পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪০

দুয়ো কথা পাতি সোমাই আহে। অনিৰুদ্ধ বৰ গহীন আৰু উৎসুক।)

চিত্ৰ: সঁচাই, মোৰ কল্পনাৰ। (এৰা, এওঁক ভালকৈ পৰীক্ষা কৰি চোৱা যাওক এওঁ কিমান দ।)
অনিৰুদ্ধ: সঁচা কথা কোৱা, চিত্ৰ-বিক্ৰেতা বালক! এই ছবি কাল্পনিক নে জীৱন্ত? কোৱা, কোৱা— বালক, কোৱা—।
চিত্ৰ: সঁচাই কাল্পনিক।
অনিৰুদ্ধ: কাল্পনিক! এই ছবি বাস্তৱ জগতত নাই। নহয় নহয়, তোমাৰ কল্পনাইতো এনে কল্পনা কৰিব নোৱাৰা ৰূপ কল্পনা কৰিব নোৱাৰে। নিশ্চয় এই কুঁৱৰী জীৱন্ত। কাৰবাৰ ৰূপ-মাধুৰী তুমি, দেখিছিলা, সেয়েই তোমাৰ চিত্ৰপটত নজনাভাৱে প্ৰকাশ পাইছে। সঁচা কথা কোৱা বালক। তুমি ক’ত দেখিছিলা? কোৱা।
চিত্ৰ: (অলপ হঁহা যেন কৰে।) সঁচা।
অনিৰুদ্ধ: কি তুমি, হাঁহিছা! নহয় নহয় তুমি জানা; তুমি জানা! মোৰ অস্থি-পঞ্জৰ চুৰমাৰ হৈ যাব খুজিছে। ক’ত আছে? ক’ত আছে কোৱা। গন্ধৰ্ব! অনিৰুদ্ধৰ যথাসৰ্বস্ব তোমাৰ, তুমি কেৱল মোক কোৱা এওঁ কোন?
চিত্ৰ: আপুনিনো জানিব পাৰিলে কি কৰিব?
অনিৰুদ্ধ: তুমি ল’ৰা মানুহ— যাওক সেইবোৰ কথা কোৱা, কোৱা, (চিত্ৰৰ গাত হাত দি সোধে আৰু আচৰিত হৈ আঁতৰি আহি) কি বালক, তুমি কোন? মায়াবী! বালক— তুমিতো বালক নোহোৱা! তুমি কোনোবা মায়াবিনী। তোমাৰ স্পৰ্শত কি উন্মাদনা সনা আছে। কি কোমলতা সনা আছে। কোন? কোন তুমি ছদ্মবেশী? তোমাৰ বালকত্বৰ ওপৰত মোৰ সন্দেহ হৈছে। নহয়, নহয়; তুমি কোনোবা মায়াবী, মোক কিবা মোহিনী মন্ত্ৰেৰে ভুলাব খুজিছা। (অলপপৰ ৰৈ) কিন্তু, মোৰ যে এই ছবিখনি চিৰপৰিচিত। কি প্ৰহেলিকা, মই একো বুজা নাই।