পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

৩৯

দিলাহি। তুমিতো বালক নোহোৱা। তুমি পূৰ্ণ যৌৱনৰ অধিষ্ঠাতৃ দেৱতা— যৌৱনৰ বাসনাৰ তৃপ্তি সাধিবলৈ মোৰ আগত থিয় দিছাহি। তুমিতো পাৰ্থিব নোহোৱা। অপাৰ্থিব তুমি। যৌৱনৰ আৰাধ্য দেৱতা স্বৰূপ অনঙ্গ— মোৰ প্ৰেয়সীৰ বাতৰি পঞ্চ শৰৰ আগেদি মোলৈ আনি মোৰ আগত থিয় দিছাহি।

চিত্ৰ: কুমাৰ! আপুনি এই ছবিখনি দেখি এনে অধৈৰ্য হৈছে। কি হ’ল আপোনাৰ? আপুনি এই পটৰ মানুহজনীক চিনি পায়নেকি?
অনিৰুদ্ধ: চিনি নাপাম? বিধাতাই এওঁৰ সৈতে মোৰ সৃষ্টিৰ প্ৰথম দিনাই চিনাকি কৰি দিছে। সেই চিন আৰু মই ক’ত হেৰুৱাব পাৰো! মোৰ আত্মাই এওঁক চিনি পায়। তুমি ক’ব পাৰানে বালক, এওঁ ক’ত আছে?
চিত্ৰ: আপুনি এওঁক কেনেকৈ চিনি পায়? আপুনি জানো আগেয়ে ক’ৰবাত দেখিছে?
অনিৰুদ্ধ: জনমে জনমে দেখি আহিছো, মোৰ অন্তৰৰ গুপুত বেহুৰ মাজত লুকাই মোৰ সৈতে সদায় কথা পাতি আছে। আকৌ তুমি অচিনাকি বুলি কৈছা? মূৰ্খ বালক!
চিত্ৰ: অৱশ্যে আপুনি ক’ৰবাত দেখিব পাৰে। আগৰ চিনাকিও থাকিব পাৰে।

 (অনিৰুদ্ধই পটখন লৈ চাই বহুত পৰ নিতাল মাৰি বহি থাকে।)

চিত্ৰ: কুমাৰ!
অনিৰুদ্ধ: অ’ বালক, তুমি মোৰ সৈতে আহা। আহা—

 (এই বুলি অনিৰুদ্ধই ছবি চাই চাই এফালে গুচি যায়। চিত্ৰ অলপ ৰয়।)

চিত্ৰ: কিনো কথা আকৌ!

 (ছবিৰ টোপোলা লৈ অনিৰুদ্ধৰ গতি-বিধি চাই চাই এখোজ-দুখোজকৈ অনিৰুদ্ধৰ পাছে পাছে যায়গৈ। কিছুপৰৰ পাছত