(দ্বাৰকাৰ কুমাৰ প্ৰাসাদৰ ভিতৰৰ ফুলনি। অনিৰুদ্ধই ভাবি-গুণি ঘূৰি ফুৰিছিল। দূৰত সূৰ্য অস্তাচললৈ লাহে লাহে নামি গৈছিল। ফুলনিৰ মাজৰ পুখুৰীত সূৰ্যৰ কিৰণ পৰি তিৰবিৰাই আছিল।)
অনিৰুদ্ধ:
|
মই সঁচাকৈয়ে কিবা কুহকত দুগ্ধ হৈ আছোনেকি? সেই চিত্ৰ-বিক্ৰেতা বালকটো দেখি মোৰ মন এনেকুৱা কৰিছে কিয়! তাৰ সৈতে আনকি মই কথা-বতৰাও পতা নাই। তালৈ মোৰ কিয় ইমান মৰম সোমাইছে। সি যেন মোৰ বৰ আপোন কোনোবা। (দূৰলৈ চাই) সৌটো— (তাক দেখি)— বাৰু, তাক মাতি আনাচোন। হেৰা সনাতন— (হাত বাউল দি মাতে। অলপ পিছতে সনাতন সোমায়।)
|
সনাতন:
|
কিহে, কিয় মাতিছিলা? আমি সেই ল’ৰাটোৰ ছবি চাইছো। কি, তুমিও চাবানেকি?
|
অনিৰুদ্ধ:
|
এৰা, ময়ো চাব খুজিছো!
|
সনাতন:
|
বাৰু, মই তেন্তে তাক তোমাৰ ওচৰলৈ পঠাই দিওঁগৈ। বৰ সুন্দৰ ছবি আছে, তুমি ৰাখিলে ৰাখিব পাৰা। (সনাতন যায়গৈ। অনিৰুদ্ধই শিল এটাত বহি ভাবি সেইফালে ল’ৰটোলৈ চাই থাকে। বালক বেশেৰে চিত্ৰই হাতত ছবিৰ টোপোলাৰে সোমাই আহে। চিত্ৰই কুমাৰক সেৱা। জনায়। অনিৰুদ্ধই ল’ৰাটোৰ মূৰৰপৰা ভৰিলৈকে চাবলৈ ধৰে।)
|
চিত্ৰ:
|
কুমাৰ! আপুনি মোক মাতিছে?
|
অনিৰুদ্ধ:
|
এৰা, মই তোমাৰ ছবি চাব খুজিছো। তোমাৰ হাতত কি কি আছে মোক দেখুৱাব পাৰানে।
|
চিত্ৰ:
|
হয় কুমাৰ! দৃশ্যপট আৰু সুন্দৰীৰ। আৰু আন আন প্ৰখ্যাত ৰজাসকলৰো ছবি মোৰ হাতত আছে।
|
(চিত্ৰই টোপোলা মুকলি কৰি ছবি উলিয়ায়)