পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৫

উৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ ছটা
লীলাগতি দেখাই ফুৰে পাক।
সোলকে উচ্ছল খোপা খসে পাৰিজাত থোপা
ৰামহাতে সম্বৰন্ত তাক॥
কৰ্ণৰ কুণ্ডল দোলে ∗ ∗ ∗
গলে ৰত্নমালা জিকি পাৰে।
সুবৰ্ণ কঙ্কন ধ্বনি কৰে ৰুণঝুন শুনি
প্ৰকাশে হৃদয় হেমহাৰে॥
কণ্ঠে লৰে সাতসৰি লয়লাসে কাঢ়ে ভৰি
আগবাঢ়ি পাছে গুচি যান্ত।
∗ ∗ ∗ যেন ম’য়ৰা ধৰে চালি
∗ ∗ কটাক্ষ কৰি চান্ত॥
দৰশান্ত কাষ পিঠি খনো হাসে সমদৃষ্টি
চাহি লাজে চান্ত চক্ষু মুদি।
ভ্ৰমন্ত অনেক ভাৱে উৰুৱাৱে বস্ত্ৰ বাৱে
∗ ∗ ∗ ∗
কঙ্কালে কিঙ্কিণী বাজে চৰণ কমল মাজে
ৰত্নৰ নূপুৰ ৰুণঝুন।
হালে অতি মধ্যদেশ সংসাৰ মোহিনী বেশ
একো অঙ্গে নাহি খতিখুন॥
মুখ চন্দ্ৰসম শোভে পদ্মৰ সুৰভি লোভে
বেঢ়ি মধুকৰে কৰে ৰোল।
শৰীৰৰ লাস বেশ নেত্ৰৰ কটাক্ষ ঠেস
∗ ∗ ∗ ∗॥
ভণ্টা খেৰি খেলান্তে হাতৰ পৰা উৰি।
গৈল গুটি পাছে কতো দূৰক উফৰি॥”

 (তাতে চিত্ৰই তেতিয়া কুমাৰৰ ফালে চাই লাহে লাহে আঁতৰি গৈ থাকে। অনিৰুদ্ধ মুগ্ধ হৈ পাছে পাছে গুচি যায়গৈ।)