সাতসৰী/হৰিচৰণৰ বিয়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সাতসৰী
লেখক দণ্ডিনাথ কলিতা

[ ৬০ ]


হৰিচৰণৰ বিয়া।

(১)

 শূদ্ৰকন্যা ললিতাৰ লগত বিপ্ৰ-নন্দন হৰিচৰণ ভট্টাচাৰ্য্যৰ সৰুৰে পৰা মিল আছিল। দুয়ো একেলগে উমলিছিল, একেলগে ফুৰিছিল আৰু একেলগে শিক্ষা কৰিছিল। এনেকৈয়ে তেওঁলোকৰ বয়সৰ লগে লগে ঘনিষ্ঠতা বাঢ়ি আহিবলৈ ধৰিলে, দুয়োৰে অন্তৰাত্মাৰ মাজত কিবা এটি বৈদ্যুতিক আকৰ্ষণ-শক্তি নিহিত হ’ল। আন্তৰিক সম্বন্ধ থকা দুটা ভৌতিক পদাৰ্থ গোট খাই এটা ৰাসায়ণিক পদাৰ্থত পৰিণত হবলৈ ব্যগ্ৰ হোৱাৰ দৰে এই দুটি আত্মাও মিলনৰ অভিলাষত আলোড়িত হবলৈ ধৰিলে। [ ৬১ ] ই হঠাৎ উদয় হোৱা জন্মান্তৰৰ সোঁৱৰণিৰ কাৰণে নাইবা পদাৰ্থ-বিজ্ঞানৰ কোনো নিয়ম মতে হৈছিল কব নোৱাৰোঁ, কিন্তু আকৰ্ষণটো যে সময়ৰ লগে লগে বাঢ়ি আহিছিল সি নিশ্চয়।

(২)

 হৰিচৰণ এতিয়া এজন ধুনীয়া ডেকা। লিখা-পঢ়াত, সাংসাৰিক কাৰ্য্যত, আৰু পৰোপকাৰাদি সজ কামত আদৰ্শ স্বৰূপ। সংস্কৃত ইংৰাজী আৰু অসমীয়া সাহিত্যত ভাল ব্যুৎপত্তি আছে, দেশৰ কল্যাণ-সাধনত জীৱন উছৰ্গা কৰিবলৈকো প্ৰস্তুত। কিন্তু ইমানবোৰ সজ গুণ থকোতো বহুত মানুহে তেওঁক ভাল নাপায়। কাৰণ, তেওঁৰ মূৰত টিকনি নাই, কপালত ফোট নাই, উপবীত-বিহীন জাতিৰ লগত একে আসনতে বহে, জোতাৰ ভৰিৰে পানী⸻পানী কিয় জলপানো খায়। প্ৰেমৰ বিষয়তো তেওঁ শঙ্কটত উপস্থিত। তেওঁ প্ৰাণৰে সৈতে ভাল পায় শূদ্ৰ কন্যাক। সঁচাকৈয়ে শকুন্তলাৰ প্ৰতি দুষ্মন্তৰ, দময়ন্তীৰ প্ৰতি নলৰ, জুলিয়েটৰ প্ৰতি ৰোমিওৰ ভাল-পোৱা যেনে আছিল, ললিতাৰ প্ৰতি হৰিচৰণৰ ভাল-পোৱা তাতকৈ কোনো গুণেই কম নাছিল। পাৰ্থক্য মাথোন এয়েই যে তেওঁলোকে হা-হুমুনিয়াহ কাঢ়িছিল, মূৰ্চ্ছা গৈছিল আৰু কেতিয়াবা উন্মাদ হৈছিল; কিন্তু হৰিচৰণ নিশ্চল। বহুতো সজাতীয় ডাঙ্গৰ মানুহে তেওঁক ছোৱালী যাচিছিল, কিন্তু তেওঁ কোনো প্ৰস্তাবকেই গ্ৰহণ নকৰিলে। [ ৬২ ]  ইফালে ললিতা। আহা! কি সুন্দৰী গাভৰু! কি মনােহৰ সুঠাম শৰীৰ! খােজ কঢ়াত, কথা কোৱাত কেনে লনী। পিন্ধা-উৰাত, খােপ বন্ধাত কেনে পৰিপাটী অথচ সৰল! ৰন্ধা- বঢ়াত বােৱা-কটাত কোনে আঁৰ ধৰে? সচাঁকৈয়ে ললিতা সুন্দৰী। আন সুন্দৰীৰ লগত এয়ে মাথােন অমিল যে তেওঁৰ কথাই কথাই মিচিকিয়া হাঁহি মৰা অভ্যাস নাই; নতুন মানুহক বাৰ জুমি চোৱাৰ কৌতুহল নাই ; নিজৰ ৰূপ-গুণৰ প্রদর্শনী পাতিবলৈ আগ্রহ নাই আৰু নাই কোনাে বিষয়তে বাহ্যিক আড়ম্বৰ। তেওঁৰ পাণি-প্রার্থী বহুতো ধনী-মানী ডেকা ওলাইছিল—কিন্তু তেওঁ কাকো গ্ৰহণ কৰিবলৈ মান্তি নহল। বাপেকেও কন্যাৰ মততেই ভৰ দিলে। সুখৰ বিষয় ললিতাৰ বাপেক লক্ষ্মীধৰ কন্যাৰ মত নােলোৱাকৈ যেনে তেনে পাত্ৰত কেচুৱা ছােৱালী অর্পণ কৰি হাৰমাল আঁতৰােৱা বিধৰ মানুহ নাছিল। হায় ! যদি আটাইবােৰ বাপেকিয়েই তেনে হল- হেঁতেন।

