৱাবৰ [ ১৪ ] এফেৰিকে ছল নেপালে। সিও ঘৰলৈ উভতি গল। পাছদিনাখন খাই বই পঘা আৰু টাঙোন হাতত লই আকৌ ধোবা কছাৰি ঘৰ ওলালগৈ। সেই দিনও একো সুবিধা কৰিব নোৱাৰিলে। কিন্তু আক তাক সোধি হাকিমৰ থকা ঠাইৰ ঠিকনাটো ললে আৰু হাকিম যাবৰ পাছত গধূলি তেওঁৰ ঘৰৰ আগত ওলালগৈ, কিন্তু হাকিমৰ ঘৰৰ গাম্ভীৰ্য্য দেখি বেচেৰা ধোবাই ওচৰ চাপিবলৈ সাহ নকৰি আলিতে কিছুমান পৰ ৰই থাকি ঘৰলৈ উভতি গল।

 পছদিনাখন পঘাই টাঙোনে সৈতে আকৌ কছাৰি ঘৰলৈকে গল, কিন্তু আজি এটা নতুন বুধি উলিয়ালে!— পঘা গছ ভালকৈ মেৰিয়াই লই এখন হাতে মুঠি মাৰি ধৰি আৰু আনখন হাতে টাঙোন দাল লই হাকিমে মকৰ্দ্দমা লোৱা কোঠালিটোৰ এদাঁতিত ঠিয় হই থাকিলে। তাত ভালেমান আন আন মানুহ আছিল। সেই বাবে তালৈ কোনেও বিশেষকৈ চকু নিদিলে। এইদৰে ঠিয় হই থাকি সি হাকিমৰ মুখৰ ফাললৈ চাই থাকিবলৈ ধৰিলে। আৰু হাকিমে মকৰ্দ্দমা লই থাকি থাকি কেনেবাকৈ তাৰ ফাললৈ চালেই, সি লাহেকৈ হাত দুখন অলপ ওখলৈ তুলি তেওঁক পঘা আৰু টাঙোন দেখুৱাই একোটা টীপ মাৰি মিচিক মিচিক্ হাঁহিবলৈ ধৰিলে। হাকিমে কেবাবাৰো তাক এনে কৰা দেখিলে। কিন্তু নেদেখা ভাও জুৰি থাকিলে। তেওঁ

ভাবিলে “মানুহটো বলিয়া হবলা।”

[ ১৫ ]  এইদৰে ধোবাই দিনৌ কছাৰিলৈ গই হাকিমক পঘা আৰু টাঙোন দেখুৱাবলৈ ধৰিলে। হাকিমে বিস্ময় মানিলে কিন্তু মুখফুটি একোকে নকলে। তেওঁ ভাবিবলৈ ধৰিলে — “কি কথা? এই মানুহটো দিনৌ কছাৰিলৈ আহে কিয়? আৰু পঘা টাঙোন দেখুৱাই, মোৰ চকুলৈ চাই তেনে কৰে কিয়? ই বলিয়া নে কি? কি উপায় কৰা যায়? ইয়াক টেকেলা লগাই বাহিৰ কৰিলেও এই পঘা- টাঙোন দেখুৱাৰ কথাটো সকলোৰে আগত প্ৰকাশ হই পৰিব। বিশেষতঃ উকিল আৰু উকিলৰ মহৰীখনে উৰাই ঘূৰাই হাঁহিব। মই সকলোৰে উপহাসৰ পাত্ৰ হই পৰিম। কিন্তু সেই বুলি এনেটো অপমান দিনৌ সহি থাকিবও নোৱাৰি! সি এইদৰে পঘা-টাঙোন দেখুৱালে মোৰ ভাববিলাক আউল জাউল হই পৰে আৰু মই মকৰ্দ্দমালৈ সম্পূৰ্ণ মনোযোগ দিব নোৱাৰা হওঁ। ইয়াৰ এটা উপায় সোনকালে কৰিবই লাগিব। বাৰু তাক এদিন নিৰলে মাতি সোধা যাওক, সি কেলৈ দিনে তেনে কৰে’’ ইত্যাদি।

 তাৰ পাছদিনাখন সৌভাগ্যক্ৰমে সৰহ মকৰ্দ্দমা নথকাত হাকিমে সোনকালে আহৰি পালে, মকৰ্দ্দমা কৰা মানুহবিলাক তেওঁৰ কোঠাৰ পৰা গুচি গল। কিন্তু ধোবা নগল। সি এতিয়া এচুকে ঠিয় হই পঘা-টাঙোন ভালকৈ দেখুৱাই হাকিমলৈ বৰকৈ টিপিয়াবলৈ ধৰিলে। হাকিমৰ [ ১৬ ] বৰ খঙ উঠিল আৰু ধোবাক ওচৰলৈ আহিবলৈ কলে। “মোৰ গাধায় মোক এতিয়াহে চিনি পালে” বুলি ভাবি ধোবাই একে জাপে হাকিমৰ ওচৰ পালেগৈ। হাকিমে সুধিলে “তই কৰ মানুহ? দিনৌ কছাৰিলৈ আহি এনে কৰ কিয়?”

 ধোবাই কলে—“এ—আপুনি মোক চিনি পোৱা নাই? আপুনি আগৈয়ে গাধা আছিল নহয়?”—কিন্তু ইমানতে হাকিমে তাক আৰু তাইন কোনো কথা কবলৈ নিদিলে। কোনোবাই কৰবাত-কেনেবাকৈ শুনিব বুলি তাক “চুপ চুপ” বুলি মনে মনে থাকিবলৈ কলে। ধোবা মনে মনে থাকিল হাকিমে খকৰ মকৰকৈ তাক কলে, “তোৰ লগত এতিয়া মোৰ কথা হবৰ সময় নাই। আজি গধূলি তই মোৰ বঙলালৈ যাবি। তাত কথা হম।”

 ধোবাই ভাবিলে “নিশ্চয় ই মোৰ গাধাটোৱেই? মোক এতিয়া ভালকৈ চিনি পালে? লাজত ইয়াত সৈ নেকাঢ়িলে! মনে মনে সৈ কাঢ়িবলৈ ঘৰলৈ মাতিছে” ইয়াকে ভাবি সি তৎক্ষণাত হাকিমৰ বঙলালৈ যাবলৈ মান্তি হল। আৰু কছাৰি ঘৰৰ পৰা বাহিৰে বাহিৰে হাকিমৰ ঘৰৰ ফাললৈ যাবলৈ ধৰিলে।

 ধোবা গই গধুলি হাকিমৰ ঘৰ ওলালগৈ। সি যোৱা মাত্ৰে হাকিমে তাক এটা কোঠালিলৈ লই গৈ তাৰ লগত নিৰলে কথা পাতিবলৈ ধৰিলে। নানাৰূপে প্ৰশ্ন কৰি [ ১৭ ] তেওঁ ধোবাৰ পৰা গোটেই খিনি কথা উলিয়ালে। হাকিম জন বৰ উদাৰ আৰু দয়ালু প্ৰকৃতিৰ মানুহ আছিল। সকলো খিনি শুনি ধোবাৰ মূৰ্খামিলৈ চাই তেওঁৰ বৰ হাঁহি উঠিল আৰু তালৈ মৰম লাগিল। কিন্তু পণ্ডিতৰ ওপৰত তেওঁৰ বৰ খঙ উঠিল। তেওঁ ধোবক এ’শ ৰুপ দি তাক এইবোৰ কথা কতো নুলিয়াবলৈ কই বিদায় দিলে। ধোৰাই ৰুপ লই বিদায় হল। কিন্তু পেটে পেটে ভাবি গল ‘ই হেজাৰ কক, মই কেতিয়াও নপতিয়াওঁ। ই নিশ্চয় মোৰ গাধাটোৱেই, নহলে মোক ৰুপ দিব কিয়?” ইত্যাদি।

 ইয়াতে কোৱা উচিত যে হাকিম জন সৰুতে বৰ দুষ্ট আছিল। পঢ়া নোৱাৰা বাবে মাষ্টৰৰ হাতত তেওঁ বৰ মাৰ খাইছিল। সেই সময়ত স্কুলৰ সকলোৰে আগত তেওঁ “গাধা” নামে খ্যাত আছিল। সেই বাবেহে ধোবাই তেওঁৰ আগত “আপুনি আগৈয়ে গাধা আছিল নহয়” এই কথাষাৰ কোৱা মাত্ৰেই “চুপ চুপ” বুলি তাক তেওঁ মনে মনে থাকিবলৈ কৈছিল। তেওঁ ভাবিছিল “ই মোক সৰু কালত চিনি পোৱা কোনো মানুহ হব পায়।” ইয়াকে ভাবিহে তেওঁ নিৰলে কথা সুধিবলৈ ধোবাক ঘৰলৈ মাতি নিছিল।

 সি যি কি নহক ধোবাই কিন্তু ৰুপ শ’ দেখুৱাই সকলো মানুহৰ আগতে তাৰ গাধা হাকিমৰ ইতিবৃত্ত, দহ [ ১৮ ] গুণ জোৰাদি, কই কই যুহাই ফুৰিবলৈ ধৰিলে। আৰু মনৰ আনন্দত পণ্ডিত মহাশয়ক আকৌ ৰুপ একুৰি ভেটি দিলেগৈ। কাৰণ ধোবাৰ আৰু এতিয়া ৰুপৰ কোনো চিন্তা নাই; কিয়নো তাৰ গাধা হাকিম আছে নহয়!! যেতিয়াই ৰুপৰ দৰকাৰ হব তাৰ গাধা হাকিমৰ পৰা লই আহিবগৈ!!

