[ ৩৭ ]
(দ্বাৰকাৰ কুমাৰ প্ৰাসাদৰ ভিতৰৰ ফুলনি। অনিৰুদ্ধই ভাবি-গুণি ঘূৰি ফুৰিছিল। দূৰত সূৰ্য অস্তাচললৈ লাহে লাহে নামি গৈছিল। ফুলনিৰ মাজৰ পুখুৰীত সূৰ্যৰ কিৰণ পৰি তিৰবিৰাই আছিল।)
অনিৰুদ্ধ:
|
মই সঁচাকৈয়ে কিবা কুহকত দুগ্ধ হৈ আছোনেকি? সেই চিত্ৰ-বিক্ৰেতা বালকটো দেখি মোৰ মন এনেকুৱা কৰিছে কিয়! তাৰ সৈতে আনকি মই কথা-বতৰাও পতা নাই। তালৈ মোৰ কিয় ইমান মৰম সোমাইছে। সি যেন মোৰ বৰ আপোন কোনোবা। (দূৰলৈ চাই) সৌটো— (তাক দেখি)— বাৰু, তাক মাতি আনাচোন। হেৰা সনাতন— (হাত বাউল দি মাতে। অলপ পিছতে সনাতন সোমায়।)
|
সনাতন:
|
কিহে, কিয় মাতিছিলা? আমি সেই ল’ৰাটোৰ ছবি চাইছো। কি, তুমিও চাবানেকি?
|
অনিৰুদ্ধ:
|
এৰা, ময়ো চাব খুজিছো!
|
সনাতন:
|
বাৰু, মই তেন্তে তাক তোমাৰ ওচৰলৈ পঠাই দিওঁগৈ। বৰ সুন্দৰ ছবি আছে, তুমি ৰাখিলে ৰাখিব পাৰা। (সনাতন যায়গৈ। অনিৰুদ্ধই শিল এটাত বহি ভাবি সেইফালে ল’ৰটোলৈ চাই থাকে। বালক বেশেৰে চিত্ৰই হাতত ছবিৰ টোপোলাৰে সোমাই আহে। চিত্ৰই কুমাৰক সেৱা। জনায়। অনিৰুদ্ধই ল’ৰাটোৰ মূৰৰপৰা ভৰিলৈকে চাবলৈ ধৰে।)
|
চিত্ৰ:
|
কুমাৰ! আপুনি মোক মাতিছে?
|
অনিৰুদ্ধ:
|
এৰা, মই তোমাৰ ছবি চাব খুজিছো। তোমাৰ হাতত কি কি আছে মোক দেখুৱাব পাৰানে।
|
চিত্ৰ:
|
হয় কুমাৰ! দৃশ্যপট আৰু সুন্দৰীৰ। আৰু আন আন প্ৰখ্যাত ৰজাসকলৰো ছবি মোৰ হাতত আছে।
|
(চিত্ৰই টোপোলা মুকলি কৰি ছবি উলিয়ায়)
[ ৩৮ ]
চিত্ৰ:
|
(ছবি এখন দি) এই এখন সুন্দৰ দৃশ্য চাওক।
|
অনিৰুদ্ধ:
|
(হাতত লৈ) ওঁ বৰ সুন্দৰ। চাওঁ আৰু দিয়াচোন। (চিত্ৰই আৰু দিয়ে) বাৰু, আৰু দেখুৱাচোন।
|
চিত্ৰ:
|
(এখন সুন্দৰীৰ ছবি দিয়ে) এইখন চাওক কুমাৰ!
|
অনিৰুদ্ধ:
|
(সেইখন চাই) আৰু দিয়াচোন।
|
চিত্ৰ:
|
(আৰু কিছুমান দিয়ে আৰু খচমচকৈ দিওঁতে ঊষাৰ ছবিখন মাটিত পৰে।)
|
অনিৰুদ্ধ:
|
ওঁ বেছ সুন্দৰ।
(ছবিবোৰ চাবলৈ ধৰে আৰু এবাৰ চকু মাটিত ঊষাৰ ছবিতে পৰে। থৰ হৈ সেই ছবিলৈ চায়; যিমান ভালকৈ চাই তিমান উৎসুক হৈ যায়। পিছত হাতৰ আন ছবিবোৰ পৰি যায় আৰু ঊষাৰ ছবিখন তুলি আনি বৰ ব্যগ্ৰ হৈ চাই।) এঁ এঁ কি প্ৰহেলিকা! চিনি পাওঁ— চিনি পাওঁ— মই ক’ৰবাত দেখিছিলোনেকি? মোৰ এয়ে দেখো সেই ছবিখনি কল্পনাৰ মাজৰপৰা ওলাই আহি এই পটত হাঁহি আছেহি। কত জনমৰে পৰা যেন দেখি আহিছো— ক’ত জনমৰ পৰা মই তোমাৰ অধৰ চুমি আহিছো— ক’ৰবাৰ তোমাৰ হাঁহিত মই উটি-বুৰি সংসাৰ পাহৰি গৈছো। কত জনমৰ পৰা। এয়া এয়া মই তোমাৰ বুকুৰ স্পন্দন শুনিবলৈ পাইছো— এয়া তোমাৰ তপত বিৰহৰ নিশাহে মোৰ গোটেই গা তিয়াই দিছেহি—
|
চিত্ৰ:
|
কুমাৰ— কুমাৰ— কুমাৰ! (অনিৰুদ্ধই চমক খাই ৰয়)
|
চিত্ৰ:
|
মই চিত্ৰ বিক্ৰেতা। আপোনাৰ কি হৈছে?
