শোণিত কুঁৱৰী/তৃতীয় অঙ্ক, তৃতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৩৪ ]
 

তৃতীয় দৰ্শন

 (সন্ধ্যা সময়ত দ্বাৰকাৰ ৰাজআলিত বালকবেশী চিত্ৰলেখা।)

চিত্ৰ: এতিয়া মইতো বালকবেশী। মোক আৰু চিনে কোনে? মই এতিয়া এটি চিত্ৰ-বিক্ৰেতা। পিছে অনিৰুদ্ধৰ মন্দিৰলৈ সোমাওঁ কেনেকৈ? মই কম, মই গন্ধৰ্ব বালক, দেশে দেশে চিত্ৰ বেচি ফুৰো। তেন্তে নিশ্চয় সোমাবলৈ দিব। সন্দেহ কৰিবৰ কোনো কাৰণেই নাই। কুমাৰকতো আগেয়ে চাব লাগিব। কুমাৰৰতো মন বুজিব লাগিব। যদি সফল হওঁ, কুমাৰক নি যদি ঊষাক শোধাবগৈ পাৰো কি আনন্দ, সখীৰেইবা কিমান আনন্দ হ’ব! (এজন বাটৰুৱা আহে।)
বাটৰুৱা: কৃষ্ণাই কৃষ্ণাই (চিত্ৰক দেখি) এহে তুমিনো ক’ৰ? তুমি ইয়াৰে নে আন ঠাইৰ? তুমি আন ক’ৰবাৰ হ’বলা।)
চিত্ৰ: সঁচা আপুনি ঠিক ধৰিছে। মই ইয়াৰ নহয়, আন ঠাইৰহে।
বাটৰুৱা: কোন ঠাইৰনো? তুমি ইয়ালৈ আহিছা কিয়?
চিত্ৰ: মই গন্ধৰ্ব, মই এটি চিত্ৰ-বিক্ৰেতা। মই দেশে দেশে চিত্ৰ বেচি ফুৰো।
বাটৰুৱা: অ’ তুমি চিতৰ বেচা? তোমাৰনো কি কি চিতৰ আছে?
চিত্ৰ: জগতৰ শুৱনি শুৱনি যুৱতীসকলৰ নানান দৃশ্যৰ, আৰু আন আন চিত্ৰ আছে। আপুনি কেইখনমান ল’বনে?
বাটৰুৱা: বাৰু দিয়াচোন চাওঁ। লমনো কি, আমি চায়েই লওঁ—
চিত্ৰ: নিশ্চয় নিশ্চয়, চাওক আপুনি—

(এজনী সুন্দৰী যুৱতীৰ ছবি দিয়ে।)

বাটৰুৱা: অহ্ (ভালকৈ চাই) বৰ সুন্দৰ বৰ সুন্দৰ। কিনো চাবা? মুখকে চাবানে, দাঁতকে চাবানে, চুলিটাৰিকে চাবা?— উস্? নোৱাৰি দেওহে, চকুত চমক্ লাগি যাব।
চিত্ৰ: কি বাটৰুৱাকাই! দেখোন থৰ লাগি চাই কিবাখন বকিছে! কি হ’ল, বৰ মন খাইছেনেকি? মোৰ ইয়াত আৰু বৰ ভাল ভাল ছবি আছে।
[ ৩৫ ]
বাটৰুৱা: ওঁ খাবতো! পিছে মন খালেনো হ’ব কি? নাখালেও বা হ’ব কি? আমি যেনে আছো সেয়েই— উস্ মানুহজনীও কম ধুনীয়া নহয় দিয়া।
চিত্ৰ: (হাঁহি) বাৰু মানুহজনী যেনিবা নাপালেই, ছবিখনতো পাব। ছবিখনকে লৈ নাযায় কিয়? ইমানকৈ যদি মন খাইছে নিয়ক। দামো সস্তা, বস্তুও বৰ ভাল, আপোনাক আৰু অলপ সস্তাতে দিম।
বাটৰুৱা: এৰা এৰা, সেই বুলিয়েই ধনকেটা সৰকাব খুজিছা হ’বলা। এইখন নি আমি কৰিম কি? ধোঁৱাচাঙত তুলি থৈ ইফালে মূৰ ভুকুৱাই মৰিলেহে হ’ব।
চিত্ৰ: যাওক হেৰি! ধুনীয়া বস্তুটোনো কেনেকৈ এৰি যায়? আপোনাৰ বাৰু ছবিখনলৈ মৰম লগা নাইনে? নিয়ক, দাম সস্তা। ঘৰৰ বেৰত আঁৰি থ’ব। দেখি মনটোও ভাল লাগি থাকিব আৰু ঘৰটোও দেখিবলৈ শুৱনি হৈ থাকিব।
বাটৰুৱা: এৰা, (মূৰ খজুৱাই) তুমি দেখিছো কম নহয়। ল’বৰ মনো গৈছে। বাৰু দামনে কি?
চিত্ৰ: এ, দাম তেনেই সস্তা।
বাটৰুৱা: কিমাননো তেও?
চিত্ৰ: মাত্ৰ দহ সুবৰ্ণ মুদ্ৰা।
বাটৰুৱা: আও মোৰ মতা গোসাঁই। আও মোৰ কলীয়া কৃষ্ণ গোসাঁই। জুই-চাই তলত, আও চুবকে নোৱাৰি। ওহোঁ— ওঁহো— ওহোঁ।
চিত্ৰ: ইমান সস্তা, আকৌ আপুনি দামহে বুলিছে? আচলতে আপোনাৰ ল’বৰ মন নাই!
বাটৰুৱা: নাই নলওঁ— নলওঁ— ওঁহো— ওঁহো!