 শেহত এনে হল যে সৰু সৰু লৰায়ো হাকিম জনক দেখিলে আঙুলিয়াই কবলৈ ধৰিলে “সোটো ধোবাৰ গাধা আছিল—এতিয়া হাকিম হইছে!!” ইত্যাদি।

 ক্ৰমে এইবোৰ কথা হাকিমৰ কান পালেগৈ। হাকিমে বৰ লাজ পাবলৈ ধৰিলে আৰু এইবিলাক কেলেঙ্কাৰী বন্ধ কৰিবৰ নানা উপায় চিন্তিবলৈ ধৰিলে। কিন্তু কেলেঙ্কাৰী বন্ধ কৰিবৰ তেওঁৰ আন সকলো উপায় বিফল হোৱাত অৱশেষত উপযুক্ত প্ৰমাণ সংগ্ৰহ কৰি পণ্ডিত আৰু ধোবাৰ ওপৰত ফৌজদাৰী মকৰ্দ্দমা কৰিব লগিয়াত পৰিল। পণ্ডিতৰ তিনি বছৰ আৰু ধোবাৰ এবছৰ ফাটেক হল। অলপ দিনৰ পাছতে কিবা এটা ছেলু লই হাকিম জনেও দৰ্খাস্ত দি অইন জিলালৈ বদলি হই গুচি গল।

⸺⸺

[ ১৯ ]

বুঢ়া বাপেকে নেগুৰ পিন্ধি নচা।

 এজন বুঢ়াৰ তিনটা পুতেক আছিল। পুতেক কিটা সচ্চৰিত্ৰ, পৰিশ্ৰমী আৰু বুদ্ধিমান লৰা আছিল। সিহঁতে নানা অসুবিধা ভোগ কৰিও বুদ্ধি আৰু পৰিশ্ৰমৰ বলত ভাল লেখা পঢ়া শিকি কালত ডাঙৰ ডাঙৰ কামত সোমাই বিয়া-বাৰু কৰাই সুখে বাস কৰিবলৈ ধৰিলে। এটা কথাৰ পৰা কিন্তু সিহঁতৰ মনত বৰ বেজাৰ। সেইটো কথা এই :—

 ৰথযাত্ৰাত বছৰি হনুমানৰ চং দিয়া লৰাকালৰে পৰা বাপেকৰ অভ্যাস আছিল। অৰ্থাৎ ৰথযাত্ৰাত তেওঁ হনুমানৰ সাজ এটা পিন্ধি, পাছ ফালে বৰ দীঘল নেগুৰ এদাল লগাই লই বান্দৰ হই, লম্ফঝম্ফ কৰি, নানা ভেক্‌চালি কৰি দেখুৱায় আৰু দেশৰ বুঢ়া-ডেকা-কেচুৱা সকলোৱে বুঢ়াৰ নেগুৰ টানি, গালৈ ধূলি বালি চেতিয়াই, তেওঁক জোকায় আৰু তেওঁ দেও দিবলৈ ধৰিলে সিহঁতে হাত চাপৰি বাই পাৰেমানে হাঁহে।

 পুতেকহঁত লৰা হই থকাকালত বুঢ়াই এনে কাত কোনেও আপত্তি কৰা নাছিল। কিন্তু সিহঁত ডেকা হলত বাপেকৰ এই কাণ্ডত সিহঁতে লাজ পাবলৈ ধৰিলে আৰু [ ২০ ] তেনে নকৰিবলৈ তেওঁক বহুত কাকুতি কৰিলে। কিন্তু পুতেকহঁতৰ সকলো কথা নিষ্ফল হইছিল। কাৰণ তেতিয়া বুঢ়াই পুতেকহঁতব কথাক কথা যেন বুলি নেভাবিছিল। কাজেই পুতেকহঁতে তেতিয়া লগৰীয়াবিলাকৰ নানা উপহাস সহি কোনো মতে দিন নিয়াব লগাত পৰিছিল।

 কিন্তু এতিয়া সিহঁতে পঢ়ি শুনি উঠি ধন ঘটি গোটেইটো পৰিয়ালকে পতিপাল দিছে। কাজেই বাপেক এতিয়া সিহঁতৰ হাতৰ মুঠিলৈ আহিছে। কাজেই এতিয়া সিহঁতে বাপেকৰ বলিয়ামি গুচাবৰ নিমিত্তে নানা চেষ্টা কবিবলৈ ধৰিলে। বুঢ়াই কিন্তু বান্দৰ হই নাচিবলৈ নেৰিলে। পুতেকহঁতে ইয়াত বৰ লাজ পাই বুঢ়াই চং দিয়া বন্ধ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হল আৰু নানা প্ৰকাৰে তেওঁক বুজাই কলে—

 “পিতা, আপুনি ভাল পায় দেখি বা পুণ্য হব বুলি ভাবি ৰথযাত্ৰাত হনুমানৰ চং দিয়ে। আমি কিন্তু আপোনাৰ এই কাৰ্য্য দ্বাৰা সমাজত বৰ লঘূ পৰোঁ। পিতৃ মাতৃৰ প্ৰতি পো-জীৰ বৰ ডাঙৰ কৰ্ত্তব্য আছে হয়, কিন্তু উপযুক্ত পো-জীৰ প্ৰতি যে পিতৃ মাতৃৰ একো কৰ্ত্তব্য নাই তেনে নহয়। আপোনাৰ মনত বেজাৰ লাগিবৰ ভয়ত কৰিবৰ মন গলেও ভালেমান কাম আমি নকৰাকৈ থাকোঁ৷ আপুনি এই দৰে চং ওলালে আমাৰ মনত বৰ বেজাৰ [ ২১ ] লাগে। আপুনি আমাৰ নিমিত্তে অলপ ত্যাগস্বীকাৰ কৰি ৰথযাত্ৰাত চং ওলোৱা বন্ধ কৰক। ধৰ্ম্ম উপাৰ্জ্জনৰ আন বহুত বাট আছে। আপুনি সেইবিলাক সজ বাটৰ অনুসৰণ কৰক। আমি কায়মনোবাক্যে : আপোনাৰ সহায়তা কৰি নিজক কৃতাৰ্থবোধ কৰিম। আপুনি যদি আমাৰ ইমান নিৰ্ব্বন্ধতো চং দিবলৈ নেৰে, তেনেহলে আমি এই দেশ এৰি দূৰৈ বিদেশত কাম লমগৈ। আপুনি আমাক দেখা নেপাব। আপোনাক আমি পোহপাল দিম কিন্তু আমাৰ ভক্তিশ্ৰদ্ধা আপুনি আৰু নেপাব।” ইত্যাদি।

 বুঢ়াই “আৰু চং নোলাওঁ বাৰু” বুলি মুখেৰে স্বীকাৰ কৰিলে কিন্তু পেটে পেটে “বছেৰেকৰ মুৰৰ চংটো নিদিয়াকৈ নো কেনেকৈ বাৰু?” বুলি সময়ত চং ওলাবলৈ ঠিক কৰি থলে!

