(৮)
ওপৰত কোৱা ঘটনাৰ পৰা বহুত বছৰ পাৰ হৈ গৈছে। কিন্তু এতিয়াও যেতিয়াই সেই শ্মশানৰ ফাললৈ যাওঁ, তেতিয়াই এটি কৰুণ সুৰ কাণত পৰেহি,⸺“আই উঠ, আই উঠ।” নৈশ নিস্তব্ধতা ভঙ্গ কৰি সেই ধ্বনি উঠা বাটৰুৱা মানুহো বহুতে শুনিছে; যেন সালিকাটোৰ আত্মা এতিয়াও তাতে আছে, এতিয়াও যেন আইক তুলিব পাৰিম বুলি ভাবিয়েই সি মাতি আছেঃ⸺“আই উঠ, আই উঠ।”
হৰিচৰণৰ বিয়া।
(১)
শূদ্ৰকন্যা ললিতাৰ লগত বিপ্ৰ-নন্দন হৰিচৰণ ভট্টাচাৰ্য্যৰ সৰুৰে পৰা মিল আছিল। দুয়ো একেলগে উমলিছিল, একেলগে ফুৰিছিল আৰু একেলগে শিক্ষা কৰিছিল। এনেকৈয়ে তেওঁলোকৰ বয়সৰ লগে লগে ঘনিষ্ঠতা বাঢ়ি আহিবলৈ ধৰিলে, দুয়োৰে অন্তৰাত্মাৰ মাজত কিবা এটি বৈদ্যুতিক আকৰ্ষণ-শক্তি নিহিত হ’ল। আন্তৰিক সম্বন্ধ থকা দুটা ভৌতিক পদাৰ্থ গোট খাই এটা ৰাসায়ণিক পদাৰ্থত পৰিণত হবলৈ ব্যগ্ৰ হোৱাৰ দৰে এই দুটি আত্মাও মিলনৰ অভিলাষত আলোড়িত হবলৈ ধৰিলে।