|
অনিৰুদ্ধ:
|
নহয় নহয়— তুমিতো নোহোৱা চিত্ৰ-বিক্ৰেতা গন্ধৰ্ব বালক। তুমি মোৰ কোনোবা জনমৰ পৰম হিতাকাঙ্ক্ষী, মোৰ প্ৰাণৰ বান্ধৱ ভুললৈ বিধতাই তোমাক গন্ধৰ্ব কুলত জনম দিলেগৈ; তুমিতো গন্ধৰ্ব নোহোৱা। তুমি পুৱতিৰ নবীন সূৰুয, জীৱন-ৰাতিৰ চিৰ আকাঙ্ক্ষিত স্নিগ্ধ ঊষাক আনি মোৰ আগত ঢালি [ ৩৯ ] দিলাহি। তুমিতো বালক নোহোৱা। তুমি পূৰ্ণ যৌৱনৰ অধিষ্ঠাতৃ দেৱতা— যৌৱনৰ বাসনাৰ তৃপ্তি সাধিবলৈ মোৰ আগত থিয় দিছাহি। তুমিতো পাৰ্থিব নোহোৱা। অপাৰ্থিব তুমি। যৌৱনৰ আৰাধ্য দেৱতা স্বৰূপ অনঙ্গ— মোৰ প্ৰেয়সীৰ বাতৰি পঞ্চ শৰৰ আগেদি মোলৈ আনি মোৰ আগত থিয় দিছাহি।
|
চিত্ৰ:
|
কুমাৰ! আপুনি এই ছবিখনি দেখি এনে অধৈৰ্য হৈছে। কি হ’ল আপোনাৰ? আপুনি এই পটৰ মানুহজনীক চিনি পায়নেকি?
|
অনিৰুদ্ধ:
|
চিনি নাপাম? বিধাতাই এওঁৰ সৈতে মোৰ সৃষ্টিৰ প্ৰথম দিনাই চিনাকি কৰি দিছে। সেই চিন আৰু মই ক’ত হেৰুৱাব পাৰো! মোৰ আত্মাই এওঁক চিনি পায়। তুমি ক’ব পাৰানে বালক, এওঁ ক’ত আছে?
|
চিত্ৰ:
|
আপুনি এওঁক কেনেকৈ চিনি পায়? আপুনি জানো আগেয়ে ক’ৰবাত দেখিছে?
|
অনিৰুদ্ধ:
|
জনমে জনমে দেখি আহিছো, মোৰ অন্তৰৰ গুপুত বেহুৰ মাজত লুকাই মোৰ সৈতে সদায় কথা পাতি আছে। আকৌ তুমি অচিনাকি বুলি কৈছা? মূৰ্খ বালক!
|
চিত্ৰ:
|
অৱশ্যে আপুনি ক’ৰবাত দেখিব পাৰে। আগৰ চিনাকিও থাকিব পাৰে।
|
(অনিৰুদ্ধই পটখন লৈ চাই বহুত পৰ নিতাল মাৰি বহি থাকে।)
অনিৰুদ্ধ:
|
অ’ বালক, তুমি মোৰ সৈতে আহা। আহা—
|
(এই বুলি অনিৰুদ্ধই ছবি চাই চাই এফালে গুচি যায়। চিত্ৰ অলপ ৰয়।)
(ছবিৰ টোপোলা লৈ অনিৰুদ্ধৰ গতি-বিধি চাই চাই এখোজ-দুখোজকৈ অনিৰুদ্ধৰ পাছে পাছে যায়গৈ। কিছুপৰৰ পাছত [ ৪০ ] দুয়ো কথা পাতি সোমাই আহে। অনিৰুদ্ধ বৰ গহীন আৰু উৎসুক।)
চিত্ৰ:
|
সঁচাই, মোৰ কল্পনাৰ। (এৰা, এওঁক ভালকৈ পৰীক্ষা কৰি চোৱা যাওক এওঁ কিমান দ।)
|
অনিৰুদ্ধ:
|
সঁচা কথা কোৱা, চিত্ৰ-বিক্ৰেতা বালক! এই ছবি কাল্পনিক নে জীৱন্ত? কোৱা, কোৱা— বালক, কোৱা—।
|
অনিৰুদ্ধ:
|
কাল্পনিক! এই ছবি বাস্তৱ জগতত নাই। নহয় নহয়, তোমাৰ কল্পনাইতো এনে কল্পনা কৰিব নোৱাৰা ৰূপ কল্পনা কৰিব নোৱাৰে। নিশ্চয় এই কুঁৱৰী জীৱন্ত। কাৰবাৰ ৰূপ-মাধুৰী তুমি, দেখিছিলা, সেয়েই তোমাৰ চিত্ৰপটত নজনাভাৱে প্ৰকাশ পাইছে। সঁচা কথা কোৱা বালক। তুমি ক’ত দেখিছিলা? কোৱা।
|
চিত্ৰ:
|
(অলপ হঁহা যেন কৰে।) সঁচা।
|
অনিৰুদ্ধ:
|
কি তুমি, হাঁহিছা! নহয় নহয় তুমি জানা; তুমি জানা! মোৰ অস্থি-পঞ্জৰ চুৰমাৰ হৈ যাব খুজিছে। ক’ত আছে? ক’ত আছে কোৱা। গন্ধৰ্ব! অনিৰুদ্ধৰ যথাসৰ্বস্ব তোমাৰ, তুমি কেৱল মোক কোৱা এওঁ কোন?
|
চিত্ৰ:
|
আপুনিনো জানিব পাৰিলে কি কৰিব?
|
অনিৰুদ্ধ:
|
তুমি ল’ৰা মানুহ— যাওক সেইবোৰ কথা কোৱা, কোৱা, (চিত্ৰৰ গাত হাত দি সোধে আৰু আচৰিত হৈ আঁতৰি আহি) কি বালক, তুমি কোন? মায়াবী! বালক— তুমিতো বালক নোহোৱা! তুমি কোনোবা মায়াবিনী। তোমাৰ স্পৰ্শত কি উন্মাদনা সনা আছে। কি কোমলতা সনা আছে। কোন? কোন তুমি ছদ্মবেশী? তোমাৰ বালকত্বৰ ওপৰত মোৰ সন্দেহ হৈছে। নহয়, নহয়; তুমি কোনোবা মায়াবী, মোক কিবা মোহিনী মন্ত্ৰেৰে ভুলাব খুজিছা। (অলপপৰ ৰৈ) কিন্তু, মোৰ যে এই ছবিখনি চিৰপৰিচিত। কি প্ৰহেলিকা, মই একো বুজা নাই।
|
[ ৪১ ]
চিত্ৰ:
|
আৰুতো ছদ্মবেশেৰে নোৱাৰি। এনে তীক্ষ্ণ অনুভৱ শক্তি! কুমাৰ! আপুনি স্থিৰ হওক। মই আপোনাক ভাঙি-পাতি কওঁ। এই ছবিখনি জীৱন্ত!
|
অনিৰুদ্ধ:
|
জীৱন্ত! জীৱন্ত।
|
চিত্ৰ:
|
কুমাৰ! থিৰ হৈ বহক। মই কওঁ শুনক
|
চিত্ৰ:
|
বাৰু কুমাৰ! মই আগেয়ে এটা কথা সোধো, ক’বনে?
|
অনিৰুদ্ধ:
|
কোৱা কি ক’ব খুজিছা।
|
চিত্ৰ:
|
আপুনি এই ছবিখনত থকা—
|
অনিৰুদ্ধ:
|
ওঁ ওঁ বুজিছো। মই নিজেই ক’ব নোৱাৰো মই কেনেকৈ চিনি পাওঁ, ক’ত দেখিছিলো। এওঁ কিন্তু মোৰ চিনাকি। এই মুখখন মোৰ বৰ আপোন। কোৱা বালক, এওঁ ক’ত আছে?
|
চিত্ৰ:
|
(চিত্ৰ মানে মনে থাকে।)
|
অনিৰুদ্ধ:
|
(কিছুপৰ মনে মনে থাকি) তুমি এতিয়া ক’লৈ যাবা?