(৩)

 এই দৰেই গ'ল বছৰচেৰেক। ললিতা আৰু হৰিচৰণ দুয়ােৰে যৌৱন ভৰপূৰ, দুয়ো অবিবাহিত; দুয়ো দুইকো প্ৰাণৰে সৈতে আৰাধনা কৰে; কিন্তু কাৰ্যত দুয়ো নিমাত। এজনেও ইজনৰ আগত কেতিয়াও এই বিষয়ে উলিওৱা নাই, কোনেও কাকো দোষাৰােপ কৰা নাই। দুয়ােৰে দেখা হলেও সৰু কালত হােৱাৰ [ ৬৩ ] দৰেই হৈছিল; তাত কোনো বাসনাৰ ছাঁ পৰা নাছিল, ৰচনাৱলী বাসনা-ৰাগৰঞ্জিত হোৱা নাছিল। দুয়োৰে মুখ প্ৰফুল্ল, প্ৰশান্ত⸺ সুন্দৰ। আন প্ৰেমিক-প্ৰেমিকা হোৱা হলে চকু-লোৰে কাপোৰ তিয়ালেহেঁতেন, কামত অনিচ্ছা দেখুৱালেহেঁতেন, লাগে যদি মাজ ৰাতি শোৱাৰ পৰা উঠি বিদেশী হ'লহেঁতেন। কিন্তু ক’তা। তেওঁলোকৰ তো তেনে ভাবৰ উমঘামেই নাই। কাৰণ তেওঁলোকৰ ভাল-পোৱা আচল—খাঁটি সোণ। তাত বাসনা-চৰিতাৰ্থৰ পিতল মিহলি নাই; সেই দেখি পাৰ্থিব আকৰ্ষণে তাৰ গতিত ব্যাঘাত জন্মাব নোৱাৰে।

(৪)

 হৰিচৰণ ব্ৰাহ্মণ, ললিতা শূদ্ৰ কন্যা। তেওঁলোকৰ পৰিণয় হলে সে ভবিষ্যত বেয়া হ'ব; তেওঁলোকৰ সন্তান যে পাৰশৱ বা নিষাদ হব লাগিব। কিন্তু হৰিচৰণে ভাবে আন ৰকমে; তেওঁৰ বিবেকে কয়, স্বভাৱৰ নিয়মে সূচাই দিয়ে, অতীত বুৰঞ্জীয়ে অনুমোদন কৰে যে ললিতাৰ বাহিৰে আনৰ লগত তেওঁৰ মিলন হোৱা অসম্ভব আৰু অনুচিত। সমাজেই বা বেয়া বুলিব কিয়? নিষাদ কৱষক তো ব্ৰাহ্মণসকলে পূজা নকৰাকৈ নাছিল; মৎস্য- জীবী কন্যাসম্ভুত ব্যাসদেৱে দেখোন ব্ৰাহ্মণসকলৰ শীৰ্ষস্থান অধিকাৰ কৰিছিল। তেনেহলে যি সমাজে তেওঁক ঘৃণা কৰিব, তেওঁ সেই সমাজক ঘৃণা কৰি নেৰিবৰ কাৰণ কি? তেনে সমাজৰ পৰা আঁতৰি, পাৰিলে তাৰ আবৰ্জ্জনাবোৰ সৰাই পেলাবলৈ চেষ্টা [ ৬৪ ] কৰাহে তেওঁৰ কৰ্ত্তব্য। তেওঁ স্থিৰ কৰিলে যদি লক্ষ্মীধৰে আপত্তি নকৰে, তেন্তে তেওঁ ললিতাক বিয়া কৰাব।

 সেই মতেই প্ৰস্তাব হ’ল। লক্ষ্মীধৰে হৰিক মাতি নি সেই বিবাহৰ পৰিণাম কি হ'ব পাৰে, তাক ভালকৈ বুজাই ক'লে।

 হৰিয়ে ক'লে—“মই সকলো কথা ভাবি চাইহে এই প্ৰস্তাব কৰিছোঁ। সমাজৰ কুন্ধচ ৰীতিৰ বশবৰ্ত্তী হৈ থাকিব নোৱাৰিলেই মানুহে কিছু কষ্ট পায়। কিন্তু আমি জনা উচিত যে সমাজে মানুহক সদায় একেটা সাঁচতে গঢ়ে মাথোন। আনফালে অনন্ত উন্নতিশীল মানৱাত্মাৰ উন্নতি অনিবাৰ্য্য। সেই কাৰণে মানুহৰ উন্নতি হলেই সমাজৰে উন্নতি হোৱাৰ আৱশ্যক হয়। একেদিনে নহয় বহুত দিনেতো হ’ব! আমাৰ কাৰ্য্য-কলাপ, শিক্ষা-দীক্ষা সকলো সীমাবদ্ধ ৰাখি কূপমণ্ডুক হৈ চিৰকাল জীৱন কটোৱা সমাজৰ অস্তিত্বও অমঙ্গলৰ নিমিত্তেহে; মই তেনে সমাজত থাকিব নোখোঁজো। তাৰ বাবে যদি কিবা কষ্ট সহিব লাগে, তাৰ নিমিত্তে প্ৰস্তুত আছোঁ।”

 হৰিচৰণৰ সৎ সাহ দেখি লক্ষীধৰে সন্তোষ পালে আৰু হৰিৰ প্ৰস্তাবত ললিতাৰ মত কি সুধি পঠিয়ালে। ললিতাই ৰং-মনেৰে সন্মতি দিলে। সেই দিনাই বিবাহৰ বন্দৱস্ত হৈ গ'ল।

(৫)

 হৰিচৰণ আৰু ললিতাৰ বিবাহৰ বন্দৱস্তৰ কথা চাৰিওফালে জনাজাত হৈ পৰিল। সকলোৱে সেই একেটা কথাকে আলোচনা [ ৬৫ ] কৰিবলৈ ধৰিলে। ব্ৰাহ্মণ-সমাজে মেল পাতি দুজনমান প্ৰতিনিধি পঠিয়াই হৰিক ভয় দেখুৱালে; শূদ্ৰবিলাকেও তেওঁক ইতিকিং কৰা হ’ল। তথাপি তেওঁ প্ৰতিজ্ঞাত অটল হৈ থাকিল।

 হৰিচৰণৰ পিতাক নাই। মোমায়েকে খবৰটো শুনি এদিন আবেলি পৰত হৰিৰ ঘৰ পালেহি। হৰিয়ে আদৰ সাদৰেৰে মোমায়েকক বহিবলৈ দিলে।

 মোমাযেকে ক'লে,—“মই তোৰ ঘৰত বহিব নোৱাৰোঁ; কিয়নো মই শুনা কথা সঁচা যদি, তোৰ লগত মোৰ কোনো সম্বন্ধ নাই।”

 হৰি।—কি কথা মোমাইদেউ?

