লাহৰী/পঞ্চদশ আধ্যা
[ ৯৭ ]
খোজবঢ়া কৰাৰপৰা ভালেমান দিন পাৰ হৈ গল। ইমান দিনলৈকে লাহৰী-কমলে, দুইকো দুইয়ে চিঠিৰে সৈতে প্ৰবোধ দি মন পতিয়াই আছিল। কিন্তু, যিমানেই হওক, মানুহৰ মন !—একেটা বিশ্বাস আৰু একে প্ৰকাৰৰ অকল প্ৰবোধ বাক্যে কিমান স্থিৰেৰে ৰাখিব! যিমানেই হওক,বিপদ ওচৰ চাপিলে, মানুহ অলপ নহয় অলপ বিহ্বল হবই হব। এতিয়া আৰু বিয়াৰ দিন নিচেই ওচৰ চাপিলহি,- আৰু দই দিনমান মাখোন বাকী। দুয়ো কালৰ বিয়াঘৰীয়াই চাৰিওফালে গাখীৰ-গুৰ লগাই বিয়াৰ ধুমধাম লগাই দিছে। কীৰ্ত্তিনাথ বুঢ়াগোহাঞি আৰু শূলধৰ বৰগোহাঞিৰ ঘৰত বটি-পদুলি অঁতোৱা আৰু ৰভা দিওৱাৰ খৰধৰ লাগিছে। গোটেই পামপুৰত ঘৰে ঘৰে ঘৈণী, বোৱাৰী, জীয়াৰী সকলোৰে মুখত কেৱল বিয়াৰ হে কথা । বিয়াঘৰীয়া দুঘৰত লিগিৰা-লিগিৰীবিলাক আনন্দত উৰুলীকৃত । দৰা-ঘৰত সকলোৰে মন আনন্দত উধাও হৈছে; কন্যা-ঘৰতো কেৱল এটি প্ৰাণীত বাজে সকলোৰে মন আনন্দ বুলিব পাৰি। স্বৰূপতে, ন-পমুৱা বিষয়াসকলৰ সুখৰ ঠাই, পামপুৰত আজি লাহৰী-কমল দুটি প্ৰাণীত বাজে সৰু-বৰ সকলো সুখী । লাহৰী-কমলে এতিয়াও দুইকো দুয়ো বুজনি দিয়ে আছে হয়, কিন্তু ভিতৰি দুয়ো মাজে মাজে হতাশৰ খুন্দাত অস্থিৰ হৈ পৰিছে ৷ ইয়াৰ আগেয়ে জীৱনীযন্ত্ৰৰূপে মাজে মাজে ঈশ্বৰৰ নাম একোবাৰ [ ৯৮ ] লৈয়ে দুদিন-তিনদিনো সিবিলাক শান্ত থাকিব পাৰিছিল। এতিয়া দিনটোৰ ভিতৰত তিনি-চাৰিবাৰকৈয়ো সেই নাম স্মৰণ কৰিব লগাত পৰিছে। দিনে দিনে বিপদ যিমান ওচৰ চাপি আহিবলৈ ধৰিছে, তাৰ লগে লগে লাহৰী-কমলৰ সেই মন্ত্ৰোচ্চাৰণ সিমান ঘন হবলৈ ধৰিছে। ঘন হৈছে বুলি, কমললৈ সিমান অসুচল হোৱা নাই। কিয়নো, কমলে সকলো কথাকে নিৰলে পাইছে; যেতিয়াই যেনে অৱস্থাতে থাওক, কোনো তেওঁলৈ মন কৰোঁতা নাই। কিন্তু, লাহৰীৰ ফালে ইয়ো এটা বিপদ; দিনটোত লাহৰীৰ মনৰ অৱস্থা যিমান ঘনাই সলনি হবলৈ ধৰিছে, মানুহে লাহৰীলৈ সিমান বেচিকৈ চকু দিবলৈ ধৰিছে। সময়ত এনেও হৈছে যে, মানুহৰ আগতে লাহৰীয়ে তৰ্কিব নোৱাৰাকৈ ঈশ্বৰৰ নাম লব লগাত পৰিছে। অৱশেষত নিৰুপায় হৈ লাহৰী পুখুৰীপাৰৰপৰা ঘৰলৈ আহিবকে নোৱাৰাত পৰে। ইফালে আকৌ বহুত পৰ ঘৰত নেদেখি আইতাকে পুখুৰীপাৰলৈকে লাহৰীক বিচাৰি যোৱা হল। কি হব। আৰুতো লাহৰীৰ উপায় নাই। লাহৰী মহা সঙ্কটত পৰিল। ঘৰত থাকিলেও মতা, মাইকী মানুহৰ ঘিট্ঘিটনিত লাহৰীৰ মনোবদনাই ঘনাই উক্ দিয়ে; অথচ, ঘৰত সিমান ঘনাই জীবনী-মন্ত্ৰ লবলৈ তেওঁৰ সুবিধা নঘটে। হাঁয়, বিপদে যাক পায়, তাক একেবাৰে চাৰিওফালৰপৰা বেৰি ধৰি জলা-কলা কৰে ! লাহৰী বৰঞ্চ বাউলী অৱস্থাতে ইয়াতকৈ ভালেৰে আছিল। এতিয়া বিপদ-চিন্তাই তুঁহজুইৰ দৰে উমাই উমাই লাহৰীৰ কোমল কলিজা ধোঁৱাৰেই ফলা কৰিছে । আৰু নো লাহৰীয়ে কিমান সহিব। লাহৰীয়ে যে নিজৰ শক্তিৰ উপৰিও, ঐশ্বৰিক শক্তিৰে সহিলে। ইমানত আৰু লাহৰীয়ে কেনেকৈ ধৈৰ্য্য ধৰি ৰয়! এতিয়া আৰু লাহৰী আকৌ বাউলী হলে কোনোবা আচৰিত হব নে? এতিয়া আৰু লাহৰীয়ে মৰণত শৰণ দি, আন কোনো উপায়ৰ [ ৯৯ ] চিন্তা কৰিলে কোনোবাই দায় নিব নে? —লাহৰীয়ে কিন্তু আনে হঁহালৈ চকু নিদিয়ে, ইতিকিং কৰালৈ কাণ নিদিয়ে আৰু দায় ধৰালৈ কটাহি নকৰে। লাহৰীয়ে কেৱল নিজে অধৈৰ্য্য আৰু বাউলী হৈ তেওঁৰ প্ৰাণৰ প্ৰাণ মৰমৰ কমলৰ কোমল প্ৰাণত ব্যথাৰ উপৰি ব্যথা দিবলৈ এনে বেজাৰতকৈয়ে বেজাৰ পায়। সেই কাৰণে হে আজি লাহৰীয়ে এনে বিপদতো ইমান ফেৰাকে স্থিৰেৰে আছে। সেই দেখি হে লাহৰীয়ে আজিও তেওঁৰ এনে মৰ্ম্মান্তিক বেদনাৰ কথা কাকো নোকাৱাকৈ তাৰ তাপত নিজৰ কোমল কলিজা উতলাই টুল্টুলীয়া কৰিছে ।
এই দৰেই আৰু চাৰি দিনমান পাৰ হৈ গল। বিয়া একেবাৰে ওচৰ চাপিলহি; টেকেলি দিয়াৰ দিনালৈকে মাজতে দুদিন মাথোন আছে। ইমানলৈকে কমলে লাহৰীৰ প্ৰবোধ মানি নিটাল মাৰি আছিল। ইমানলৈকে কলে নিজৰ মৰ্ম্মান্তিক বেদনাৰ কথা লাহৰীলৈ লিখি তেওঁক বেজাৰ নিদিওঁ বুলি আছিল । কিন্তু, আজি আৰু তাৰ সীমা পাৰ হল। আজি আৰু তেওঁ অন্তৰৰ শেষ কথা নিলিখি নোৱাৰাত পৰিল। সেই কাৰণে, কমলে আজি অগত্যা বেজাৰৰ কাপ হাতত ললে:-
“লাহৰি !
