এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
অনিৰুদ্ধ: | কি? কি? |
চিত্ৰ: | সঁচা, মই গন্ধৰ্ব বালক নহওঁ।
(বালক বেশ পৰিত্যাগ কৰে। অনিৰুদ্ধ আচৰিত হয়।) |
অনিৰুদ্ধ: | কি! তুমিয়েই চিত্ৰলেখা? |
চিত্ৰ: | এৰা। মই আপোনাক নিবলৈ আহিছো। মোৰ সখী বাণৰ জীয়ৰী ঊষা আপোনাৰ প্ৰণয়প্ৰাৰ্থিনী। |
অনিৰুদ্ধ: | প্ৰণয়প্ৰাৰ্থিনী? ঊষা?— নহয়, নহয়। তুমি কোনোবা মায়াবিনীনেকি? মোক ছলনা কৰিছাহি। তুমি যে চিত্ৰলেখা, নৃত্যগীত-বিশাৰদা শোণিত মন্ত্ৰীৰ জীয়ৰী, তাক মই কেনেকৈ জানিম? তোমাৰ আগত মই কি বুলি থিয় দি থাকিম— মইতো তোমাক বিশ্বাস কৰিব নোৱাৰো। তুমি কোনোবা ছদ্মবেশী মায়াবিনী। |
চিত্ৰ: | মোৰ পৰিচয় লাগে? |
অনিৰুদ্ধ: | নিশ্চয়। নহ’লে মই তোমাৰ সৈতে আৰু কথা নাপাতো, তুমি মায়াবিনী। |
চিত্ৰ: | তেন্তে মই কিহেৰে প্ৰমাণ কৰিব লাগে? |
অনিৰুদ্ধ: | নৃত্যেৰে যদি বিশ্বাস কৰিব পাৰা। চিত্ৰলেখাৰ সেই অসামান্য নৃত্য যদি দেখুৱাব পাৰা তেহে তোমাক মই চিত্ৰ বুলি পতিয়াম। |
চিত্ৰ: | বাৰু তেন্তে। মোৰ মায়াৰ কৌশলৰ সময় এতিয়াই। (চিত্ৰলেখাই মায়াৰ প্ৰভাৱেৰে সেই ঠাইডোখৰ এই দৃশ্যলৈ পৰিণত কৰে, অনিৰুদ্ধই মুগ্ধ হৈ চাই থাকে।) |
∗ ∗ ∗ “দিব্য উপবন
দেখিলন্ত বিদ্যমান।
ফুল ফুল ধৰি জমক কৰি
আছে যত বৃক্ষ মান॥