 মোমায়েক।—তই বোলে লক্ষ্মীধৰৰ সেই ঘৰতে বুঢ়ী হোৱা ছোৱালীজনী বিয়া কৰিবলৈ ওলাইছ?

 হৰি।—এৰা, একৰকম ঠিক হৈছে।

 মোমায়েক।—সচাঁকৈযে তই এনে কাম কৰিবলৈ ওলাইছ! তইনো সেইজনী ছোৱালীহে বিচাৰ পালি নে? ছি! ছি! মানুহৰ আগত নাক উলিয়াবলৈ তোৰ লাজ লগা নাই! তই নিজে যি অধঃপাতে গলি, তোৰ পিতৃকুল মাতৃকুলকো নৰকলৈ নিয়ালি। মই বুজিছোঁ, সেই গুৰু-ব্ৰাহ্মণ-নমনা পাষণ্ড লক্ষ্মীধৰে তোক কিবা আহুদি খুৱালে।

 হৰি—তেওঁ গুৰু-ব্ৰাহ্মণ নামানে বুলি কোনে ক'লে? যি সঁচাকৈয়ে ব্ৰাহ্মণ, তেনে মানুহক ব্ৰাহ্মণ বুলি তেওঁ মানে। যি “ক”ৰ চুক চিনি নাপায়, গায়ত্ৰীৰ মানে নুবুজে, অথচ মুখস্থ কৈ [ ৬৬ ] থোৱা কিছুমান মন্ত্ৰ ভুলকৈ মাতি টকাচেৰেক দক্ষিণা লৈ যজমানৰ অহিত চিন্তি আহে তেনে মানুহক বামুণ বুলি তেওঁ মানিব কিয়? আৰু মযেই বা মানিম কিয়? সিদিনা তুমি মোক হাকিমৰ জীয়েকক বিয়া কৰাবলৈ ধৰিছিলা, আৰু কৈছিলা যে তেওঁ এজন সদ্ব্ৰাহ্মণ। কিন্তু মই কওঁ, তেওঁতকৈ অব্ৰাহ্মণ কোনেৱেই হব নোৱাৰে। খাহী-পাঠাৰ ভেটী খাবলৈ পালে তেওঁ দোষীক নিৰ্দ্দোষ আৰু নিৰ্দ্দোষক দোষী কৰাটো মই নিজেই জানো।

 মোমায়েক।—সেই পাপিষ্ঠই তোক একেবাৰেই মুহিলে, তই শূদিৰ-শৰণীয়া হলি!

 হৰি।—দৰকাৰ দেখিলে হমেই। আগেয়েও ব্ৰাহ্মণ-শ্ৰেষ্ঠ ঋষিসকলে ব্ৰহ্মজ্ঞান ক্ষত্ৰিয় জনকৰ পৰাহে শিকিছিল। মনুৱেও তেনে শিক্ষাৰ বিধি দিছে আৰু মোৰ বিবাহো সমৰ্থন কৰিছে। আমাৰ শ্ৰুতি-স্মৃতিত মহা পণ্ডিত সকলে বোধ কৰো পোৱা নাই যে মনুৰ মতেই—

“শ্ৰদ্দধানঃ শুভাং বিদ্যামাদদীতাবৰাদপি।।
অন্ত্যাদপি পৰং ধৰ্ম্মং স্ত্ৰী দুষ্কুলাদপি॥” ২৩৮॥
প্ৰিয়ো ৰত্নান্যথো বিদ্যা ধৰ্ম্মঃ শৌচং সুভাষিতম্।
বিবিধানি ঢ শিল্পানি সমদেয়ানি সৰ্ব্বতঃ॥ ২৪০॥
    মনু—দ্বিতীয়োহধ্যায়ঃ

