পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
পঞ্জাবী সাধু।

 ইয়াৰ পাছৰে পৰা সতিনীয়েকৰ পুতেক বৰ খৰকৈ আৰোগ্য হবলৈ ধৰিলে। সি ক্ৰমে ভাল হবলৈ ধৰা খবৰ শুনি গাঁওৰ মানুহ তেনেই উবুৰি খাই পৰিলহি। এতিয়া তাৰ বাতৰি লবলৈ গাঁওৰ মানুহবিলাকৰ ভিতৰত অৰিয়া- অৰি লগাদি লাগি গল! এতিয়া দিনে ৰাতিয়ে আকৌ তাৰ ঘৰৰ পৰা মানুহ নুগুচা হল। সি এতিয়া সম্পূৰ্ণ ভাল হোৱা নাই; কেৱল বিছনাৰ ওপৰত উঠি বহিব পৰা হইছে মাথোন; কিন্তু তাৰ ঘৰৰ সকলো কাম আকৌ পূৰ্ব্বৰ দৰে চলিবলৈ ধৰিলে। যিবিলাকে কেইদিনমান আগৈয়ে ভায়েকহঁতক চৰিয়াবলৈ খেদা মাৰি আহিছিল, সিহঁতেই আকৌ এতিয়া সিহঁতক, “বোপা, বোপা বুলি পমি যাবলৈ ধৰিলে। সি ক্ৰমে লাখুটী ধৰি চোতাল ওলাব পৰা হল! এতিয়া চোতালত পুৱা গধূলি মানুহক পীৰা ধৰা দি অঁটোৱা টান হল! সকলোৱে কবলৈ ধৰিলে, “আপুনি ভাল হব বুলি আমি আগৈয়েই কইছিলোঁ” ইত্যাদি। ঘৰখনৰ আকৌ পূৰ্ব্বৰ জেউতি হল।

 ভায়েকহঁতে এতিয়া ভালকৈ বুজিলে ঘৰখন কাৰপৰা চলিছিল। সিহঁতে এতিয়াৰ পৰা সদাই ককায়েকৰ আজ্ঞাধীন হই চলিবলৈ ধৰিলে। আৰু জীয়াই থকা দখৰত পুনৰ কেতিয়াও ককায়েকৰ প্ৰতি শত্ৰুতাচৰণ কৰা নাছিল।

⸺⸺