পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সাধু কথাৰ জোলোঙা৷

নাছিল। বাহি ভাত খুউৱা আৰু ঘৰত বন্ধকৈ থোৱাটো বেয়া হোৱা হেতেন তাই নিজৰ পুতেকলৈ তেনে দিহা কৰিবলৈ মোক কেতিয়াও ক’ই থ’ই নগলহেতেন। এনে কৰিলে লৰাছোৱালীৰ বৰ, কিবা এটা উপকাৰ হয় হবলা। সেই বাবে তাই নিজৰ পুতেকৰ ভালৰ নিমিত্তে তেনে দিহা দি থই গইছে। মোৰ পো-কিটাৰ নিমিত্তে হলে তেনে দিহা দি নগল! তাই ভাবিছে মই তাই-দিয়া দিহা মতে চলি তাইৰ পুতেকৰ উপকাৰ কৰিম। সেইটো কিন্তু মই কেতিয়াও নকৰোঁ। মই মাকচনি মোৰ নিজ পো-কিটাৰ নিমিত্তেহে এই দিহা কৰিম। তাইৰটোক মাকচনি সদাই গৰম ভাত খুৱাই স্কুললৈ পঠিয়াই ক্ৰমে হঁতশিৰিলৈ পঠিয়াম। তাইনো এতিয়া কিবা ঘুৰি আকৌ চাবলৈ আহিবনে?”

 এই দৰে আলচি, তাই সতিনীয়েকৰ পুতেকক সদাই গৰম ভাত মাছ খুৱাবলৈ ধৰিলে আৰু স্কুলত তাৰ নাম লগাই দিয়ালে। ওচৰত কেনিবা ভাল মানুহৰ কোনো মিটিং বা বক্তৃতা ইত্যাদি হোৱা বাতৰি পালেই তাক তালৈ যাবলৈ বাধ্য কৰিবলৈ ধৰিলে। অলৈ তলৈ যাব লগিয়া হলেও তাকেহে পঠিয়াবলৈ ধৰিলে! স্কুললৈ বা বক্তৃতা শুনিবলৈ সি কেনেবাকৈ নোযোৱাকৈ থাকিলে তাক উগ্ৰ শাস্তি দিবলৈ ধৰিলে। কিন্তু নিজৰ পুতেক-কিটাক ভাল কৰিবৰ মনেৰে সিহঁতক কেহানিও চোতালৰ বাজ হবলৈ