পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সাধু কথাৰ জোলােঙা।

খোজে বা যায়গৈ, তেন্তে গাঁৱৰ এটা নহয় এটা মানুহে তাক দেখিবই দেখিব আৰু আগুচি আনি তাৰ ঘৰত দি থই যবহি। তাৰ গৰুয়ে যদি কাৰাবাৰ ধান খায় বা কঠীয়া নষ্ট কৰে তেনে গিৰিহঁতে তাক ফাটেকত দিয়ক ছাৰি খেদাই আনি তাৰ ঘৰত দি থই যায়হি। চোৰে লোকৰ বাৰীৰ বাঁহকে কাটি ধুকুয়ায় কিন্তু তাৰ বাৰীৰ জেংখৰি এডালকে নেটানে। লোকে ৰুৱণী দাৱনী পয়ছা দি বিচাৰি ফুৰিলেও নেপায়, সি কিন্তু এজনী ৰুৱণী বিচাৰিলে দহজনী ওলায়হি; আৰু তামোল এখন বা জলপান এটাৰ লগতে দিনটো খাটি দি যায়! পয়ছা দিলেও লব নোখোজে! লোকৰ পথাৰৰ ন-জেওৰা পথাৰতে নাইকিয়া হয়; তাৰ পথাৰত এবছৰ জেওৰা দিলে, আকৌ ঘুৰি কেবা বছৰলৈকে দিব নেলাগে। জেওৰা পচি, ভাগি, পৰি থাকিব তেও কোনেও তাক লুৰি নিবলৈ সাহ নকৰে।

 আচল কথা, তাৰ ঘৰখন ভাতে-ভৰালে অতি ভালৰূপে চলিবলৈ ধৰিলে। আৰু মাহীয়েক ভায়েকহঁত সকলোৰে অতি সুখেৰে দিন যাবলৈ ধৰিলে। মাহীয়েকে কিন্তু এতিয়া বুজিলে যে তাইৰ সতিনীয়েকে মৰিবৰ সময়ত বৰ টেঙৰালি কৰি থই গল। তাই এতিয়া বুজিব পাৰিলে যে সতিনীয়েকৰ পুতেকৰ বেয়া কৰিবলৈ গই তাই তাৰ পৰম উপকাৰহে সাধিলে। আৰু নিজৰ পুতেক-কিটাৰ