ইমান দিনে তোমাৰ মোহিনী লিখনীৰ মায়াত পৰি বিভোল হৈ, তোমাৰ চেনেহী কথাত মোহ গৈ, তোমাৰ অমৃতময় প্ৰবোধ বাক্যৰ ওপৰতে সকলো কখা নিৰ্ভৰ কৰি, মই নিটাল মাৰি আছিলোঁ । মোৰ দৃঢ়-বিশ্বাস যে, তুমি তোমাৰ আন্তৰিক বেদনা জানিবলৈ দি, মোক বেজাৰ দিবলৈ কেতিয়াও ভাল নোপোৱাঁ । ময়ো, আজিলৈকে তোমাৰ দৰেই অন্তৰৰ প্ৰকৃত বেজাৰৰ ভাব লুকাই, অলপ ভুৱা দি আছিলোঁ। কিন্তু, এতিয়া আৰু সঁচা কথা কোৱাৰ সময় পৰিলহি। এতিয়া আৰু আগৰ দৰে তুমি বেজাৰ পোৱা বুলি গুপুত ভাৱ, [ ১০০ ] ফুটাই নকলে, অলপ উপকাৰ কৰিবলৈ চাওঁতে, তোমাৰ মহৎ অপকাৰ কৰা হব; আৰু মই সেই পাপৰ ঘোৰ পাতকী হম! লাহৰি। মই নো কিমানলৈকে উচিত বিচাৰ কৰিছোঁ কব নোৱাৰে; যদি কিবা দোষ কৰি থাকোঁ, ক্ষমা কৰিবাঁ। তোমাৰ ওচৰত অপৰাধী থাকিলে, মই এই সংসাৰতে নৰক-যন্ত্ৰণা ভুগিব লাগিব।
লাহৰি! মোৰ প্ৰানে নো তোমাক কিমান ভাল পায়, মোৰ এই ভালপোৱাৰ নো প্ৰকৃত গৰাকিনী কোন্ তাক কথাৰে ফুটাই কবলৈ ভাষাৰ অভাব। তথাপি কওঁ, মোৰ অন্তৰজগতৰ সকলো কথা কেৱল তুমি— মোৰ জীৱনৰ জীৱন স্বৰূপ, একেটি মাথোন আদৰৰ সৰ্বস্ব-তুমি হে জানাঁ। কিন্তু লাহৰি! তোমাৰ প্ৰাণে নো মোক কিমান ভাল পায়, তোমাৰ মানত নো মই কেনে আদৰৰ বন্ধু, মই হেজাৰ বছৰ হেজাৰ মুখেৰে কৈয়ো শেষ কৰিব নোৱাৰিম। তথাপি লাহৰি, মই এটা কথা কওঁ। আমি সংসাৰৰ ভাব-গতি বুজিবলৈ যদিও নিচেই সৰু, এনে সৰু বয়সতে আমি অনেক দেখিলোঁ, অনেক শুনিলোঁ, সংসাৰৰ গতিত ভালেমান ভটিয়ালোঁ। এতিয়া ভাবি চোৱাঁ, ইচ্ছাময়ৰ ইচ্ছা হকা-বধা কৰিবৰ কাৰ সাধ্য নাই। আমিও এদিন সংসাৰৰ স্বাভাৱিক গতিত ঢাল খাবই লাগিব। এতেকে, তুমি আৰু মোৰ কথা লৈ ব্যাকুল নহবলৈ মনক বুজনি দি ৰাখাঁ। মোৰ সাংসাৰিক সম্বন্ধৰ বান্ধন তোমাৰ দৰে নহয়। মোৰ আঁতি-গুৰিৰ কথা তোক সবিশেষ কোৱা হৈছে। মোৰ বৰ্ত্তমান কোনো নাই বুলিলেও হয়। মই এতিয়া, বা ইয়াৰ পাচত, যেনে অৱস্থাত থাকিব লগাত পৰে, তেনে অৱস্থাতে থাকিব পাৰিম। গতিকে, মোৰ নিজৰ দুখ-বেজাৰ লৈ মোৰ চিন্তা নাই। মই যে মোৰ পৱিত্ৰ কোমল হিয়াত এনে দৃঢ়ৰূপে ঠাই পালোঁ, এয়ে মোৰ ভাগ্য। মই যে মোৰ জীৱনৰ জীৱন, সবাতকৈ আদৰৰ ধন— তোমাৰ ভালপোৱা পালোঁ, তাৰেই মই বৰ চহকী। তোমাৰ এই নিৰ্ম্মল ভালপোৱাকে লৈ মোৰ [ ১০১ ] জীৱনৰ বাকী ছোৱাও সুখেৰে নিয়াম। তুমি কিন্তু এতিয়া সংসাৰৰ গতিত ঢাল্ লব লগাত পৰিছে। গতিকে, তুমি তোমাৰ আগৰ ভাব-গতি সকলো সলাব লগীয়া হৈছে। এতিয়া আৰু তুমি যাতে সংসাৰৰ গতিত সুখেৰে চলিব পাৰা, তাৰ নিমিত্তে সাজু হোৱাঁ। ময়ো, যেন আগলৈ তোমাৰ সুখ দেখি,মোৰ এই পৱিত্ৰ সুখ ফেৰি বঢ়াব পাৰোঁ, ইয়াকে হে আশা কৰিলোঁ। লাহৰী ! মোৰ এই এটোপা চকু-লোৰে সৈতে গত জীৱনৰ সকলো বেজাৰ ধুই পেলালোঁ। এতিয়া তোমাৰ দেবীমূৰ্ত্তীলৈ নৱ জীৱনৰ নতুন চকুৰে হে চাইছোঁ। ইতি