|
চিত্ৰ:
|
মই চিত্ৰ বেচিবলৈ আন ঠাইলৈ যাম।
|
অনিৰুদ্ধ:
|
বালক! তোমাৰ মুখৰ ভাব কিয় এনে?
|
অনিৰুদ্ধ:
|
বালক! (মনে মনে ভাবে)
|
চিত্ৰ:
|
এৰা এতিয়াই আত্মপ্ৰকাশ নকৰিলে বেয়া হ’ব কুমাৰ!
|
চিত্ৰ:
|
সঁচা কথা কওঁ শুনক।
|
চিত্ৰ:
|
মই এই কুঁৱৰীৰ তাৰ পৰা আহিছো।
|
[ ৪২ ]
চিত্ৰ:
|
সঁচা, মই গন্ধৰ্ব বালক নহওঁ।
(বালক বেশ পৰিত্যাগ কৰে। অনিৰুদ্ধ আচৰিত হয়।)
আচৰিত নহ’ব কুমাৰ। মইয়ে এই কুঁৱৰীৰ সখীয়েক চিত্ৰলেখা।
|
অনিৰুদ্ধ:
|
কি! তুমিয়েই চিত্ৰলেখা?
|
চিত্ৰ:
|
এৰা। মই আপোনাক নিবলৈ আহিছো। মোৰ সখী বাণৰ জীয়ৰী ঊষা আপোনাৰ প্ৰণয়প্ৰাৰ্থিনী।
|
অনিৰুদ্ধ:
|
প্ৰণয়প্ৰাৰ্থিনী? ঊষা?— নহয়, নহয়। তুমি কোনোবা মায়াবিনীনেকি? মোক ছলনা কৰিছাহি। তুমি যে চিত্ৰলেখা, নৃত্যগীত-বিশাৰদা শোণিত মন্ত্ৰীৰ জীয়ৰী, তাক মই কেনেকৈ জানিম? তোমাৰ আগত মই কি বুলি থিয় দি থাকিম— মইতো তোমাক বিশ্বাস কৰিব নোৱাৰো। তুমি কোনোবা ছদ্মবেশী মায়াবিনী।
|
অনিৰুদ্ধ:
|
নিশ্চয়। নহ’লে মই তোমাৰ সৈতে আৰু কথা নাপাতো, তুমি মায়াবিনী।
|
চিত্ৰ:
|
তেন্তে মই কিহেৰে প্ৰমাণ কৰিব লাগে?
|
অনিৰুদ্ধ:
|
নৃত্যেৰে যদি বিশ্বাস কৰিব পাৰা। চিত্ৰলেখাৰ সেই অসামান্য নৃত্য যদি দেখুৱাব পাৰা তেহে তোমাক মই চিত্ৰ বুলি পতিয়াম।
|
চিত্ৰ:
|
বাৰু তেন্তে। মোৰ মায়াৰ কৌশলৰ সময় এতিয়াই। (চিত্ৰলেখাই মায়াৰ প্ৰভাৱেৰে সেই ঠাইডোখৰ এই দৃশ্যলৈ পৰিণত কৰে, অনিৰুদ্ধই মুগ্ধ হৈ চাই থাকে।)
|
∗ ∗ ∗ “দিব্য উপবন
দেখিলন্ত বিদ্যমান।
ফুল ফুল ধৰি জমক কৰি
আছে যত বৃক্ষ মান॥
[ ৪৩ ]
শিৰীষ জেউতী তমাল মালতী
লবঙ্গ ৰাগী গুলাল।
কৰবীৰ বক কাঞ্চন চম্পক
ফলে ভৰে ভাঙ্গে ডাল॥
শেৱালি নেৱালি পলাশ পাৰলী
পাৰিজাত যুথী জাই।
বকুল বন্দুলী আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই॥
কনোৰ কনাৰী কদম্ব বাবৰী
নাগেশ্বৰ সিংহচম্পা।
অশোক অপাৰ দেৱনা মন্দাৰ
মণিৰাজ ৰাজচম্পা॥
কুল কুৰুবক কেতেকী তগৰ
গোন্ধে মোহে বহুদূৰ
গুটিমালী ভেণ্টি ৰঙ্গীন ৰেৱতী
মৰুৱা মধাই ধুস্তুৰ॥
চন্দন অগৰু দিব্য কল্পতৰু
দেৱদাৰু পদ্মবাসী
প্ৰতি গাছে গাছে ভিণ্ডা বান্ধি আছে
