পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
পঞ্জাবী সাধু ।

ভাত খাবলৈ দিবা৷ মাছ, মাংস, ঘিঁউ ইত্যাদি ভাল বস্তু ইয়াক কেতিয়াও খাবলৈ নিদিবা। ইয়াক কেতিয়াও স্কুলত নিদিবাঁ আৰু য’ত ভাল ভাল মানুহ গোটখাই মেল বা আলচ পাতে, তেনে ঠাইলৈ কেতিয়াও নপঠিয়াবাঁ। সদাই ঘৰতে বন্ধকৈ থবাঁ। চোতালৰ বাজ হব নিদিবাঁ। মোৰ এই কিটা খাটনী যদি তুমি ৰাখিম বুলি কোৱাঁ, তেনে হলে মই সুখেৰে মৰিব পাৰোঁ।” সতিনীয়েকে খাটনী কিটা ৰাখিবলৈ তৎক্ষণাৎ মান্তি হল। সিজনীয়েও অলপ পৰ পাছতে চিৰকাললৈ চকু মুদিলে৷

 পূৰ্ব্বেই আমি কই থইছোঁ যে বৰজনী বৰ টেঙৰ তিৰোতা আছিল। তাই সৰুজনী সতিনীয়েকৰ স্বভাৱ বিশেষৰূপে জানিছিল। সৰুজনীয়ে যে তাইৰ পুতেকক সমূলি দেখিব নোৱাৰে আৰু তাই যিটো কৰিবলৈ কয়, তাৰ সম্পূৰ্ণ বিপৰীতে কাৰ্য্য কৰিবলৈ ভাল পায়, সেইটো তাই বিশেষকৈ বুজিছিল। সেই বাবে, তাইৰ মৃত্যুৰ পাছতো পুতেকে ভাল খাবলৈ আৰু শিকিবলৈ পোৱাৰ বুধি পাতিহে ভাই সতিনীয়েকক মৰিবৰ সময়ত ওপৰত কোৱা দৰে কই গইছিল। আৰু তাইৰ বুধি ফলিয়ালেও।

 সৰুজনীয়ে মৰা-সতিনীয়েকে কই যোৱা কথা কিআষাৰৰ বিষয়ে বৰকৈ ভাবিবলৈ ধৰিলে আৰু পেটে পেটে কলে—“মোৰ সতিনী বৰ টেঙৰী আছিল। বুধিত তাইক জিকিব পৰা তিৰোতা আমাৰ এই খণ্ডৰ ভিতৰত কোনো