মৰমৰ,———কমল।”
কমলে চিঠি লিখি সামৰি আকৌ মেলি দুবাৰ ঘূৰাই ঘূৰাই পঢ়ি চালে।তাৰ পাচত চিঠি হাতত লৈ তেওঁ বাহিৰলৈ ওলাই আহিল। আহিনীক লগ পাবৰ অৰ্থে, কীৰ্ত্তিনাথ গোহাঞিৰ পদূলিৰ আগে দি কমল দুবাৰ অহা যোৱা কৰিলেহি; তৃতীয় বাৰত, নিলগতে আহিনীক দেখা পাই,সঙ্কেতেৰে মাতি চিঠিখনি তাইৰ হাতত দিয়েই তেওঁ লৈ উলটি আহিল। আহিনীয়েও গুপুতে চিঠি লৈ ঘৰলৈ গল। চিঠিখনি লাহৰীক দিবলৈ বুলি তাই কতবাৰ চিপিয়াইছে, কিন্তু আনকালৰ দৰে দিবলৈ সুবিধা পোৱা নাই। এই দৰেই আবেলিলৈকে চিঠি আহিনীৰ আঁচলতে থাকিল। সন্ধিয়া পৰত মাথোন লাহৰী পুখুৰীপাৰলৈ যোৱাত, সুবিধা বুজি আহিনীয়ে চিঠিখন তেওঁক দি আহিলগৈ। লাহৰীয়ে প্ৰথমে চিঠি পায়ে হাঁহি পেলালে। তাৰ পাচত তেওঁ চিঠি মেলি পঢ়িবলৈ একাণপতীয়াকৈ ধৰিলে। পঢ়োঁতে পঢ়োঁতে, চকুৰ পানীৰে ছাতি ধৰাত তেওঁ শেহৰ ডোখৰত পঢ়িবই নোৱাৰা হল। আকৌ, চাৰি-পাঁচবাৰ চেষ্টা কৰি তেওঁ কোনোনোতে পঢ়া এবাৰ শেষ কৰিলে। পঢ়ি অন্ত কৰি লাহৰী বিমোৰ হৈ সেই ফলেই ধাঁচ্ কৰে মাটিত [ ১০২ ] পৰি মূছ্কঁছ্ গল। তাৰ পাচত, লাহৰীৰ মুখৰ সৰিয়হ ফুল যেন বৰণে কেঁহেৰাজৰ বৰণ ধৰিলে। তেওঁ এবাৰ কলা পৰিছে, এবাৰ ৰঙ্গা পৰিছে, এবাৰ বা কান্দিয়েই পেলাইছে, এই দৰে লাহৰীয়ে মুহূৰ্ত্তে মুহূৰ্ত্তে মুখৰ বৰণ আৰু মনৰ ভাব-গতি সলাবলৈ ধৰিলে। সদৌশেহত তেওঁ অলপ সংজ্ঞা পাই, জোপাৰ মাজত বহি একান্তমনেৰে পৰমেশ্বৰক ধ্যান কৰিবলৈ ধৰিলে। অলপ পৰ সেই দৰে চকু মুদি ভাবিয়েই লাহৰী আকৌ শান্ত হল, আকৌ থিৰ হল, আকৌ তেওঁ চিঠিখনিৰ আদ্যোপান্ত ভাবিবলৈ ধৰিলে। ভাবি ভাবি, তেওঁ সেই চিঠিৰ উত্তৰ ৰাতিকৈ লিখিবলৈ স্থিৰ কৰিলে। তাৰ পাচত, অলপ পৰ ইফাল সিফাল কৰি লাহৰী ঘৰলৈ আহিল। আজি আৰু লাহৰীৰ মূৰ্ত্তি সংসাৰৰ মানুহৰ আকৃতিৰে নিমিলে। লাহৰীৰ আজিৰ শান্ত, ধীৰ আৰু গহীন ভাব একেবাৰে অলৌকিক! আজি আৰু লাহৰীৰ মনত সাংসাৰিক দুখ, চিন্তা, ভয় একো নাই; আছে, কেৱল কমলৰ চিঠিখনিৰ উত্তৰ দিবলৈ। লাহে লাহে ৰাতিৰ আন্ধাৰে সকলোকে আবৰি ধৰিলেহি; লাহৰীৰ ভাব-গতিলৈকো কোনেও মন কৰিব নোৱাৰা হল। ভিতৰত কুঁঠৰীয়ে কুঁঠৰীয়ে বন্তি জ্বলিল; লাহৰীয়েও লাহেকৈ লিখা-সঁজুলী লৈ নিজান এটি কুঁঠৰীত কমলৰ চিঠিৰ উত্তৰ লিখিবলৈ বহিলেগৈ:-
“প্ৰাণনাথ !