তাৰ উপৰি সেই মনুৰ ওচৰাউচৰি সময়তে চন্দ্ৰগুপ্তই গ্ৰীক সেনাপতি চিলিউকচৰ কন্যাক বিবাহ কৰাইছিল; তথাপি তেওঁৰ প্ৰধান সচিব মহা পণ্ডিত চাণক্যই দেখোন তাত ব্যাঘাত জন্মোৱা [ ৬৭ ] ছিল। ৰঘুনন্দন আৰু পীতাম্বৰৰ দিনতে চিলাৰাযে মুছলমান ছোৱালী বিয়া কৰাই কেনেকৈ হিন্দু হৈ আছিল, কোৱাঁচোন।

 হৰিৰ কথা শুনি শাও-শপনি দি মোমায়েক গুচি গ'ল।

(৬)

 যথাসময়ত বিয়াৰ আয়োজন হল। নিমন্ত্ৰিতসকলৰ ভিতৰত দিনচেৰেক শিক্ষিত ডেকা মাথোন উপস্থিত আছিল। হৰিয়ে সকলোকে সম্বোধন কৰি কবলৈ ধৰিলে;⸺বন্ধুসকল! আজি আপোনাসকলৰ এই মহানুভবতা দেখি মই সচাঁকৈয়ে আনন্দ পাইছোঁ। আশা কৰোঁ আপোনালোকৰ এই সহানুভূতি আন্তৰিক। আপোনালোকে আজি মোৰ বিবাহত যোগ দিয়াটো মোৰ সৌভাগ্য; কিন্তু ইয়াৰ পিচত সমাজে আপোনালোকক দণ্ড দিবলৈ চেষ্টা কৰিব পাৰে, সভা-সমিতি পাতি আপোনালোকক সমাজ-চ্যুত কৰিবলৈ আগ বাঢ়িব পাৰে। সেই কাৰণে যদি আপোনালোকৰ কোনোবাই তেনে সমাজলৈ ভয় কৰিও বন্ধুতাৰ খাতিৰতহে আহিছে, তেন্তে মই মোৰ কাৰণে তেওঁক দণ্ডনীয় কৰিব নোখোজোঁ। আৰু যদি মোৰ কাৰ্য্য যুক্তি-যুক্ত বুলি ভাবিহে, আপোনাসকল আহিছে, তেন্তে আহক, আজিয়েই আমাৰ নতুন সমাজ গঠন কৰোঁ। তাৰ প্ৰথম পাতনি স্বৰূপে আজি জাতি-বৰ্ণ নিৰ্ব্বিশেষে সকলোৱে একেলগে একে পৰিয়ালৰ মানুহৰ দৰে জল-যোগ কৰক।

 সকলো মান্তি হল। সকলোৱে প্ৰতিজ্ঞা কৰিলে যে তেওঁ[ ৬৮ ] লোকে আজি যি সমাজ পাতিলে, গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিপক্ষে থিয় দিলেও তাক ভাঙ্গিবলৈ প্ৰস্তুত নহয়। তেওঁলোকৰ কথা শুনি হৰিচৰণ আনন্দত আপ্লুত হল। তাৰ পাচত সকলোৱে একেলগে একে ঠাইতে ৰঙ্গে-ধেমালিয়ে খাই-বৈ দৰাৰ লগত কন্যা ঘৰলৈ বাট ললে।

(৭)

 যথাবতে বিবাহ সমাধা হৈ গ'ল। ললিতা আৰু হৰিচৰণৰ দুটি আত্মা এটি হৈ অনন্ত পৰমাত্মাক লক্ষ্য কৰি ধাবমান হ'ল। দুয়োৰে মনত বিমল আনন্দ, পৰম সন্তোষ। আশা কৰোঁ তেওঁৰ বন্ধুসকলে প্ৰতিজ্ঞাত স্থিৰ থাকি আৰু আনন্দ দিব আৰু বিশ্বপ্ৰেমৰ এজোপা সুগন্ধি ফুল ফুলাই জগৎবাসীক সৌৰভ বিতৰণ কৰিব।

⸻⸻

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>