পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পঞ্জাবী সাধু।

ভাল কৰিবলৈ গই তাই সিহঁতৰ মূৰহে খালে! কিন্তু তাত তাইৰ কোনো বেজাৰ নহল। কিয়নো সতিনীয়েকৰ পুতেক বৰ সাধু প্ৰকৃতিৰ লৰা আছিল আৰু তাইক আৰু তাইৰ পুতেক কিটাক সি নিজৰ গৰ্ভধাৰিণী মাতৃ আৰু সহোদৰ ভাই যেন জ্ঞান কৰিছিল। তাহাতৰ লগত ব্যৱহাৰও সি তেনেদৰে কৰিছিল। বিশেষতঃ ঘৰখন এই সতিনীয়েকৰ পুতেকৰ প্ৰভাৱত অতি সুকলমে চলাত তাই বহুত চিন্তাৰ হাত সাৰিবলৈ পাই তাক আৰু পৰ-জ্ঞান কৰিবলৈ সম্পূৰ্ণৰূপে পাহৰিছিল।

 তাইৰ পুতেক কিটাৰ কিন্তু মত ভিন্‌ হল। সিহঁতে এদিন মাকক মনে মনে কলে, “আই, আমাক লেখাপঢ়া নিশিকাই তই আমাৰ মূৰ খালি। মাহীৰ পুতেকক হলে তই লেখাপঢ়া শিকাই চাৰো ফালে পকা কৰিলি। এতিয়া সি দিনটো বাবু হই মেলকেহে সোধি ফুৰে। ঘৰৰ কুটা এগছ দোডোখৰ নকৰে। আমি হলে দিনটো হাল কোৰ বাই, গৰু গাই আগুচি মৰোঁ। আমি ঘটি দিও সি বাবু হই বহি খায়। আমি জানিবা চাকৰ, সি জানিবা ঘৰৰ গিৰিহঁতটো! আকৌ আমাৰ ওপৰতে কেতিয়াবা কেতিয়াবা দপদপাই দেখুৱায়। আমি তাক কিয় বহুবাই খুৱাম? আকৌ গাঁওৰ মানুহবোেৰও এনে মূৰ্খ! কোনো কথা সুধিব লাগিলে এটায়ে তাকেহে বিচাৰে। আমাক নোপোছেই। সি জীৰাই থাকে মানে আমাক মানুহে মানুহ বুলি গণ্য