ইমান দিন আপোনাক নাম ধৰি মাতিছিলোঁ, ইমান দিনে আপোনাক ‘তুমি’ বুলি সম্বোধন কৰিছিলোঁ, ইমান দিনলৈকে লৰাকালৰ ধেমালিৰেই উমলিছিলোঁ, ইমান দিন লৰালি প্ৰণয়-ডোলেৰেই বান্ধ খাই আছিলোঁহঁক।-আজি হে মোৰ আচল সংজ্ঞা লাভ হৈছে, আজি হে মই মোৰ বৰ্ত্তমান অৱস্থা বুজিব পাৰিছোঁ, আজি আপোনাৰ চিঠিয়ে হে সকলো কথা মোৰ চকুৰ আগত পোহৰাই ধৰিছে। [ ১০৩ ] প্ৰাণনাথ ! আজি আৰু মই আপোনাৰ সেই পুখুৰীপাৰত বহি নানা তৰহৰ কথা পাতি ধেমালি কৰা ‘লাহৰী’ নহয়; আজি মই আপোনাৰ অৰ্দ্ধাঙ্গিনী,—সহধৰ্ম্মিনী । প্ৰাণেশ্বৰ । ইমান দিনে মই আপোনাৰ লগত কথা-বাৰ্ত্তা পাতি যি সুখ উপভোগ কৰিলোঁ, ইমান দিনে মই আপোনাৰ সঙ্গত যি লীলা-খেলা খেলিলোঁ, সকলো সাংসাৰিক সুখ আৰু সকলো সাংসাৰিক লীলা-খেলা ৷ আপোনাৰ সংসৰ্গ-সুখ সম্ভোগলৈ আৰু বহুত আশা কৰিছিলো, কিন্তু বাটতে বিখিপথালি হল। নাপালোঁ, নালাগে, যিখিনি পালোঁ সেইখিনি সোঁৱৰণীতে মোৰ অপাৰ আনন্দ ! আৰু, যি বাকী থাকিল সেইখিনি পৰকালত ভুগিমগৈ বুলি হৃদয়ত আশা সাঁচি থলোঁ ।
প্ৰাণেশ্বৰ ! আপুনি যে ভুৱা দিয়াৰ কথা লিখিছিল, এতিয়া আৰু ভুৱা নিদিওঁ —সঁচা, সেই অপৰাধ অলপ কৰা হৈছিল। কিন্তু, প্ৰাণেশ্বৰ ! আপোনাৰ দৰে অৰ্দ্ধেক গা বঁচাই, বাকী অৰ্দ্ধেকলৈ পিঠি দিয়া নাই; আৰু নিদিওঁ। আপুনি মোৰ বৰ্ত্তমান ভাব-গতি সলাই, সংসাৰৰ বৰ্ত্তমান গতিত মোক ঢাল খাবলৈ উপদেশ দিছে। বাৰু, এটি কথা সোধোঁ, মই নো কিহেৰে সংসাৰৰ গতি ধৰোঁ ? মোৰ যে সিমান দূৰণী বাট খেদিবলৈ বাটৰুৱাৰ সমল এফেৰিও নাই! মোৰ প্ৰেম, মোৰ ভক্তি, মোৰ ভালপোৱা যে আপোনাৰ চৰণত কেতিয়াবাই উবুৰিয়াই অৰ্পণ কৰিলোঁ। সেই সমল যে মোৰ হিয়াত আৰু লেশমানো আনলৈ নাই। সেই সমলত বাজে আপুনি কোৱা সংসাৰৰ গতি ধৰিবলৈ আন কিবা সম্বল আছে জানো? তথাপি, প্ৰাণনাথ, সেই বাবে মই আপোনাৰ গাত হাত দিয়া নাই, আৰু নিদিওঁ; মই জানোঁ, আপুনি নিৰুপায় হৈ হে তেনে কথা লিখিছিল। যি হওক, আপুনি সুখে আছে বুলি জানি মোৰ অন্তৰত আনন্দে নধৰা হৈছে; পাচলৈকো এই অভাগিনীৰ প্ৰেম, ভক্তি