পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সাধু কথাৰ জোলােঙা।

হল—মৃত্যু নিশ্চয়—তেতিয়া তাক চাবলৈ, তাৰ ঘৰলৈ আৰু কোনো নহা হল! তেতিয়া তাৰ পথাৰৰ ধান পথাৰতে নাইকিয়া হবলৈ ধৰিলে—মহ-গৰখীয়াই, গৰু- গৰখীয়াই, চেগ্ পালেই গৰু মহৰ হতোৱা চৰাই পেলাবলৈ ধৰিলে। ভায়েকহঁতে দেখি দাবি দিলে, উভতি গেঙেৰি মাৰি, সিহঁতেহে মাৰিবলৈ খেদি অহা হল! বাৰীৰ বাঁহ বাৰীৰ পৰাই নাইকিয়া হবলৈ ধৰিলে। গৰু গাই মুকলি হই কেনেবাকৈ লোকৰ চোতাল উঠিলেকি লোকে ধৰি ফাটেকত দিয়া হল। চোৰে ভৰালৰ বেৰ কাটি ধান নি আইধা কৰিলে। ভায়েকহঁতক সামান্য কথাতে যেয়ে সেয়ে মাৰিবলৈ খেদি অহা হল। কোনো কোনো মুখত বন্ধ নথকা মানুহে মুখৰ আগতে কই পেলালে—“ককায়েৰৰ মুখলৈ চাইহে মানুহে তোহোঁতক ইমান দিন একো নকইছিল। নহলে তহঁতৰ ফুটনি কেতিয়াবাই ভাগিলহেতেন। এতিয়া ককায়েৰ মৰিবলৈ আৰু সৰহ দিন নাই। এতিয়াহে তহঁতৰ ভিকাচনি ভাগিব ৰ।” সিহঁত বিবুধি হল! ঘৰ চলোৱা দূৰৈত থাওক গাঁওত তম্ভাই টান হল! তত্‌মত্ নেপাই সিহঁতে মাকক কলে, “আই যি হল হল; ককাইক কোনোমতে জীয়া; নহলে আৰু ৰক্ষা নাই! ককাইৰ মৃত্যু ইচ্ছা কৰাটো আমাৰ ভুল হইছিল! সি যদিও বন কাম নকৰে তথাপি আচলতে ঘৰখন সিহে চলাইছিল! আমাৰ বুজাত ভুল হইছিল!