সুবৰ্ণ মাণিকে খচি॥
মণি মৰকত স্থলী নানা মত
দীপ্তি কৰে তাৰ কাছে
মহা মনোহৰ দীঘি সৰোবৰ
তাৰ মাজে মাজে আছে॥
চাৰিয়ো কাষৰে প্ৰৱাল বাখৰে
বান্ধিলা বিচিত্ৰ কৰি।
বৈদুৰ্যৰ বাট স্ফটিকৰ ঘাট
মৰকত খাটখৰি॥
[ ৪৪ ]
সুবৰ্ণ কমল ভেট উতপল
ফুলি ফুলি আছে ৰঞ্জি।
শোভে চক্ৰবাক ৰাজ হংসজাক
মৃণালে ভুঞ্জে উভঞ্জি॥
কোণ্ডা কঙ্ক বক বিবিধ চটক
ভ্ৰমন্ত নিৰ্ভয়ভাৱে।
অমৃত সমান জল কৰি পান
ত্যজে সুললিত ৰাৱে॥
চাৰিয়ো পাৰত দিব্য পুষ্প যত
গন্ধে দশোদিশ বাসে।
অনেক ভ্ৰমৰে বেড়িয়া গুঞ্জৰে
মধু পান অভিলাষে।
যত দিব্য পক্ষী ফল ফুল ভক্ষি
কাঢ়য় সুস্বৰ ৰাৱ॥
কুহু কুহু ধ্বনি কোকিলৰ শুনি
বহয় মলয়া ৰাৱ॥”
(তাৰ পাছত চিত্ৰলেখাই মোহিনী বেশ ধৰি নাচিবলৈ ধৰে। অনিৰুদ্ধ লাহে লাহে মুগ্ধ হৈ যাবলৈ ধৰে।)
∗ ∗ ∗ ∗ ∗ ∗
দিব্য কন্যা আছে এক তাতে।
কোটি লক্ষ্মী সম নোহে কটাক্ষে ত্ৰৈলোক্য মোহে
ভণ্টা খেৰি খেলে দুয়ো হাতে॥
তপ্ত সুবৰ্ণ সম জ্বলে দেহ নিৰুপম
ললিত বলিত হাত পাৱ।
চক্ষু কমলৰ পাশি মুখে মনোহৰ হাসি
সঘনে দৰশৈ কামভাৱ।
[ ৪৫ ]
উৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ ছটা
লীলাগতি দেখাই ফুৰে পাক।
সোলকে উচ্ছল খোপা খসে পাৰিজাত থোপা
ৰামহাতে সম্বৰন্ত তাক॥
কৰ্ণৰ কুণ্ডল দোলে ∗ ∗ ∗
গলে ৰত্নমালা জিকি পাৰে।
সুবৰ্ণ কঙ্কন ধ্বনি কৰে ৰুণঝুন শুনি
প্ৰকাশে হৃদয় হেমহাৰে॥
কণ্ঠে লৰে সাতসৰি লয়লাসে কাঢ়ে ভৰি
আগবাঢ়ি পাছে গুচি যান্ত।
∗ ∗ ∗ যেন ম’য়ৰা ধৰে চালি
∗ ∗ কটাক্ষ কৰি চান্ত॥
দৰশান্ত কাষ পিঠি খনো হাসে সমদৃষ্টি
চাহি লাজে চান্ত চক্ষু মুদি।
ভ্ৰমন্ত অনেক ভাৱে উৰুৱাৱে বস্ত্ৰ বাৱে
∗ ∗ ∗ ∗
কঙ্কালে কিঙ্কিণী বাজে চৰণ কমল মাজে
ৰত্নৰ নূপুৰ ৰুণঝুন।
হালে অতি মধ্যদেশ সংসাৰ মোহিনী বেশ
একো অঙ্গে নাহি খতিখুন॥
মুখ চন্দ্ৰসম শোভে পদ্মৰ সুৰভি লোভে
বেঢ়ি মধুকৰে কৰে ৰোল।
শৰীৰৰ লাস বেশ নেত্ৰৰ কটাক্ষ ঠেস
∗ ∗ ∗ ∗॥
ভণ্টা খেৰি খেলান্তে হাতৰ পৰা উৰি।
গৈল গুটি পাছে কতো দূৰক উফৰি॥”
(তাতে চিত্ৰই তেতিয়া কুমাৰৰ ফালে চাই লাহে লাহে আঁতৰি গৈ থাকে। অনিৰুদ্ধ মুগ্ধ হৈ পাছে পাছে গুচি যায়গৈ।)