পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৮

চিত্ৰ: (ছবি এখন দি) এই এখন সুন্দৰ দৃশ্য চাওক।
অনিৰুদ্ধ: (হাতত লৈ) ওঁ বৰ সুন্দৰ। চাওঁ আৰু দিয়াচোন। (চিত্ৰই আৰু দিয়ে) বাৰু, আৰু দেখুৱাচোন।
চিত্ৰ: (এখন সুন্দৰীৰ ছবি দিয়ে) এইখন চাওক কুমাৰ!
অনিৰুদ্ধ: (সেইখন চাই) আৰু দিয়াচোন।
চিত্ৰ: (আৰু কিছুমান দিয়ে আৰু খচমচকৈ দিওঁতে ঊষাৰ ছবিখন মাটিত পৰে।)
অনিৰুদ্ধ: ওঁ বেছ সুন্দৰ।

(ছবিবোৰ চাবলৈ ধৰে আৰু এবাৰ চকু মাটিত ঊষাৰ ছবিতে পৰে। থৰ হৈ সেই ছবিলৈ চায়; যিমান ভালকৈ চাই তিমান উৎসুক হৈ যায়। পিছত হাতৰ আন ছবিবোৰ পৰি যায় আৰু ঊষাৰ ছবিখন তুলি আনি বৰ ব্যগ্ৰ হৈ চাই।)
এঁ এঁ কি প্ৰহেলিকা! চিনি পাওঁ— চিনি পাওঁ— মই ক’ৰবাত দেখিছিলোনেকি? মোৰ এয়ে দেখো সেই ছবিখনি কল্পনাৰ মাজৰপৰা ওলাই আহি এই পটত হাঁহি আছেহি। কত জনমৰে পৰা যেন দেখি আহিছো— ক’ত জনমৰ পৰা মই তোমাৰ অধৰ চুমি আহিছো— ক’ৰবাৰ তোমাৰ হাঁহিত মই উটি-বুৰি সংসাৰ পাহৰি গৈছো। কত জনমৰ পৰা। এয়া এয়া মই তোমাৰ বুকুৰ স্পন্দন শুনিবলৈ পাইছো— এয়া তোমাৰ তপত বিৰহৰ নিশাহে মোৰ গোটেই গা তিয়াই দিছেহি—

চিত্ৰ: কুমাৰ— কুমাৰ— কুমাৰ! (অনিৰুদ্ধই চমক খাই ৰয়)
অনিৰুদ্ধ: কোন? কোন? এঁ!
চিত্ৰ: মই চিত্ৰ বিক্ৰেতা। আপোনাৰ কি হৈছে?
অনিৰুদ্ধ: নহয় নহয়— তুমিতো নোহোৱা চিত্ৰ-বিক্ৰেতা গন্ধৰ্ব বালক। তুমি মোৰ কোনোবা জনমৰ পৰম হিতাকাঙ্ক্ষী, মোৰ প্ৰাণৰ বান্ধৱ ভুললৈ বিধতাই তোমাক গন্ধৰ্ব কুলত জনম দিলেগৈ; তুমিতো গন্ধৰ্ব নোহোৱা। তুমি পুৱতিৰ নবীন সূৰুয, জীৱন-ৰাতিৰ চিৰ আকাঙ্ক্ষিত স্নিগ্ধ ঊষাক আনি মোৰ আগত ঢালি