 ৰথযাত্ৰাৰ দিন ওচৰ চাপিল। বুঢ়াৰ এটা নেগুৰ লগোৱা হনুমানৰ সাজ আছিল। বুঢ়াই কেবাবাৰো মুখেৰে ‘চং নোলাওঁ” বুলি কইও কাৰ্য্যত চং ওলোৱা প্ৰমাণ পুতেকইতে ইতিপূৰ্ব্বে হাতে হাতে পাই থইছিল। সেই দেখি সিহঁতে এইবাৰ বুঢ়াৰ কথাত সম্পূৰ্ণৰূপে পতিয়ন নগৈ সাজটো ভালকৈ লুকুৱাই থবৰ দিহা কৰিলে। সাজটো সদাই বুঢ়ীৰ পেৰাত থাকে; পুতেকহঁতে এইবাৰ সাজটো বুঢ়ীৰ হাতৰ পৰা লই, অন এটা পেৰাত ভালকৈ [ ২২ ] চাবি মাৰি থই, চাবি “ন-বোৱাৰীৰ’’ হাতত জমা দিলে আৰু বুঢ়াই কেনেবাকৈ সাজৰ বিচাৰ ললে “কব নোৱাৰোঁ” বুলি কবলৈ ঘৰৰ সকলোকে কই থলে।

 ক্ৰমে ৰথযাত্ৰা আহি পালেহি। ঢোলৰ ধুমধুমনিত, লৰাৰ কোঢ়ালত কানত খলক লগা হল। বুঢ়াৰ গাত তত্ নোহোৱা হল! পুতেকহঁত ৰাতিপুৱাই কামলৈ গইছিল “সিহঁতে গধূলি গধূলিহে আহি ঘব পাবহি। এই চেগতে মই সাজটো পিন্ধি দুটামান দেওদি আহি নিয়ম ৰক্ষা কৰি থলেনো কোনে জানিব খুইছে? সিহঁতে কামৰ পৰা আহি পায়হিমানে মই ঘূৰি আহিমেই” ইত্যাদি চিন্তা বুঢ়াৰ মনত খেলাবলৈ ধৰিলে! বুঢ়া থিৰেৰে থাকিব নোৱাৰা হল! একে জাপে বুঢ়ীৰ ওচৰ পালেগৈ। বুঢ়ীক সুধিলে “ও বুৰী, ও বুৰী, সাউৎ কৰে সাজটো উলিয়াই দেছোন। মই দেও দুটামান মাৰি থই আহি নিয়ম ৰক্ষা কৰি থওঁ”। বুঢ়ীয়ে সাজটোৰ কথা ‘কব নোৱাৰোঁ’ বুলি কোৱাত বুঢ়াই বুঢ়ীৰ ওপৰত মহা তৰ্জ্জন গৰ্জ্জন কৰিবলৈ ধৰিলে। আৰু বুঢ়ীৰ পৰা চাবি লই নিজে পেৰা মেলি চাই যেতিয়া সাজটো তাত নেপালে, তেতিয়া বুঢ়া বলিয়া যেন হল। বুঢ়ীক তৎক্ষণাৎ সাজ কত আছে উলিয়াই দিবলৈ কলে, নহলে ‘নাদত পৰি মৰিমগৈ’ বুলি নিজৰ চুলি নিজে চিঙিবলৈ ধৰিলে। বুঢ়ীয়ে ততমত, নেপাই সকলো কথা ভাঙি কই পেলালে। বুঢ়াই সাজৰ খবৰ পোৱা মাত্ৰকে [ ২৩ ] একে লৰে “ন-বোৱাৰীৰ’’ ওচৰ পালেগৈ। আৰু সাজটো উলিয়াই দিবলৈ “ন-বোৱাৰীক” নানা প্ৰকাৰে ফুচুলাবলৈ ধৰিলে;— “আয় মোৰ, সোনা মোৰ, পোহঁত নিমৰমীয়াল হল বুলি, তোহোঁতেও নিমৰমীয়াল হব পাৱনে? মইনো আৰু কেইটা দিন জীয়াই থাকিব খুইছোঁ হোঁ?” ইত্যাদি ইত্যাদি। বোৱাৰীয়েকে গিৰিয়েকৰ ভয়ত সাজটো দিবলৈ কোনোমতে মান্তি নোহোৱাত বুঢ়াই কলে, “বাৰু, সাজটো মোক দিব নেলাগে। কিন্তু দূৰৈৰ পৰা মোক এবাৰ দেখুৱা। তেনে হলেই হব। কোনো মতে বছেৰেকৰ নিয়মটো ৰলেই হল।” বোৱাৰীয়েকে বুঢ়াৰ কথা এৰাব নোৱাৰি আৰু বুঢ়াৰ কথাত পতিয়ন গই সাজটো উলিয়াই আনি দূৰৈৰ পৰা বুঢ়াক দেখুৱাবলৈ ধৰিলে। সাজটো দেখি বুঢ়াৰ গাত তৰণী নোহোৱা হল। কাবৌ কাকুতি কৰি “অলপ ছুই চাওঁ” বুলি সাজটো বোৱাৰীয়েকৰ হাতৰ পৰা ললে আৰু নিজৰ হাতলৈ অহা মাত্ৰকে “অলপ পিন্ধি চাওঁ” বুলি তাক পিন্ধিবলৈ ধৰিলে। বোৱাৰীয়েকে বৰকৈ ওজৰ কৰাত কলে, “মই সাজটো পিন্ধি বাহিবলৈ নেযাওঁ। বাহিৰলৈ গলেহে পোহঁতৰ লাজ। মই ঘৰৰ ভিতৰতে কেইটামান জাপ মাৰি সাজটো আকৌ সোলোকাই থই দিম।” সাজটো পিন্ধা হলত বুঢ়াই ঘৰৰ ভিতৰতে কেইটামান জাপ মাৰিলে। তাৰ পাছত “ঘৰৰ ভিতৰত ঠাই নিচেই ঠেক, চোতালত কেইটামান জাপ মাৰি লওঁ” [ ২৪ ] বুলি কই সাউৎ কৰে চোতাললৈ ওলাই গল। বুঢ়াক চোতাললৈ ওলাই যোৱা দেখি বোৱাৰীয়েকহঁতে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে আৰু সাজটো উলোটাই দিবলৈ কলে। কিন্তু বুঢ়াই চোতালত কেইটামান জাপ মাৰিয়েই “এতিয়াই আহিমগৈ” বুলি একে চাতেই ৰথৰ ফাললৈ লৰ মাৰিলে। বুঢ়ী আৰু বোৱাৰীয়েকহঁতে বুঢ়াক সাজটো পিন্ধিবলৈ দিয়াৰ ভুল বুজিব পাৰি পৰস্পৰ কোঢ়াল কৰিবলৈ ধৰিলে। আৰু বুঢ়াক কোনোমতে উলোটাই অনিবৰ নিমিত্তে মানুহ পঠিয়াই দিলে।

 বুঢ়াই কিন্তু ৰথৰ ঠাইত উপস্থিত হই পুতেকহঁতৰ কথা সম্পূৰ্ণৰূপে পাহৰি গল। তেওঁ আন আন বছৰৰ দৰে ভাও দেখুৱাবলৈ ধৰিলে। গাঁওৰ ডেকা-বুঢ়া-লৰা সকলোৱে বুঢ়াক পাই, আগৰ দৰে নানা চুপটি কৰি, হাত চাপৰি বাই হাঁহিবলৈ ধৰিলে। বুঢ়াক কোনেও উলোটাই আনিব নোৱাৰিলে।

 ক্ৰমে গধূলি হল। তিনোটা পুতেক কামৰ পৰা উভতি আহিছে। সিহঁতে আলচি আহিছে “এইবাৰ সাজটো লুকুৱাই থই আমি বৰ ভাল কৰিলোঁ। সাজটো নেপালে বুঢ়াই কেতিয়াও চং ওলাব নোৱাৰে। চং দিবলৈ নেপাই পিতাই চাকৈ আজি বেজাৰ মনেৰে বহি আছে। আমি আজি নানা প্ৰকাৰে তেওঁৰ মন ভাল লগাবলৈ চেষ্টা কৰিব লাগিব।”

