পৃষ্ঠা:সাতসৰী.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
সাতসৰী।


তেওঁ নুঠিল। সালিকাটোৱে একেৰাহে মাতিবলৈ ধৰিলে—“আই উঠ, আই উঠ”। মাতি মাতি আমনি লাগিলে সি একোবাৰ মোৰ গাত পৰি চিঞৰে—“ককাইদেউ, ককাইদেউ”। সি বোধ কৰোঁ ভাবিছিল—মই আইক তুলিব পাৰিম। হায়! অবোধ সালিকা, বিধাতাৰ ইচ্ছাৰ ওপৰত যে কাৰো হাত নাই তই তাক কেনেকৈ বুজিবি!

(৬)

 সৎকাৰৰ নিমিত্তে মাতৃৰ দেহা শ্মশানলৈ নিযা হ’ল; সালিকাটোও লগতে যাবলৈ ধৰিলে। তাৰ মুখত মাথোন একেষাৰ কথা— “আই উঠ, আই উঠ।” যেতিয়া আইক চিতাত তুলিলোঁ, তাৰ চিঞৰ খৰ হৈ আহিল, অগ্নি সংযোগ কৰিবলৈ ধৰোতে সি ককাইদেউ, ককাইদেউকৈ চিঞৰি মোৰ হাতত খুটিয়াবলৈ ধৰিলে। তাৰ পিচতে আকৌ আইৰ দেহৰ ওপৰত পৰি, “আই উঠ, আই উঠকে আটাহ পাৰিবলৈ ধৰিলে। অজ্ঞান পখী! সি কি বুজিব কোন সতেৰে কিয় মই মোৰ একমাত্ৰ মুখ লুকুৱাবৰ ঠাই মাতৃ-দেবীৰ পুণ্য তনু নিজ হাতে অগ্নিত সমৰ্পণ কৰিছোঁ।

(৭)

 মাতৃৰ ঔৰ্দ্ধদেহিক কাৰ্য্য সম্পন্ন কৰি ঘৰলৈ উলটিলোঁ। সালিকাটো নাহে, মই বহুত যত্ন কৰিহে তাক কোনোমতে ঘৰলৈ