পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৩

শিৰীষ জেউতী তমাল মালতী
লবঙ্গ ৰাগী গুলাল।
কৰবীৰ বক কাঞ্চন চম্পক
ফলে ভৰে ভাঙ্গে ডাল॥
শেৱালি নেৱালি পলাশ পাৰলী
পাৰিজাত যুথী জাই।
বকুল বন্দুলী আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই॥
কনোৰ কনাৰী কদম্ব বাবৰী
নাগেশ্বৰ সিংহচম্পা।
অশোক অপাৰ দেৱনা মন্দাৰ
মণিৰাজ ৰাজচম্পা॥
কুল কুৰুবক কেতেকী তগৰ
গোন্ধে মোহে বহুদূৰ
গুটিমালী ভেণ্টি ৰঙ্গীন ৰেৱতী
মৰুৱা মধাই ধুস্তুৰ॥
চন্দন অগৰু দিব্য কল্পতৰু
দেৱদাৰু পদ্মবাসী
প্ৰতি গাছে গাছে ভিণ্ডা বান্ধি আছে
সুবৰ্ণ মাণিকে খচি॥
মণি মৰকত স্থলী নানা মত
দীপ্তি কৰে তাৰ কাছে
মহা মনোহৰ দীঘি সৰোবৰ
তাৰ মাজে মাজে আছে॥
চাৰিয়ো কাষৰে প্ৰৱাল বাখৰে
বান্ধিলা বিচিত্ৰ কৰি।
বৈদুৰ্যৰ বাট স্ফটিকৰ ঘাট
মৰকত খাটখৰি॥