[ ২৫ ]  এই দৰে আলচি বিলচি সিহঁত ৰথৰ ওচৰ পাওঁ পাওঁ হলহি৷ কাৰণ সিহঁতৰ ঘৰলৈ যোৱা আলিৰ দাতিত ৰথৰ ঠাই। দূৰৈৰে পৰা সিহঁতে দেখিলে আজিও কোনোবাই হনুমানৰ চং দিছে। সিহঁতে ভাবিলে অজি বাপেক নহাত তেওঁৰ সলনি অইন কোনোবাই হনুমান হইছে হব পায়। কিন্তু ওচৰ চাপিলত সিহঁতে সাজটো তৎক্ষণাৎ চিনি পালে আৰু অবাক হল। কিন্তু অইন কোনোবাই চং দিবলৈ সাজটো ধাৰ লৈ আনিছে বুলি ভাবি নিশ্চিন্ত হই আগবাঢ়িবলৈ ধৰিলে। ওচৰ চাপি কিন্তু যি দেখিলে তাত সিহঁত লাজত মৰা যেন হল। কি আচৰিত! সিহঁতৰ বাপেকেই চং দিছে হয়!! লৰাবিলাকৰ কোনোটোৱে বুঢ়াৰ নেগুৰ টানিছে! কোনোটোয়ে তেওঁৰ গালৈ দলি মাৰিছে! সকলোৱে বুঢ়াৰ ভাওত পাৰেমানে চিঞৰিছে আৰু হাঁহিছে!! বুঢ়াই তাই উৎসাহিত হই আৰু দেওদি দেওদি নানা প্ৰকাৰ ভেকচালি দেখুৱাইছে! পুতেক কিটাক দেখি জুমৰ মানুহবিলাকে আৰু হাঁহিবলৈ ধৰিলে। সিহঁতে সেই ফাললৈ চকু নিদি লৰালৰিকৈ ঘৰৰ ফাললৈ বেগ দিলে। সিহঁতে ঘৰ পাই সকলো বৃত্তান্ত শুনি কপাল খুন্দিয়াই খুন্দিয়াই বেজাৰ কৰিবলৈ ধৰিলে।

 পুতেক কিটা সচাকৈয়ে দেশত্যাগী হইছিল নে নাই হোৱা কব নোৱাৰোঁ। কিন্তু এইষাৰ কথা কব পাৰোঁ যে, ভালেমান দিনলৈকে সেই ঘৰ মানুহৰ ভাতৰ চৰুৰ তললৈ [ ২৬ ] জুই যোৱা নাছিল। বুঢ়াই ক্ষন্তেকলৈ চং দি যি ৰঙ পাইছিল, পুতেকহঁতৰ শ্ৰদ্ধা ভক্তি জনমলৈকে হেৰুৱাই তাৰ সহস্ৰ যোখ অনুতাপ কৰিব লগাত পৰিছিল৷ বুঢ়াই অৱশ্যে এইবাৰৰ পৰা চং দিয়া অভ্যাস সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিছিল।

⸺⸺

কাবুলী সাধু।

 কাবুল এখন মছলমান ৰাজ্য। ইয়াৰ ৰজাক “আমীৰ” বোলে।

 এসময়ত এজন বৰ মৰমীয়াল প্ৰজাহিতৈষী “আমীৰে” কাবুলত ৰাজত্ব কৰিছিল। তেওঁ প্ৰজাৰ অৱস্থা নিজ- চকুৰে চাই বুজিবৰ নিমিত্তে, কেতিয়াবা কেতিয়াবা অচিনাকী ভাৱেৰে ৰাজ্যৰ ভিতৰত ফুৰাচকা কৰিছিল। এবাৰ তেওঁ এইদৰে ভেখ্‌চন্‌কৈ ফুৰোঁতে এজাক “নোমেড্‌” জাতীয় মানুহ লগ পালে। এই জাতীয় মানুহৰ কোনো নিৰ্দিষ্ট ঘৰ বাৰী নেথাকে। ইহঁতে উট পোহে আৰু লৰাই দামৰীয়ে বস্তুৱে বাহনীয়ে উটৰ ওপৰত উঠি দেশে দেশে ফুৰি ফুৰে। ইহঁতে সামান্য সামান্য বস্তুৰ বেহা কৰি আৰু নানা প্ৰকাৰ ফাঁকিফুকা কৰি পেট মোকোলায়। [ ২৭ ] যতে ৰাতি হয় তাতে উটৰ পিঠিৰ পৰা সৰু সৰু তাম্বু নমাই তাক খটাই, তাৰ ভিতৰত বা মুকলি ঠাইতে ৰাতিটো কটায়।

 ঘটনাক্ৰমে এই মানুহ জাকৰ লগে লগে ভালেমান দূৰলৈকে আমীৰ মহোদয় একেটা বাটেদি যাব লগিয়াত পৰিছিল। এইদৰে গই থাকোতে থাকোঁতে তেখেতে দেখিবলৈ পালে যে মানুহ জাকৰ ভিতৰৰ গা-ভাৰী মানুহ এজনীৰ হঠাৎ প্ৰসৱ বেদনা উপস্থিত হল। আৰু তাইক ততালিকে উটৰ পিঠিৰ পৰা নমাই, এজোপা গছৰ তলত বহুৱাই কাপোৰেৰে আঁৰ তৰি দিয়া হল। মাইকী মানুহজনীয়ে তাতে লৰা পালে আৰু অলপ সময়ৰ পাছত লৰাই সৈতে আকৌ উটৰ পিঠিত উঠি জাকৰ মানুহৰ লগত পূৰ্ব্বৰ দৰে যাবলৈ ধৰিলে।

 আমীৰ মহোদয় তধা লাগি ৰল! তেওঁ লগত লই যোৱা ছদ্মবেশী মন্ত্ৰীজনক কলে— “মন্ত্ৰি, দেখিলানে? কি আচৰিত কথা! আমাৰ আন্তঃপুৰৰ তিৰোতাবিলাকৰ গা-ভাৰী হলে, সিহঁতক কত যত্ন কৰা হয়। কেনেবাকৈ অসুখ হবৰ ভয়ত ৰদ বা বৰষুণত বাহিৰ হবলৈ দিয়া নেযায়। সদাই আঁতৰ গোলাপেৰে তেনেই বুৰাই থোৱা হয়। তেও সিহঁতৰ দিনে ৰাতিয়ে একোটা অসুখ লাগিয়েই থাকে। লৰা পালে তো কথাই নাই! কত কি জাল খুৱাব লাগে৷ ইমান যত্ন কৰা হয় তেও কেবামাহলৈকে গা টঙাবই [ ২৮ ] নোৱাৰে। কিন্তু এই শোৱা-খোৱাৰ ঠিকনা নথকা মাইকী মানুহজনীয়ে চকুৰ আগতে চাই থাকোঁতে থাকোঁতে লৰাও পালে উটৰ ওপৰত উঠি আকৌ গুচিও গল!! আমাৰ তিৰোতাবিলাক আৰু এই মাইকী মানুহজনীৰ ভিতৰত অৱস্থাৰ ইমান পাৰ্থক্য ঘটিল কেনেকৈ?

 মন্ত্ৰী—“মহাৰাজ, আমাৰ তিৰোতাবিলাক সুখীয়া। কথাতে কয় বোলে— ‘সুখীয়াৰ নাৰী, ফুটে ধান সুঙে, মৰে আতাহ পাৰি।’ সেই দেখি সিহঁতৰ অৱস্থা তেনে। এই মানুহজনীক অৱস্থাৰ তিৰোতাবিলাক কিন্তু বৰ পৰিশ্ৰমী। ইহঁতে ক্ষন্তেকলৈকো এলেহুৱা হই থাকিবলৈ নেপায়। সেইবাবে ইহঁতৰ স্বাস্থ্য ইমান ভাল।”

 আমীৰ—“ঠিক কথা! আমাৰ তিৰোতাবিলাককো পৰিশ্ৰমী কৰা উচিত। মই কালিৰ পৰা মোৰ ঘৰৰ সকলো চাকৰ চাকৰণী গুচাই দিম। আৰু আঁতৰ গোলাপ লোৱা একেবাৰে বন্ধ কৰি দিম। আমি আমাৰ তিৰোতা- বিলাকক সুখীয়া কৰাত বৰ বেয়া হইছে।”

