পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৪

সুবৰ্ণ কমল ভেট উতপল
ফুলি ফুলি আছে ৰঞ্জি।
শোভে চক্ৰবাক ৰাজ হংসজাক
মৃণালে ভুঞ্জে উভঞ্জি॥
কোণ্ডা কঙ্ক বক বিবিধ চটক
ভ্ৰমন্ত নিৰ্ভয়ভাৱে।
অমৃত সমান জল কৰি পান
ত্যজে সুললিত ৰাৱে॥
চাৰিয়ো পাৰত দিব্য পুষ্প যত
গন্ধে দশোদিশ বাসে।
অনেক ভ্ৰমৰে বেড়িয়া গুঞ্জৰে
মধু পান অভিলাষে।
যত দিব্য পক্ষী ফল ফুল ভক্ষি
কাঢ়য় সুস্বৰ ৰাৱ॥
কুহু কুহু ধ্বনি কোকিলৰ শুনি
বহয় মলয়া ৰাৱ॥”

 (তাৰ পাছত চিত্ৰলেখাই মোহিনী বেশ ধৰি নাচিবলৈ ধৰে। অনিৰুদ্ধ লাহে লাহে মুগ্ধ হৈ যাবলৈ ধৰে।)

নাচোন

∗ ∗ ∗ ∗ ∗ ∗
দিব্য কন্যা আছে এক তাতে।
কোটি লক্ষ্মী সম নোহে কটাক্ষে ত্ৰৈলোক্য মোহে
ভণ্টা খেৰি খেলে দুয়ো হাতে॥
তপ্ত সুবৰ্ণ সম জ্বলে দেহ নিৰুপম
ললিত বলিত হাত পাৱ।
চক্ষু কমলৰ পাশি মুখে মনোহৰ হাসি
সঘনে দৰশৈ কামভাৱ।