পৃষ্ঠা:সাতসৰী.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
সাতসৰী।


 আয়ে কলে,—“বোপাই তই কেলেই তেনে কথা কৱ? মোৰ জানো তোক এৰি যাবলৈ সত যায়! পিচে, ঈশ্বৰৰ নিয়ম, এদিন উপজিলে এদিন মৰিবই লাগিব; আমি তাক কেনেকৈ ভাঙ্গিম! সেই দেখিহে তেনেকৈ কৈছোঁ। গোঁসায়ে মোৰ সোণাইক মূৰৰ চুলিৰ মান আযুস দিয়ক।”

 এই বুলি আযে মোক চুমী খাই বুকত সুমুৱাই ললে। আহা! এযে স্বৰ্গ, এয়ে শান্তি, এয়ে মোক্ষ!

(৪)

 আইৰ ইচ্ছামতেই কায্য হ’ল। মাতৃ পূজাত আৰু এজন মোৰ লগৰীযা পালোঁ। মাতৃস্নেহ এতিয়া তিনিজনৰ ভিতৰত ভাগ কৰিব লগা হল। মনৰ আনন্দেৰে আমি আটাই কেইটি প্ৰাণী দৰিদ্ৰতাৰ মাজে দিও সুখেৰে কাল কটাবলৈ ধৰিলোঁ। সালিকাটোৱে ইয়াৰ ভিতৰতে বৌ দেউ বুলি আৰু একেষাৰ মাত শিকিলে। সি সঁচাকৈয়ে মোৰ কোনোবা কালৰ ভাই আছিল। সম্ভবতঃ আমাৰ দুখ দেখি ভাইটোৱেই সালিকা হৈ আহি তাৰ বিয়োগ-দুখ দূৰ কৰিছিল।

(৫)

 এদিন ৰাতিপুৱা গাটো বেয়া কৰিছে বুলি জাপ-জুপ লৈ আই পাটীত পৰিল। মই হাত দি চাই দেখিলোঁ আইৰ ভয়ানক জ্বৰ। মোৰ প্ৰাণ কঁপি উঠিল; ওচৰতে বহি শুশ্ৰুষা কৰিবলৈ ধৰিলোঁ।