 আমীৰ মহোদয়ৰ যেনে কথা তেনে কাম। তেখেতে ঘৰ পাই পাছদিনাখনৰ পৰা নিজ অন্তঃপুৰৰ সকলো চাকৰ চাকৰণীক বিদায় দিলে আৰু ৰাণী, ৰাজকুৱঁৰী সকলোকে নিজৰ কাম নিজে কৰি লবলৈ হুকুম কৰিলে। পাত্ৰ মিত্ৰ সকলেও ৰজাৰ অনুকৰণ কৰি নিজ নিজ ঘৰৰ চাকৰ চাকৰণীবিলাকক বিদায় দিলে। অন্দৰমহলবিলাকত হুলস্থূল [ ২৯ ] লাগি গল। নিজৰ ভাত নিজে ৰান্ধিব লগিয়া হোৱাত আৰু নিজৰ কাপোৰ নিজে ধুই লব লগাত পৰাত কুৱঁৰীবিলাকৰ নথৈ দুৰ্দ্দশা হল। ভাত ৰাধোঁতে কাৰাবাৰ হাত পুৰিল, কাৰাবাৰ বা ভৰি পুৰিল। কোনোৱে বা বেমাৰেই পৰিলে ইত্যাদি। ৰাণী, ৰাজকুৱঁৰী সকলে নিজ নিজ দুখ বিনাই আকৌ চাকৰ চাকৰণী ৰাখিবলৈ ৰজাক বহুত কাবৌ কাকুতি কৰিলে। কিন্তু সকলো মিছা হল। কুৱঁৰী সকলক পৰিশ্ৰমী কৰা ৰূপ মহৎ উদ্দেশ্যৰ পৰা ৰজা কোনো মতেই ভ্ৰষ্ট নহল।

 ৰজাৰ আন্তঃপুৰত এগৰাকী লাগী কুৱঁৰী আছিল। কাবৌ কাকুতি সকলো বৃথা হোৱা দেখি তেওঁ আন এটা উপায় উলিৱালে। ৰজাই অন্তঃপুৰৰ সকলো চাকৰ চাকৰণীক বিদায় দিছিল হয়, কিন্তু নিজৰ ফুলনীবাৰীৰ মালীটোক বিদায় দিয়া নাছিল। মালীয়ে বাগিচাৰ ফুলগছ “মেওৱা’’ গছ ইত্যাদিৰ গুৰিত ৰীতি মতে আগৰ দৰে মাটী চলাই দিবলৈ আৰু পুৱা গধূলি পানী দিবলৈ এৰা নাছিল। ৰাজকুৱঁৰীয়ে এই কথা বুজ পাই মালীক তৎক্ষণাৎ মতাই অনালে আৰু গছবিলাকৰ গুৰিত পুৱা গধূলি পানি দুনি দিবলৈ মনা কৰিলে। লাগী কুৱঁৰীৰ হুকুম বুলি মালীয়ে কোনো প্ৰতিবাদ কৰিবলৈ সাহ নকৰিলে আৰু হুকুম মতে কাৰ্য্য কৰিবলৈ মান্তি হল।

 পানি দুনি দিবলৈ বন্ধ কৰাৰ অলপ দিনৰ পাছতে [ ৩০ ] গছবোৰৰ তেজ আগতকৈ বহুত কমি আহিবলৈ ধৰিলে আৰু ক্ৰমে দুই চাৰি জুপীকৈ জঁয় পৰি শুকাই যাবলৈ ধৰিলে। ফুলনীৰ শোভা বহুত নষ্ট পালে। আমীৰ মহোদয়ে এদিন এই বিষয়ে লক্ষ্য কৰিলে আৰু তৎক্ষণাৎ মালীক মতাই আনি কাৰণ সোধিলে। মালীয়ে ৰাজকুৱঁৰীয়ে হুকুম দিয়াৰ কথা সকলো ভাঙি কলে।

 আমীৰৰ বৰ খঙ উঠিল আৰু ৰাজকুৱঁৰীক মতাই আনি তেনে হুকুম দিয়াৰ বাবে বহুত দাবি দিলে। ৰাজকুৱঁৰীয়ে হাতজোৰকৈ কলে—“মহাৰাজ, হাবিত বহুত ফুলগছ “মেওৱা” গছ থাকে। সেইবোৰ কেৱল বৰষুণৰ পানী পাইয়েই বৰ বৰ একো জোপা হয়। সেইবোৰ গছৰ ফল ফুলও ভাল হয়। আমাৰ বাগিচাৰ গছবিলাকক ইমনি যত্ন কৰা যায় তেও ইহঁত হাবিৰ গছৰ দৰে তেজাল আৰু ডাঙৰ নহয়। জানোচা দিনৌ পুৱা গধূলি পানি দিয়াৰ পৰাই বা ইহঁত তেজাল নহয়, ইয়াকে ভাবি, মই অলপ দিন ইহঁতৰ গুৰিত পানী নিদিয়াকৈ ৰাখি চাব খুইছিলোঁ। কিন্তু এতিয়া বুজিলোঁ পানী নিদিয়াৰ পৰা অপকাৰহে। এতিয়াৰ পৰা আকৌ পুৱা গধূলি পানী দিয়া যাব।”

 ৰজা—“কি মূৰ্খ! হাবিৰ গছে পুলিৰে পৰা পানী নোপোৱাকৈ ডাঙৰ হইছে। সেইবোৰ গছে আৰু ফুলনীৰ গছে সমান হব কেনেকৈ?— ফুলনীৰ গছ পুলিৰে পৰা সাৰ [ ৩১ ] পানী দি দি তোলা হইছে। যেনে অৱস্থাত যি উঠিছে, তেনে অৱস্থাহে তাৰ নিমিত্তে ভাল। ফুলনীৰ গছবিলাকত পুলিৰে পৰা পানী নিদিয়াহেতেন, এতিয়াও দিব নেলাগিলহেতেন। কিন্তু হঠাৎ পানী দিয়া বন্ধ কৰিলে গছ মৰিবই মৰিব। মাইকী মানুহবিলাকৰ সমূলি বুদ্ধি নাই।

 কুৱঁৰী—“মহাৰাজ, বান্দীৰ অপৰাধ মাৰ্জ্জনা কৰিব। কিন্তু যদি সেইয়ে হয়, তেন্তে আমিনো কেনেকৈ, একে দিনাই “নোমেড্” তিৰোতবিলাকৰ দৰে ঘোৰ পৰিশ্ৰমী হব পাৰোঁ? “আমাক জানো সৰুৰে পৰা পৰিশ্ৰম কৰিবলৈ নিদি সুখীয়া কৰা হোৱা নাই? সুখীয়া হোৱা বেয়া। কিন্তু আমাক একে দিনাই পৰিশ্ৰমী কৰি পেলাব খুজিলে আমাৰ দশা ঠিক ফুলনীৰ পানী-নিদিয়া গছবিলাকৰ নিচিনা নহবনে?”

 ৰজাই কথাটো ঠিক বুলি মানিলে আৰু সেই দিনাৰ পৰা আকৌ চাকৰ চাকৰণী নিযুক্ত কৰি দিলে। কিন্তু লগে লগে কুৱঁৰীবিলাকে ক্ৰমে পৰিশ্ৰমী হবৰ সুবন্দোবস্তও কৰিলে।

⸻⸺

[ ৩২ ]
 

পঞ্জাবী সাধু।

 পঞ্জাব দেশৰ কোনো এখন গাঁওৰ এজন খেতিয়কৰ দুজনী ঘৈনীয়েক আছিল। বৰজনীৰ পুতেক এটা আৰু সৰুজনীৰ পুতেক দুটা। বৰজনী বৰ বুদ্ধিমতী তিৰোতা; কিন্তু সৰুজনী নিচেই ভোদা আৰু হিংসাকুৰীয়া স্বভাৱৰ মাইকী। হঠাৎ এদিন মাউৰত পৰি খেতিয়ক মৰিল। অইন কোনো আপোন মানুহ নথকাত তিনটা সৰু সৰু লৰাৰে ঘৈণীয়েক কিজনী বৰ বিপদত পৰিল। কিন্তু বৰজনীয়ে নানা বুদ্ধিৰে চলাই কৰাই ঘৰ গোটেইটোকে আগৰ দৰে পোহপাল দিবলৈ ধৰিলে; কিন্তু বিধিয়ে ইয়াকো সহিব নোৱাৰিলে। এদিন বৰজনীও মাউৰত পৰি ঢুকাল। মৰিবৰ আগৈয়ে কিন্তু তাই সৰুজনীক মাটী-বাৰি চলাই খোৱা সম্বন্ধে বহুত উপদেশ দিলে। আৰু শেষত মৃত্যু নিচেই ওচৰ চপা দেখি সকলোৰে পৰা বিদায় লই নিজৰ পুতেকক সৰুজনী সতিনীয়েকৰ হাতত গতাই দি কলে, “ভনিটী, মোৰ লৰাটী তোমাৰ হাতত দিলোঁ। আজিৰ পৰা তুমিয়েই ইয়াৰ মাক। আশা কৰোঁ তুমি ইয়াক নিজৰ পো যেন দেখিবাঁ আৰু মৰণ কালৰ মোৰ বিশেষ কাকুতি এই যে, ইয়াক তুমি সদাই নিকটৰীয়া বাহি [ ৩৩ ] ভাত খাবলৈ দিবা৷ মাছ, মাংস, ঘিঁউ ইত্যাদি ভাল বস্তু ইয়াক কেতিয়াও খাবলৈ নিদিবা। ইয়াক কেতিয়াও স্কুলত নিদিবাঁ আৰু য’ত ভাল ভাল মানুহ গোটখাই মেল বা আলচ পাতে, তেনে ঠাইলৈ কেতিয়াও নপঠিয়াবাঁ। সদাই ঘৰতে বন্ধকৈ থবাঁ। চোতালৰ বাজ হব নিদিবাঁ। মোৰ এই কিটা খাটনী যদি তুমি ৰাখিম বুলি কোৱাঁ, তেনে হলে মই সুখেৰে মৰিব পাৰোঁ।” সতিনীয়েকে খাটনী কিটা ৰাখিবলৈ তৎক্ষণাৎ মান্তি হল। সিজনীয়েও অলপ পৰ পাছতে চিৰকাললৈ চকু মুদিলে৷

