পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পঞ্জাবী সাধু ।

দূৰৈৰ পৰা দেখি নেগুৰত ধৰি টানি উলিয়াবলৈ লৰি আহিছিলোঁ, কিন্তু মই আহি পাঁওহি মানে সি পেট পালেগৈয়ে!! মই সেই বাবে কান্দিছোঁ। ঈশ্বৰে কি অমঙ্গল ঘটাবলৈ এনে কৰিলে, কোনে জানে?”

 মাহীয়েকৰ কথা সি সঁচা বুলি পতিয়ালে আৰু কলে, “মাহী, হয় যে হয়! মই পেটটো গধূৰ গধূৰ পাইছোঁ৷ কি উপায় কৰোঁ?”

 মাহীয়েক— “তই, বোপাই, একো চিন্তা নকৰিবি। মই ভাল বেজ অনাই, মন্ত্ৰ মৰাই, সাপটো উলিয়াইহে এৰিম।”

 সতিনীয়েকৰ পুতেক কিন্তু সেই দিনা খনৰে পৰা নৰীয়া পৰিল। ভাত-পানি খাব নোৱাৰা হল! দিনে নতুন নতুন বেজ কবিৰাজ অহি নানা প্ৰকাৰে তাৰ চিকিৎসা কৰিবলৈ ধৰিলে, কিন্তু কোনেও পেটৰ সাপ উলিয়াব নোৱাৰিলে। সি বেমাৰত পৰাত প্ৰথমে প্ৰথমে মাত লগাবলৈ, চাবলৈ, দিহা পোহা দিবলৈ, তাৰ ঘৰলৈ মানুহ সো-সোৱাবলৈ ধৰিলে। কাৰণ সকলোৱে ভাবিছিল, “বেমাৰ পৰিছে, আকৌ ভাল হব। বেমাৰৰ সময়ত মাত একেষাৰ লগাই নথলে গলৈ কবলৈ মুখ নথকা হব।”

 প্ৰথমে প্ৰথমে ঘৰখনও কোনো অসুবিধা নোহোৱাকৈ আগৰ দৰেই চলিছিল। কিন্তু যেতিয়া দেখা গল বেমাৰ ক্ৰমে টান হই আহিলে তাৰ আৰু উঠিবৰ শক্তি নোহোৱা