আৰু ভালপোৱাকে লৈ সুখে থাকিব বুলি জানি মই নমৰি-জীয়াই থাকোঁমানে নিচিন্ত হলোঁ ৷ [ ১০৪ ] এই ৰাতি আৰু চিঠি দিয়া নহব। কাইলৈকো দুপৰীয়ামানে হে দিয়াম। কাইলৈৰপৰা মোৰ নামে পতা ভেঁকুলী-বিয়াৰ আৰম্ভণ ! এতেকে, এতিয়া আৰু আপোনাৰ শ্ৰীচৰণত মোৰ শেষ নিবেদন কৰোঁ। আজিৰ ৰাতিটো, কাইলৈৰ দিনটো আৰু ৰাতিৰ এছোৱালৈকে মাথোন আছোঁ ৷ ইহজনমৰ নিমিত্তে শ্ৰীচৰণত দাসীয়ে এই শেষ বিদায় ললো । মোৰ পাঙ্গি লোৱা কাৰ্য্যত বাধা জন্মাবলৈ বা আন উপায় কৰিবলৈ আপোনাৰ সময় নথকাকৈ হে চিঠি দিয়াম। গতিকে, আপোনাৰ তেনে চেষ্টা সফল নহব। আপুনি আপোনাৰ প্ৰতিজ্ঞা মতে সুখে থাকি, যেন আপোনাত এৰি যোৱা মোৰ অৰ্দ্ধ-আত্মাক সুখেৰে ৰাখিব, শ্ৰীচৰণত দাসীৰ এয়ে শেষ মিনতি। ইতি- সেৱিকা,——লাহৰী।”
লাহৰীৰ চিঠি লিখা হল। চিঠি সামৰি লৈ অলপ পৰ তেওঁ কি ভাবিলে । ভাবি ভাবি কি মন হল, চিঠিখনি মেলি আকৌ পঢ়িবলৈ ধৰিলে। এবাৰ পঢ়া হল, লাহৰীয়ে আকৌ এবাৰ ঘূৰাই পঢ়িবলৈ ধৰিলে। এইবাৰ পঢ়ি গৈ মাজখিনিমান পাওঁতেই, লাহৰীৰ কেতেকীপাহী যেন দুগালে মুকুতাৰ পানী যেন দুধাৰি চকু-লো বৈ আহি চিঠিখনিৰ ওপৰত কেইবাটিও টোপাল পৰিলহি; লাহৰীয়ে চকু মোহাৰি থাকোঁতেই ইফালে চিঠিৰ ওপৰত পৰা চকু-লোৰ টোপাল কেইটি শুকাই গল। টোপালৰ চিন্ কেইটি চিঠিখনিৰ ওপৰত অতৃপ্ত হেঁপাহৰ চিন্ স্বৰূপে ৰৈ গল। চিঠি নাসামৰালৈকে লাহৰীৰ চকুৰ জলক্-তবক্ নুগুচিল। গতিকে, তেওঁ সেই চিন্ কেইটিলৈ মন কৰিবলৈ নহল। সেই ৰাতিলৈ চিঠিখনি লাহৰীয়ে ৰিহাৰ আঁচলতে বান্ধি থলে। পিচদিনাও, বেলি ভাটী দিয়ালৈকে কমলক চিঠি দিয়া নহল। পিচ দিনা আবেলি— বিয়াৰ টেকেলি দিয়াৰ পিচদিনা—হে তেওঁ চিঠি পঠিয়াইছে। তাৰ পাচৰপৰা বিয়াঘৰীয়া মানুহৰ [ ১০৫ ] চাৰিওফালে উলহমালহ লাগিবলৈ ধৰিলে। দৰা-ঘৰ আৰু কন্যা-ঘৰ নিচেই ওচৰ-উচৰি। দুয়ো ঘৰতে পানী তুলিবলৈ সষ্টম হল। ঢোলৰ গিৰ্-গিৰণিত চাৰিওফালে ক’তো কাৰো মাত শুনিবলৈ নোপোৱা হল। পাট-গাভৰু লিগিৰীবোৰে ধোলৰ চেৱে চেৱে বাটে-ঘাটে যেয়ে য'তে আছিল, ত’তে নাচোন