 পূৰ্ব্বেই আমি কই থইছোঁ যে বৰজনী বৰ টেঙৰ তিৰোতা আছিল। তাই সৰুজনী সতিনীয়েকৰ স্বভাৱ বিশেষৰূপে জানিছিল। সৰুজনীয়ে যে তাইৰ পুতেকক সমূলি দেখিব নোৱাৰে আৰু তাই যিটো কৰিবলৈ কয়, তাৰ সম্পূৰ্ণ বিপৰীতে কাৰ্য্য কৰিবলৈ ভাল পায়, সেইটো তাই বিশেষকৈ বুজিছিল। সেই বাবে, তাইৰ মৃত্যুৰ পাছতো পুতেকে ভাল খাবলৈ আৰু শিকিবলৈ পোৱাৰ বুধি পাতিহে ভাই সতিনীয়েকক মৰিবৰ সময়ত ওপৰত কোৱা দৰে কই গইছিল। আৰু তাইৰ বুধি ফলিয়ালেও।

 সৰুজনীয়ে মৰা-সতিনীয়েকে কই যোৱা কথা কিআষাৰৰ বিষয়ে বৰকৈ ভাবিবলৈ ধৰিলে আৰু পেটে পেটে কলে—“মোৰ সতিনী বৰ টেঙৰী আছিল। বুধিত তাইক জিকিব পৰা তিৰোতা আমাৰ এই খণ্ডৰ ভিতৰত কোনো [ ৩৪ ] নাছিল। বাহি ভাত খুউৱা আৰু ঘৰত বন্ধকৈ থোৱাটো বেয়া হোৱা হেতেন তাই নিজৰ পুতেকলৈ তেনে দিহা কৰিবলৈ মোক কেতিয়াও ক’ই থ’ই নগলহেতেন। এনে কৰিলে লৰাছোৱালীৰ বৰ, কিবা এটা উপকাৰ হয় হবলা। সেই বাবে তাই নিজৰ পুতেকৰ ভালৰ নিমিত্তে তেনে দিহা দি থই গইছে। মোৰ পো-কিটাৰ নিমিত্তে হলে তেনে দিহা দি নগল! তাই ভাবিছে মই তাই-দিয়া দিহা মতে চলি তাইৰ পুতেকৰ উপকাৰ কৰিম। সেইটো কিন্তু মই কেতিয়াও নকৰোঁ। মই মাকচনি মোৰ নিজ পো-কিটাৰ নিমিত্তেহে এই দিহা কৰিম। তাইৰটোক মাকচনি সদাই গৰম ভাত খুৱাই স্কুললৈ পঠিয়াই ক্ৰমে হঁতশিৰিলৈ পঠিয়াম। তাইনো এতিয়া কিবা ঘুৰি আকৌ চাবলৈ আহিবনে?”

 এই দৰে আলচি, তাই সতিনীয়েকৰ পুতেকক সদাই গৰম ভাত মাছ খুৱাবলৈ ধৰিলে আৰু স্কুলত তাৰ নাম লগাই দিয়ালে। ওচৰত কেনিবা ভাল মানুহৰ কোনো মিটিং বা বক্তৃতা ইত্যাদি হোৱা বাতৰি পালেই তাক তালৈ যাবলৈ বাধ্য কৰিবলৈ ধৰিলে। অলৈ তলৈ যাব লগিয়া হলেও তাকেহে পঠিয়াবলৈ ধৰিলে! স্কুললৈ বা বক্তৃতা শুনিবলৈ সি কেনেবাকৈ নোযোৱাকৈ থাকিলে তাক উগ্ৰ শাস্তি দিবলৈ ধৰিলে। কিন্তু নিজৰ পুতেক-কিটাক ভাল কৰিবৰ মনেৰে সিহঁতক কেহানিও চোতালৰ বাজ হবলৈ [ ৩৫ ] নিদিয়াকৈ ৰাখিলে!! আৰু সিহঁতে বাহি-পঁইতাৰ বাহিৰে গৰম ভাত চকুৰে কেতিয়াও নেদেখা হল!

 মেলে দোৱানে সদাই অহাযোৱা কৰি থকাৰ ফলস্বৰূপে সতিনীয়েকৰ লৰাটো অলপ দিনৰ ভিতৰতে বৰ টেঙৰ, কথকী আৰু সকলো কামতে পকা হই উঠিল। কিন্তু তাইৰ নিজৰ লৰা কিটা ভোদা, হোজা আৰু চহা হই থাকিল।

 ডাঙৰ হলত সতিনীয়েকৰ পুতেকটো গাঁওৰ ভিতৰত এটা মুখীল মানুহ হই উঠিল। সি নেথাকিলে, মেল সবাহ, বা বিয়া গপ্‌গপীয়া নোহোৱা হল। কাৰাবাৰ কিবা মকৰ্দ্দমা লাগিলে, কাৰাৰাব লগত কোনোবাৰ দন্দ, লাগিলে বা কোনো এটা বিষয়ে পৰামৰ্শ লব লগা হলে বা বুধি সুধিব লাগিলে, সকলোৱে পোনেই তাৰ ওচৰ পায়হি। সি গাঁওৰ সকলোৰে পৰা সকলো ঠাইতে মন পাবলৈ ধৰিলে। মুঠতে সি গাঁওখনৰ ভিতৰত এজন ক্ষমতাবান মানুহ হই পৰিল।

 সি ঘৰৰ কাম-বন কৰিবলৈ এফেৰিকে আহৰি নেপায় —মেল সোধি ফুৰোঁতেই যায়। কিন্তু সেই বুলি তাৰ কাম পৰি নেথাকে। যাকে দি কোনো এটা কাম কৰি দিবলৈ পাচে, সেয়েই নিজৰ দহ বন কাতি কৰি হলেও তাৰ কামটো কৰি দিবই। তাৰ ঘৰৰ গৰু চাই যদি কেনেবাকৈ অইন গৰুৰ লগত বাট পাহৰি কেনিবা যাব [ ৩৬ ] খোজে বা যায়গৈ, তেন্তে গাঁৱৰ এটা নহয় এটা মানুহে তাক দেখিবই দেখিব আৰু আগুচি আনি তাৰ ঘৰত দি থই যবহি। তাৰ গৰুয়ে যদি কাৰাবাৰ ধান খায় বা কঠীয়া নষ্ট কৰে তেনে গিৰিহঁতে তাক ফাটেকত দিয়ক ছাৰি খেদাই আনি তাৰ ঘৰত দি থই যায়হি। চোৰে লোকৰ বাৰীৰ বাঁহকে কাটি ধুকুয়ায় কিন্তু তাৰ বাৰীৰ জেংখৰি এডালকে নেটানে। লোকে ৰুৱণী দাৱনী পয়ছা দি বিচাৰি ফুৰিলেও নেপায়, সি কিন্তু এজনী ৰুৱণী বিচাৰিলে দহজনী ওলায়হি; আৰু তামোল এখন বা জলপান এটাৰ লগতে দিনটো খাটি দি যায়! পয়ছা দিলেও লব নোখোজে! লোকৰ পথাৰৰ ন-জেওৰা পথাৰতে নাইকিয়া হয়; তাৰ পথাৰত এবছৰ জেওৰা দিলে, আকৌ ঘুৰি কেবা বছৰলৈকে দিব নেলাগে। জেওৰা পচি, ভাগি, পৰি থাকিব তেও কোনেও তাক লুৰি নিবলৈ সাহ নকৰে।

