পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪১

চিত্ৰ: আৰুতো ছদ্মবেশেৰে নোৱাৰি। এনে তীক্ষ্ণ অনুভৱ শক্তি! কুমাৰ! আপুনি স্থিৰ হওক। মই আপোনাক ভাঙি-পাতি কওঁ। এই ছবিখনি জীৱন্ত!
অনিৰুদ্ধ: জীৱন্ত! জীৱন্ত।
চিত্ৰ: কুমাৰ! থিৰ হৈ বহক। মই কওঁ শুনক

(অনিৰুদ্ধ আচৰিত হৈ বহে!)

অনিৰুদ্ধ: কোৱা কোৱা
চিত্ৰ: বাৰু কুমাৰ! মই আগেয়ে এটা কথা সোধো, ক’বনে?
অনিৰুদ্ধ: কোৱা কি ক’ব খুজিছা।
চিত্ৰ: আপুনি এই ছবিখনত থকা—
অনিৰুদ্ধ: ওঁ ওঁ বুজিছো। মই নিজেই ক’ব নোৱাৰো মই কেনেকৈ চিনি পাওঁ, ক’ত দেখিছিলো। এওঁ কিন্তু মোৰ চিনাকি। এই মুখখন মোৰ বৰ আপোন। কোৱা বালক, এওঁ ক’ত আছে?
চিত্ৰ: (চিত্ৰ মানে মনে থাকে।)
অনিৰুদ্ধ: কোৱা বালক।
চিত্ৰ: এওঁ শোণিতৰ।
অনিৰুদ্ধ: শোণিতৰ!
চিত্ৰ: এৰা। বাণৰ জীয়ৰী।
অনিৰুদ্ধ: (কিছুপৰ মনে মনে থাকি) তুমি এতিয়া ক’লৈ যাবা?
চিত্ৰ: মই চিত্ৰ বেচিবলৈ আন ঠাইলৈ যাম।
অনিৰুদ্ধ: বালক! তোমাৰ মুখৰ ভাব কিয় এনে?
চিত্ৰ: কেনে?
অনিৰুদ্ধ: বালক! (মনে মনে ভাবে)
চিত্ৰ: এৰা এতিয়াই আত্মপ্ৰকাশ নকৰিলে বেয়া হ’ব কুমাৰ!
অনিৰুদ্ধ: কি?
চিত্ৰ: সঁচা কথা কওঁ শুনক।
অনিৰুদ্ধ: কি?
চিত্ৰ: মই এই কুঁৱৰীৰ তাৰ পৰা আহিছো।