ধৰিছে। পানী-তোলাৰ পাচত নোৱন-ধোৱন হৈ গল। লাহৰীক আকৌ আনি নোৱনী-ঘৰত বহুৱা হল। চাৰিওফালে তিৰোতাবিলাকে জাঁত জাঁত নাম উৰুৱাবলৈ ধৰিছে। কোনো কোনো জনীয়ে ধেমালিত যোৰা-নামৰ অৰিয়া-অৰি পাতিছে। লাহৰীয়ে কিন্তু এইবোৰ একো কব নোৱাৰে। লাহৰীক নো কেতিয়া নোৱালে, কেতিয়া ধুৱালে, তেওঁ একো কব নোৱাৰে।
তাৰ পিচদিনাও, দুপৰীয়াৰ নোৱন-ধোৱন হৈ গল। আকৌ আবেলি হলহি। পানী তুলিবলৈ অহা ঢুলীয়া-খুলীয়াই দুই ঘৰতে ঢোল খোল বজাই খলক লগালেহি। আজি টেকেলি দিয়াৰ দিনতকৈয়ো বেচি ধুম্ধাম্। আজি সেই বাহিৰৰ তোলপাৰৰ লগে লগে লাহৰীৰ অন্তৰৰ তোলপাৰ চৰ্তুগুণে চৰিছে। লাহৰীৰ অলৌকিক শান্ত, ধীৰ, গহীন, আপোন পাহৰা ভাব-গতি দেখি, যেয়ে-সেয়ে অলপ আচৰিত ভাৱে তেওঁলৈ চোৱা হল। বিশেষকৈ, আহিনীৰ মনত বৰকৈ উগুল-থুগুল লাগিবলৈ ধৰিলে। আইতাক আৰু দেউতাকৰ গাত বিয়াৰ কাৰবাৰতে তত্ নাই; সিবিলাকে লাহৰীলৈ বিশেষ মন-কাণ দিবলৈ আজৰি পোৱা নাই। ইফালে বিভোল লাহৰীয়ে, গধুলি হৈ আহিছেমানে, কমললৈ লিখা চিঠি শেহৰ কথা কেফাঁকিলৈ বৰকৈ মনত কৰি আহিছে। তাৰ পাচত, ফটাকানিৰ অচেতন দৰা-কন্যাক নোৱন দিয়াৰ দৰে লাহৰীক আকৌ এবাৰ নোৱন দিয়া হৈ গল । এতিয়া আৰু লাহৰীৰ মনে-পতা অন্তিম সময় নিচেই ওচৰ চাপিলহি৷ লাহে লাহে সেই ভয়ঙ্কৰ কাৰ্য্যলৈ ভয়ঙ্কৰ ক্ষণে লাহৰীত থিত্ দিলেহি । [ ১০৬ ] স্বামী-গুৰু কমল-চৰণ চিন্তি লাহৰীয়ে এহাতে লাহেকৈ আঁচলৰ গাঁথিত হাত দিছে, এনেতে চাৰিওফালে দুম্-দুম্-দাম্-দাম্ লাগি উঠিল। লাহৰীয়েও চঁক্ খাই হাতৰ আঁচল এৰি দি, কি হৈছে অলপ গম্ লওঁতেই “মান্ মান্ মান ! পালেহি, পলা, পলা, পলা” ইত্যাদি বিপদৰ আৰ্ত্তৰাৱ শুনা গল। পিচমুহূৰ্ত্ততে দেউতাক আৰু আইতাকে আহি লাহৰীক সাবটি ধৰিলে ৷ চাওঁতে চাওঁতে, বিয়ালৈ অহা মানুহ কোন্ কলৈ গল, চিন্ নেহোৱাত পৰিল। কীৰ্ত্তিনাথ গোহাঞিয়ে য’ৰে বস্তু ত’তে এৰি, ভাৰ্য্যা আৰু জীয়েকক লৈ পলাবলৈ দিহা লগালে। মানহঁতে পোনে-পোনেই কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰকে বেৰি