শোণিত কুঁৱৰী/তৃতীয় অঙ্ক, ষষ্ঠ দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৪৬ ]

 

ষষ্ট দৰ্শন

 (দ্বাৰকাৰ বাহিৰৰ সাগৰৰ পাৰত। চিত্ৰ এখোজ দুখোজকৈ গৈ থাকে; অনিৰুদ্ধ মুগ্ধ অৱস্থাত পাছে পাছে।)

অনিৰুদ্ধ: সঁচাকৈয়ে ইমান সুন্দৰী? মোৰ কল্পনাৰ সেই অনিন্দ্য সুন্দৰ মূৰ্তিখনি তোমাৰ প্ৰত্যেক কথাই কথাই উজ্জ্বল হৈ আহিব লাগিছে; সহস্ৰ সুন্দৰ হৈ মোৰ আগত হাঁহিব লাগিছে। চিত্ৰ—
চিত্ৰ: তুমি মন কৰিছানে?
অনিৰুদ্ধ: কি?
চিত্ৰ: জোনালী নিশা যেতিয়া গোটেই পৃথিৱীত ৰূপৰ জেউতি চৰি উঠে—আকাশত যেতিয়া শত-সহস্ৰ তৰাবোৰে জেউতি বিলাই হাঁহি উঠে আৰু সেই সৌন্দৰ্যত বুৰ গৈ নিজৰাটিয়ে যেতিয়া কুলকুলুকৈ বৈ গৈ বিৰাট সৌন্দৰ্যৰ সৃষ্টি কৰে— তাকো সেই ৰূপৰ সৈতে ৰিজাব নোৱাৰি।
অনিৰুদ্ধ: চিত্ৰ— চিত্ৰ— ইমান সুন্দৰী?
চিত্ৰ: কুমাৰ, মন কৰিছানে?
অনিৰুদ্ধ: কি—
চিত্ৰ: পুৱা যেতিয়া হেঙুলি ঊষাৰ কিৰণ আহি গোলাপৰ পাহিত ওলমি থকা নিয়ৰৰ মুকুতাবোৰত পৰি জিলিঙনি তোলে, আকাশত যেতিয়া এটা ৰংচুৱা দিগন্ত-বিয়পা সৌন্দৰ্যৰ সৃষ্টি কৰি গোটেই বিশ্বসংসাৰ সেই সৌন্দৰ্যত অভিভূত কৰি এক মহান মোহিনী সৌন্দৰ্যৰ সৃষ্টি কৰে—
অনিৰুদ্ধ: ওঁ—
চিত্ৰ: সিও চেৰ পৰা।
অনিৰুদ্ধ: মই চাওঁ— মই চাওঁ—
চিত্ৰ: তুমি মন কৰিছানে?
অনিৰুদ্ধ: ওঁ?
চিত্ৰ: মধুৰ বসন্তত যেতিয়া গছে গছে কুঁহিপাতবোৰ গজিবলৈ [ ৪৭ ] ধৰে, বাসন্তীৰ তুলিৰ বৰণত যেতিয়া গছ-পাত লতাবোৰে আত্মসমৰ্পণ কৰি ন যৌৱনৰ লাজুকী আভা ফুটাই পুৱাৰ কোমল কিৰণতে উৱঁলি পৰিব খোজে সেই সৌন্দৰ্য তুমি মন কৰিছানে?
অনিৰুদ্ধ: ইমান? ইমান? চিত্ৰ চিত্ৰ তোমাৰ বৰ্ণনাত মই বিয়াকুল— লৈ বলা, লৈ বলা— এবাৰ চাওঁগৈ মই— এই বিশ্বসংসাৰত সিঁচৰতি হৈ থকা বিৰাট সৌন্দৰ্য য’ত একে ঠাইতে থূপ খাই আছে। মই বিশ্ব-সংসাৰৰ সৌন্দৰ্য— সেই বিশ্ববিজয়ী সুন্দৰীৰ অধৰ চুমি—
চিত্ৰ: ৰ’বা— তুমি মন কৰিছানে?
অনিৰুদ্ধ: আৰু এই সৌন্দৰ্যকে মই সাবটি ধৰিব পৰা নাই— চিত্ৰ— মোৰ আগত তুমি সৌন্দৰ্যৰ অনন্ত সমুদ্ৰ মুকলি কৰি দিছা— তাৰ পাৰ আৰু নাইকিয়া হ’বলা!
চিত্ৰ: হিমালয় তুষাৰে ঢকা টিঙ যি ৰেখাত নলিম আকাশৰ সৈতে মিলো-মিলোকৈ লীন যাব খুজিছে, তাত যেতিয়া অস্তাচলৰ সূৰুষৰ শেষ কিৰণৰ ৰেখা এটা আহি পৰি সেই অতুল সৌন্দৰ্যত ৰং চৰাই লাহে লাহে মাৰ গৈ এবাৰ নীলা; এবাৰ ৰঙা, এবাৰ হেঙুলীয়া বৰণত পৰিণত হ’ব খোজো খোজো কৰে, সেই সৌন্দৰ্য ঊষাৰ সৌন্দৰ্যৰ সৈতে সেই ৰূপৰ লক্ষ যোজনাৰ আঁতৰত—
অনিৰুদ্ধ: চিত্ৰ— চিত্ৰ— মোৰ আৰু কল্পনাৰে সেই সৌন্দৰ্য ভাবিব পৰা নাই— মোৰ চকুৰ আগত সৌন্দৰ্য আহি মোৰ দৃষ্টি ধুলি-কুঁৱলি কৰি দিছে— মোক লৈ বলা— লৈ বলা— মই চাওঁগৈ— চাওঁগৈ।

 (চিত্ৰই লাহে লাহে কুমাৰক হাতত ধৰি লৈ যায়— কুমাৰ এখোজ-দুখেজকৈ ওলাই যায়! অনিৰুদ্ধ একেবাৰে মুগ্ধ। তন্ময়।)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )