পৃষ্ঠা:সাতসৰী.djvu/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫০
সাতসৰী


আনিলোঁ। ঘৰলৈ আহিলত মোৰ মনত নানা ভাব খেলাবলৈ ধৰিলে, অতীত ভবিষ্যতৰ নানা কথা মনলৈ আহিল। হায়! মাতৃৰ অভাৱত যে অতীতৰ সুখ একেবাৰেই অন্তহিত হ'ল। সেই কথা মনত পৰিলে তেতিয়া কিয় এতিয়াও চকুলো ওলায়, হৃদয়-বীণৰ তাঁৰ কঁপি উঠে, আইৰ সেই মৰম-সনা ছবিটি দেখা পাওঁ।

 সন্ধিয়া লাগিল। গৰু-গাই ঘৰলৈ চাপিল, মাৰ যোৱা বেলিৰ হেঙ্গুলীয়া পোহৰ লাহে লাহে গছৰ আগৰ পৰাও নাইকিয়া হ’ল; আন্ধাৰ ক্ৰমশঃ গাঢ় হৈ আহিল, দুটি এটি জোনাকী পৰুৱা উৰিবলৈ ধৰিলে। মই ইমান বেলি মাতৃৰ শোকত জুৰুলা হৈ চোতালতে পৰি আছিলোঁ; এতিয়া উঠি ভিতৰলৈ গলোঁ। কিন্তু সালিকাটো যে নাই। সি কলৈ গ'ল? চাৰিওফালে বিচাৰি চালোঁ; কিন্তু নাপালোঁ।

 লাহে লাহে শ্মশানলৈ খোজ ললো। সি যে কি ভয়াবহ মূৰ্ত্তি ধাৰণ কৰিছিল তেতিয়া। আন্ধাৰো যেন তাত আন ঠাইতকৈ গাঢ়। ওচৰত পৰি থকা আধাপোৰা খৰি কেইডোখৰৰ পৰা এতিয়াও ধোৱা উৰিব লাগিছে। কি যেন এক বিভীষিকাময়ী মূৰ্ত্তিৰ দানবী ক্ৰীড়াৰ তাত তোল-পাৰ! মোৰ বুকু নিলগতে কঁপি উঠিল। য'ত মোৰ মাতৃৰ পৱিত্ৰ অৱশেষ আছে, তাৰ পৰা একেষাৰ কথা আহি মোৰ কাণত পৰিল,—“আই উঠ, আই উঠ।” বুজিলোঁ সালিকা তাতে আছে। মই কঁপা বুকুৰে তাৰ ওচৰলৈ আগ বাঢ়ি গলোঁ সি মোক দেখিয়েই “ককাইদেউ,