 আচল কথা, তাৰ ঘৰখন ভাতে-ভৰালে অতি ভালৰূপে চলিবলৈ ধৰিলে। আৰু মাহীয়েক ভায়েকহঁত সকলোৰে অতি সুখেৰে দিন যাবলৈ ধৰিলে। মাহীয়েকে কিন্তু এতিয়া বুজিলে যে তাইৰ সতিনীয়েকে মৰিবৰ সময়ত বৰ টেঙৰালি কৰি থই গল। তাই এতিয়া বুজিব পাৰিলে যে সতিনীয়েকৰ পুতেকৰ বেয়া কৰিবলৈ গই তাই তাৰ পৰম উপকাৰহে সাধিলে। আৰু নিজৰ পুতেক-কিটাৰ [ ৩৭ ] ভাল কৰিবলৈ গই তাই সিহঁতৰ মূৰহে খালে! কিন্তু তাত তাইৰ কোনো বেজাৰ নহল। কিয়নো সতিনীয়েকৰ পুতেক বৰ সাধু প্ৰকৃতিৰ লৰা আছিল আৰু তাইক আৰু তাইৰ পুতেক কিটাক সি নিজৰ গৰ্ভধাৰিণী মাতৃ আৰু সহোদৰ ভাই যেন জ্ঞান কৰিছিল। তাহাতৰ লগত ব্যৱহাৰও সি তেনেদৰে কৰিছিল। বিশেষতঃ ঘৰখন এই সতিনীয়েকৰ পুতেকৰ প্ৰভাৱত অতি সুকলমে চলাত তাই বহুত চিন্তাৰ হাত সাৰিবলৈ পাই তাক আৰু পৰ-জ্ঞান কৰিবলৈ সম্পূৰ্ণৰূপে পাহৰিছিল।

 তাইৰ পুতেক কিটাৰ কিন্তু মত ভিন্‌ হল। সিহঁতে এদিন মাকক মনে মনে কলে, “আই, আমাক লেখাপঢ়া নিশিকাই তই আমাৰ মূৰ খালি। মাহীৰ পুতেকক হলে তই লেখাপঢ়া শিকাই চাৰো ফালে পকা কৰিলি। এতিয়া সি দিনটো বাবু হই মেলকেহে সোধি ফুৰে। ঘৰৰ কুটা এগছ দোডোখৰ নকৰে। আমি হলে দিনটো হাল কোৰ বাই, গৰু গাই আগুচি মৰোঁ। আমি ঘটি দিও সি বাবু হই বহি খায়। আমি জানিবা চাকৰ, সি জানিবা ঘৰৰ গিৰিহঁতটো! আকৌ আমাৰ ওপৰতে কেতিয়াবা কেতিয়াবা দপদপাই দেখুৱায়। আমি তাক কিয় বহুবাই খুৱাম? আকৌ গাঁওৰ মানুহবোেৰও এনে মূৰ্খ! কোনো কথা সুধিব লাগিলে এটায়ে তাকেহে বিচাৰে। আমাক নোপোছেই। সি জীৰাই থাকে মানে আমাক মানুহে মানুহ বুলি গণ্য [ ৩৮ ] নকৰে। অতএব তাক আমি আজি ৰাতি মাৰি পেলাব খুইছোঁ। তই কি কওৱ?”

 পুতেকহঁত যে কিমান একোটা হস্তী-মূৰ্খ হইছে, তাক বুজিবলৈ আৰু মাকৰ অকনো বাকি নেথাকিল। কিন্তু সিহঁতক সুশিক্ষা নিদিয়াৰ বাবে নিজেই জগৰীয়া বিবেচনা কৰি, মুখেৰে কোনো টান মতি নেমাতি কলে—“বাৰু সি মৰিলে, তোহোতে ঘৰখন চলাব পাৰিবি জানো?” পুতেকহঁতে গুঁজৰি উঠি কলে, “পাৰিমতো! কিয় নোৱাৰিম? এতিয়ানো কোনে চলাইছে?”

 মাক—“বাৰু, তোহোঁতে তাক মাৰি পেলাব নেলাগে। তাক মইয়েই মাৰি পেলাম। তোহোঁতে যি দৰে মাৰিব খুইছ, সেই দৰে মাৰিলে ঘৰঘৰোৱালৰে ফাঁছি হব। তাক বুধিৰে বেমাৰ পেলাই মাৰিম। এতিয়া তোহোঁতে ঘৰখন চলাব পাৰিলেই হয়।”

 পাছদিনা সতিনীয়েকৰ পুতেকে দুপৰীয়া ভাত-পানি খাই উঠি শুই আছিল। তাৰ যেতিয়া ঘোৰ তোপনি আহিল, তেতিয়া মাহীয়েকে হঠাৎ তাৰ বিছনাৰ ওচৰত চিঞৰি চিঞৰি বুক চপৰিয়াই কান্দিবলৈ ধৰিলে। সি তোপনিৰ পৰা চক্‌-মক্ খাই উঠি, কাৰণ সুধিলত কলে— “বোপাই, তই তোপনিত থাকোঁতে মুখ মেলি আছিলি। কৰবাৰ পৰা নীচেই পাতল, দীঘল, কলা, চুলি-সাপ এডাল আহি তোৰ মুখেদি পেটৰ ভিতৰলৈ সোমাই গল! মই [ ৩৯ ] দূৰৈৰ পৰা দেখি নেগুৰত ধৰি টানি উলিয়াবলৈ লৰি আহিছিলোঁ, কিন্তু মই আহি পাঁওহি মানে সি পেট পালেগৈয়ে!! মই সেই বাবে কান্দিছোঁ। ঈশ্বৰে কি অমঙ্গল ঘটাবলৈ এনে কৰিলে, কোনে জানে?”

 মাহীয়েকৰ কথা সি সঁচা বুলি পতিয়ালে আৰু কলে, “মাহী, হয় যে হয়! মই পেটটো গধূৰ গধূৰ পাইছোঁ৷ কি উপায় কৰোঁ?”

 মাহীয়েক— “তই, বোপাই, একো চিন্তা নকৰিবি। মই ভাল বেজ অনাই, মন্ত্ৰ মৰাই, সাপটো উলিয়াইহে এৰিম।”

 সতিনীয়েকৰ পুতেক কিন্তু সেই দিনা খনৰে পৰা নৰীয়া পৰিল। ভাত-পানি খাব নোৱাৰা হল! দিনে নতুন নতুন বেজ কবিৰাজ অহি নানা প্ৰকাৰে তাৰ চিকিৎসা কৰিবলৈ ধৰিলে, কিন্তু কোনেও পেটৰ সাপ উলিয়াব নোৱাৰিলে। সি বেমাৰত পৰাত প্ৰথমে প্ৰথমে মাত লগাবলৈ, চাবলৈ, দিহা পোহা দিবলৈ, তাৰ ঘৰলৈ মানুহ সো-সোৱাবলৈ ধৰিলে। কাৰণ সকলোৱে ভাবিছিল, “বেমাৰ পৰিছে, আকৌ ভাল হব। বেমাৰৰ সময়ত মাত একেষাৰ লগাই নথলে গলৈ কবলৈ মুখ নথকা হব।”