(যাব খোজে)

চিত্ৰ: বাৰু ল’ব নালাগে। এটা কথা সোধো, ৰাজকোঁৱৰহঁতৰ ঘৰ কোনফালে?
[ ৩৬ ]
বাটৰুৱা: মানুহক সুধিলে গম পাবা! এই বাটটোৱেদি গৈ থাকা বাৰু, এতিয়া যাওঁহে, তুমি যাবা।

(বাটৰুৱাটো যায়গৈ)

চিত্ৰ: এৰা, এতিয়া কুমাৰৰ তালৈহে যাব লাগিল। কিবা বুদ্ধি কৰি কুমাৰৰ সৈতে চিনাকি হোৱা যাওক।

(এনেতে সনাতন সোমাই আহে।)

সনাতন: তুমি ক’ৰ?
চিত্ৰ: মই গন্ধৰ্ব, চিত্ৰ-বিক্ৰেতা। মই চিত্ৰ বেচি ফুৰো।
সনাতন: তুমি ইয়ালৈ অহা কিমান দিন হ’ল?
চিত্ৰ: মই এতিয়া পাইছোহিহে।
সনাতন: তুমি এতিয়া ক’ৰ পৰা আহিলা?
চিত্ৰ: মই বহু ৰাজ্য ঘূৰি ঘূৰি আহিছো।
সনাতন: তুমিনো কি চিত্ৰ বেচা?
চিত্ৰ: মই সুন্দৰ সুন্দৰ দৃশ্যপট আৰু নানা সুন্দৰীসকলৰ পট বেচো।
সনাতন: বাৰু, এখন দেখুৱাচোন।
চিত্ৰ: (এখন ছবি দিয়ে) চাওক—
সনাতন: (ছবি চাই) বেছ সুন্দৰ ছবি। বাৰু, মই তোমাৰ কেইখনমান ছবি লম। তুমি মোৰ সৈতে আহিব পাৰিবানে?
চিত্ৰ: ক’লৈ কুমাৰ?
সনাতন: কুমাৰৰ প্ৰাসাদলৈ।
চিত্ৰ: কুমাৰৰ প্ৰাসাদলৈ? আপোনাৰ পৰিচয় মই পাব পাৰোনে?
সনাতন: ওঁ, মই কুমাৰ অনিৰুদ্ধৰ এজন বন্ধু।
চিত্ৰ: ভাল তেন্তে, বলক কুমাৰ।
সনাতন: আহা তেন্তে।

(আগবাঢ়ে)

চিত্ৰ: এৰা, এই সুবিধাতে অনিৰুদ্ধৰ কাষ চাপিবগৈ লাগিব।

(যায়গৈ)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )