পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সাধু কথাৰ জোলোঙা।

নকৰে। অতএব তাক আমি আজি ৰাতি মাৰি পেলাব খুইছোঁ। তই কি কওৱ?”

 পুতেকহঁত যে কিমান একোটা হস্তী-মূৰ্খ হইছে, তাক বুজিবলৈ আৰু মাকৰ অকনো বাকি নেথাকিল। কিন্তু সিহঁতক সুশিক্ষা নিদিয়াৰ বাবে নিজেই জগৰীয়া বিবেচনা কৰি, মুখেৰে কোনো টান মতি নেমাতি কলে—“বাৰু সি মৰিলে, তোহোতে ঘৰখন চলাব পাৰিবি জানো?” পুতেকহঁতে গুঁজৰি উঠি কলে, “পাৰিমতো! কিয় নোৱাৰিম? এতিয়ানো কোনে চলাইছে?”

 মাক—“বাৰু, তোহোঁতে তাক মাৰি পেলাব নেলাগে। তাক মইয়েই মাৰি পেলাম। তোহোঁতে যি দৰে মাৰিব খুইছ, সেই দৰে মাৰিলে ঘৰঘৰোৱালৰে ফাঁছি হব। তাক বুধিৰে বেমাৰ পেলাই মাৰিম। এতিয়া তোহোঁতে ঘৰখন চলাব পাৰিলেই হয়।”

 পাছদিনা সতিনীয়েকৰ পুতেকে দুপৰীয়া ভাত-পানি খাই উঠি শুই আছিল। তাৰ যেতিয়া ঘোৰ তোপনি আহিল, তেতিয়া মাহীয়েকে হঠাৎ তাৰ বিছনাৰ ওচৰত চিঞৰি চিঞৰি বুক চপৰিয়াই কান্দিবলৈ ধৰিলে। সি তোপনিৰ পৰা চক্‌-মক্ খাই উঠি, কাৰণ সুধিলত কলে— “বোপাই, তই তোপনিত থাকোঁতে মুখ মেলি আছিলি। কৰবাৰ পৰা নীচেই পাতল, দীঘল, কলা, চুলি-সাপ এডাল আহি তোৰ মুখেদি পেটৰ ভিতৰলৈ সোমাই গল! মই