 প্ৰথমে প্ৰথমে ঘৰখনও কোনো অসুবিধা নোহোৱাকৈ আগৰ দৰেই চলিছিল। কিন্তু যেতিয়া দেখা গল বেমাৰ ক্ৰমে টান হই আহিলে তাৰ আৰু উঠিবৰ শক্তি নোহোৱা [ ৪০ ] হল—মৃত্যু নিশ্চয়—তেতিয়া তাক চাবলৈ, তাৰ ঘৰলৈ আৰু কোনো নহা হল! তেতিয়া তাৰ পথাৰৰ ধান পথাৰতে নাইকিয়া হবলৈ ধৰিলে—মহ-গৰখীয়াই, গৰু- গৰখীয়াই, চেগ্ পালেই গৰু মহৰ হতোৱা চৰাই পেলাবলৈ ধৰিলে। ভায়েকহঁতে দেখি দাবি দিলে, উভতি গেঙেৰি মাৰি, সিহঁতেহে মাৰিবলৈ খেদি অহা হল! বাৰীৰ বাঁহ বাৰীৰ পৰাই নাইকিয়া হবলৈ ধৰিলে। গৰু গাই মুকলি হই কেনেবাকৈ লোকৰ চোতাল উঠিলেকি লোকে ধৰি ফাটেকত দিয়া হল। চোৰে ভৰালৰ বেৰ কাটি ধান নি আইধা কৰিলে। ভায়েকহঁতক সামান্য কথাতে যেয়ে সেয়ে মাৰিবলৈ খেদি অহা হল। কোনো কোনো মুখত বন্ধ নথকা মানুহে মুখৰ আগতে কই পেলালে—“ককায়েৰৰ মুখলৈ চাইহে মানুহে তোহোঁতক ইমান দিন একো নকইছিল। নহলে তহঁতৰ ফুটনি কেতিয়াবাই ভাগিলহেতেন। এতিয়া ককায়েৰ মৰিবলৈ আৰু সৰহ দিন নাই। এতিয়াহে তহঁতৰ ভিকাচনি ভাগিব ৰ।” সিহঁত বিবুধি হল! ঘৰ চলোৱা দূৰৈত থাওক গাঁওত তম্ভাই টান হল! তত্‌মত্ নেপাই সিহঁতে মাকক কলে, “আই যি হল হল; ককাইক কোনোমতে জীয়া; নহলে আৰু ৰক্ষা নাই! ককাইৰ মৃত্যু ইচ্ছা কৰাটো আমাৰ ভুল হইছিল! সি যদিও বন কাম নকৰে তথাপি আচলতে ঘৰখন সিহে চলাইছিল! আমাৰ বুজাত ভুল হইছিল! [ ৪১ ] সি মৰিলে আমি এটাইকিটা জীৱ খাবলৈ নেপায় নিগমে মৰিম! ধনবস্তু লোকে কাঢ়ি নিয়াটোতো পাৰিছোঁৱেই! হায়! আমি কি মূৰ্খামি কৰিব খুইছিলো!”

 এনেটো ঘটিব বুলি মাকে আগৰে পৰা জানিছিল। কিন্তু সেইবোৰ ভাব গোপন কৰি ক’লে, “ভাগ্যে সি এতিয়াও নমৰাকৈ আছে দেখিহে! নহলে তোহোঁতে আজি মোক চৌঠেঙীয়া কৰিলিহেতেন। সি মোক নিজৰ মাতৃতুল্য জ্ঞান কৰে। তোহোঁতৰ কথাত তাক মই সঁচাকৈয়ে মাৰি পেলোৱাহেতেন, আজি মোৰ কি অৱস্থা হলহেতেন : তোহোঁতেও খবলৈ নেপাই মৰিলিহেতেন, মোকো মাৰিলিহেতেন। সি যি কি নহক আজিৰ পৰা তোহোঁতে আৰু তাক কেতিয়াও পৰ বুলি নেভাবিবি। তোহোঁত এটাইকিটা যদিও বেলেগ বেলেগ গৰ্ভত উপজিছ, তথাপি একে পিতৃৰ সন্তান। ঈশ্বৰে এই ঘটনা দ্বাৰা তোহোঁতৰ চকুত আঙলি বতিয়াই এই কথাষাৰ ভালকৈ বুজাই দিলে। তোহোঁত আগলৈকে সাৱধান হবি?” এই বুলি মাকে ককায়েকক পুনৰ জীয়াবলৈ গাত ললে। পুতেকহঁতেও নিজৰ গালত নিজে চৰিয়াই, আগলৈ ককায়েকক ককাই বুলি জানিবলৈ শপথ খালে।

 পাছদিনাখন দুপৰীয়া সতিনীয়েকৰ পুতেক, দৰপ এটাৰ গুণত প্ৰায় অচেতন হই চালপীড়া এখনৰ ওপৰত পৰি আছিল। মাহীয়েকে মনে মনে দেখোৰ ফকিৰ ফোকোৰা, [ ৪২ ] বামুণ-মগনীয়া ইত্যাদিক মতাই অনাই, নানা দান দক্ষিণা কৰিবলৈ ধৰিলে। আৰু নানা প্ৰকাৰে মনৰ আনন্দ প্ৰকাশ কৰিবলৈ ধৰিলে।

 সতিনীয়েকৰ পুতেকৰ এনেই মাত মাতিবৰ শক্তি প্ৰায় নোহোৱা হইছিল। তাৰ ওপৰত দৰপে তাক আৰু অচেতন কৰি থইছিল। আনন্দৰ কোঢ়াল শুনি বহুত পৰৰ মূৰত সি চেতনা পাই লাহে লাহে চকু মেলি চাই, মাহীয়েকক বৰ প্ৰফুল্ল দেখি সোধিলে, “মাহি, আজি কিয় ইমান ধূমধাম? তই ইমান আনন্দিত হইছ কিয়?” মাহীয়েকে তাক সাপোট মাৰি ধৰি কপালত চুমা খাই কলে—“মোৰ আজি ৰঙ কৰিবৰ দিনেই, মোৰ বোপাই; কিয়নোল তোৰ পেটৰ ভিতৰলৈ যি দাল সাপ সোমাইছিল, সেই দাল সাপ আজি আপোনাআপোনি ওলাই আহিল! সৌ দাল, চা, মই মাৰি থইছে! এই বুলি আগৈয়ে বিচাৰি মাৰি থোৱা, দীঘল মৰাসাপ এডাল আনি তাক দেখুৱালে। ইয়াত পুতেকে গাত ইমান বল পালে যে সি একেচাবে উঠি বহিল আৰু কলে, “মাহি, সঁচাকৈয়ে পেটটো আজি বৰ পাতল পাতল লাগিছে। ইস্! মই মৰিম বুলিহে জানিছিলোঁ। যেই হক, ঈশ্বৰে তেও ৰক্ষা, কৰিলে! মাহি, আজি গধূলিকৈ মই ভাতো অলপ খাব পাৰিম হবলা। কাৰণ পেটটো খালি পৰিলত, এতিয়া

অলপ ভোক ভোক যেনও লাগিছে।”

[ ৪৩ ]  ইয়াৰ পাছৰে পৰা সতিনীয়েকৰ পুতেক বৰ খৰকৈ আৰোগ্য হবলৈ ধৰিলে। সি ক্ৰমে ভাল হবলৈ ধৰা খবৰ শুনি গাঁওৰ মানুহ তেনেই উবুৰি খাই পৰিলহি। এতিয়া তাৰ বাতৰি লবলৈ গাঁওৰ মানুহবিলাকৰ ভিতৰত অৰিয়া- অৰি লগাদি লাগি গল! এতিয়া দিনে ৰাতিয়ে আকৌ তাৰ ঘৰৰ পৰা মানুহ নুগুচা হল। সি এতিয়া সম্পূৰ্ণ ভাল হোৱা নাই; কেৱল বিছনাৰ ওপৰত উঠি বহিব পৰা হইছে মাথোন; কিন্তু তাৰ ঘৰৰ সকলো কাম আকৌ পূৰ্ব্বৰ দৰে চলিবলৈ ধৰিলে। যিবিলাকে কেইদিনমান আগৈয়ে ভায়েকহঁতক চৰিয়াবলৈ খেদা মাৰি আহিছিল, সিহঁতেই আকৌ এতিয়া সিহঁতক, “বোপা, বোপা বুলি পমি যাবলৈ ধৰিলে। সি ক্ৰমে লাখুটী ধৰি চোতাল ওলাব পৰা হল! এতিয়া চোতালত পুৱা গধূলি মানুহক পীৰা ধৰা দি অঁটোৱা টান হল! সকলোৱে কবলৈ ধৰিলে, “আপুনি ভাল হব বুলি আমি আগৈয়েই কইছিলোঁ” ইত্যাদি। ঘৰখনৰ আকৌ পূৰ্ব্বৰ জেউতি হল।

 ভায়েকহঁতে এতিয়া ভালকৈ বুজিলে ঘৰখন কাৰপৰা চলিছিল। সিহঁতে এতিয়াৰ পৰা সদাই ককায়েকৰ আজ্ঞাধীন হই চলিবলৈ ধৰিলে। আৰু জীয়াই থকা দখৰত পুনৰ কেতিয়াও ককায়েকৰ প্ৰতি শত্ৰুতাচৰণ কৰা নাছিল।

⸺⸺

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২২ চনত ১ জানুৱাৰী ১৯৬২ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )