পৃষ্ঠা:সাতসৰী.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
সাতসৰী


তিতি যায়! প্ৰকৃততে তেওঁ স্নেহৰ সজীৱ মূৰ্ত্তি, শান্তিৰ আকৰ, প্ৰেমৰ অমৃত ধাৰা। যেতিয়া মই সংসাৰৰ ঠেলাত কাতৰ হৈ হতাশ প্ৰাণেৰে ঘৰলৈ উলটি আহোঁ, যেতিয়া নানা প্ৰকাৰ দুশ্চিন্তাই মোৰ মন কোঁচ খুৱাই নিয়ে, তেতিয়া মাতৃৰ মুখৰ প্ৰেমাশ্ৰু-ধৌত আশ্বাস-বাণীৰ এটি ধাৰাই সেই শুকান আশাৰ পুলিটি মুহূৰ্ত্ততে জীপ ধৰাই দিয়ে, বিমল আনন্দৰ মধুৰ সঙ্গীতত মন নাচি উঠে। যেতিয়া নৰিয়া পাটীত পৰি চটফট কৰোঁ, যন্ত্ৰণাত শৰীৰ অবশ হৈ আহে, সকলো বিহ যেন বোধ হয়, তেতিয়াও আইৰ স্পৰ্শই, আইৰ সেই পাৰ্থিব স্বৰ্গস্বৰূপ কোলাৰ আশ্ৰয়ে মোৰ যন্ত্ৰণা লঘু কৰে, দেহৰ পোৰণি নিমিষতে শীতল হয়। যাৰ মাতৃ আছে, তাৰ অভাব কিহৰ? মোক একো নালাগে; একমাত্ৰ স্নেহময়ী জননীৰ বুকত মুখ লুকুৱাই সকলো জ্বালা-যন্ত্ৰণা পাহৰি জীৱন নিয়াব পাৰিলেই মোৰ ইচ্ছা পূৰ্ণ হয়।

(২)

 আয়ে এটা সালিকা পুহিছিল। মই যেতিয়া কোনো কাৰ্য্যত বাহিৰলৈ যাব লগা হয়, আয়ে তেতিয়া তাকে কোলাত লৈ চুমা খাই গাত হাত বুলাই মোৰ অনুপস্থিতি পাহৰি যায়। সিও আইৰ লগ নেৰে। মুঠতে সিযেই এতিয়া মোৰ মৃত ভ্ৰাতাৰ স্থান অধিকাৰ কৰিছে। সালিকাটোৱে দুটা মাথোন কথা শিকিছে। এটা—আই উঠ; আৰু ইটো ককাইদেউ। দিনৰ ভিতৰত আইক এখন্তক পাটীত পৰা দেখিলেই সি মাতিবলৈ ধৰে,—