পৃষ্ঠা:সাতসৰী.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সাতসৰী।


সালিকাটোৱে ঘনে ঘনে চিঞৰিবলৈ ধৰিলে, আই উঠ, আই উঠ। কিন্তু আইৰ জ্বৰ ক্ৰমশঃ বাঢ়িবলৈ ধৰিলে। গোটেই দিনটোত এখন্তকো জ্বৰে শাম নাকাটিলে। লাহে লাহে সন্ধ্যা হ’ল; আন্ধাৰে জগতক ঢাকি পেলালে; কিন্তু আইৰ জ্বৰ অলপো নকমিল। গোটেই নিশা আইৰ ওচৰতে পৰ দি থাকিলোঁ। সালিকাটোও আইৰ মূৰ শিতানত বহি জুপুকা লাগিল।

  *  *  *  *

 ৰাতি পুৱাই আহিল। শোৱাৰ পৰা উঠি সকলো নিজ নিজ কামলৈ গ'ল; কিন্তু আই নুঠিল। সালিকাটোৱে আইৰ গাত পৰি ৰিঙ্গিয়াবলৈ ধৰিলে—“আই উঠ, আই উঠ”। কিন্তু আই নুঠিল,—আই চিৰকাললৈ শুলে। মই আইৰ ডিঙ্গিত ধৰি কান্দিবলৈ ধৰিলোঁ,—“আই, আই, মই তোমাক মাতিব লাগিছোঁ বোৱাৰীয়েৰাই তোমাৰ নিমিত্তে হিয়া ভুকুৱাই কান্দিছে, তেও 'তুমি আমাক উলটি নোচোৱা নে আই? সংসাৰত কাৰ স্নেহত পমি যাবলৈ, কাৰ সাদৰত দুখ-শোক পাহৰি শান্তি লভিবলৈ আমাক এৰি গ'লা? মইনা, সোণাই বুলি কোনে আৰু মূৰ সুঙ্গি সুঙ্গি, গালত হাত ফুৰাই চুমা খাব? কাৰ স্নেহৰ মন্দাকিনীত স্নান কৰি আৰু পৃথিবীক স্বৰ্গ বুলি ভাবিম?

 কান্দোতে কান্দোতে আইৰ সেই শীতল দেহা তিতি গ'ল, কিন্তু আয়ে নামাতিলে; বুকত মূৰটো সুমুৱাই লৈ নিচুকাবলৈ