ধৰিলেহি। তাৰ পাচত, দহোটা মানে ভিতৰলৈ সোমাই দেখে যে মানুহ নাই, উদং ঘৰ। মানহঁতে খঙ্গত সুহুৰি-টকালি মাৰি সেই দিনা ৰাতিয়েই অলপ পৰলৈ বিচাৰি চালে; কিন্তু আন্ধাৰ ৰাতি নিজৰ মানুহকে চিনা টান দেখি সিহঁতে বেচি পৰ আৰু নিবিচাৰিলে। সিহঁতে, ৰত্নেশ্বৰৰ উপদেশ মতে, অন্যান্য মানুহক একো অত্যাচাৰে নকৰিলে। পিচদিনা ৰাতিপুৱাই মানহঁতে আকৌ দিহাদিহি লাহৰীক বিচাৰিবলৈ ওলাইছে, এনেতে কমল আহি উপস্থিত। কমল লাহৰীৰ চিঠি পোৱাৰেপৰা ব্যাকুল হৈ আছিল। মানৰ কথা শুনি তেওঁ লাহৰীৰ নো কি হৈছে চাবলৈ আহিছিল। পামপুৰীয়াই মানহঁতক বুজাই দিলে যে, কমলক ধৰিলেই লাহৰীৰ সম্ভেদ্ পোৱাৰ সম্ভৱ। সেই কাৰণে, সিহঁতে কমলক ধৰি, লগতে লৈ, হাবিয়ে বননিয়ে লাহৰীক বিচাৰিবলৈ ধৰিলে। সিহঁতে হাবি মহটিয়াই বিচাৰি যাওঁতে-যাওঁতে, জোপা এটাৰ মাজৰপৰা ওলাই মানুহ এটা লৰি পলোৱা দেখা পালে। মানুহটো শকত-আৱত দেখি, তেওঁকে কীৰ্ত্তিনাথ গোহাঞি ভাবি, মান দুটাই তেওঁক পিচে পিচে খেদি গল। পিচে, দুকুৰি নলমান বাট খেদা খাই, মানুহটো হুল-জোং থকা এটা পোতা-নাদত উফৰি পৰিলগৈ। হুল-জোঙ্গেৰে থকাসৰকা হৈ অন্তিম সময়ৰ আৰ্ত্তৰাৱ কাঢ়ি [ ১০৭ ] মানুহটো তেতিয়াই তাতে মৰিল। মৰণৰ সময়ত ‘লাহৰী’ নামটি তেওঁৰ মুখত আধাফুটা হৈ আৰু নোলোৱা হল! পামপুৰীয়াই লৰি গৈ চাই দেখে, দেখোন সেইটি ধনবৰ হে! নিৰ্দ্দোষী লৰাটি অবাবত মৰা পৰিল বুলি পাচত সি হাঁয়-হাঁয় কৰিবলৈ ধৰিলে। তাৰ পাছত, মানহঁতে আকৌ ইফালে সিফালে বিচাৰিবলৈ ধৰিলে। এই দৰে আৰু এপৰমান বেলি বিচাৰি বিচাৰি কীৰ্ত্তিনাথ গোহাঞি পলাই থকা জোপাটোৰ আগতে কমলে সৈতে মানহঁত থিয় হলগৈ। লাহৰীয়ে কমলক ধৰি লৈ যোৱা দেখিয়েই, জুইত ফৰিং উফৰি পৰাৰ দৰে, জাঁপ মাৰি আহি তেওঁক সাবটি ধৰিলেহি। পামপুৰীয়াই “ধৰ, ধৰহঁক, কিনো-ৰূপে-সৈতে, এওঁৱেই লাহৰী” বুলি কোৱা মাত্ৰকে মানহঁতে কমলক এৰি লাহৰীক ধৰিলে। তাৰ পাচত, সিহঁতৰ উদ্দেশ্য সিদ্ধি হোৱাত, কমলক তাতে এৰি, লাহৰীক লৈ সিহঁত উলটিবলৈ সষ্টম হল। লাহৰীক ধৰি লৈ যোৱা দেখি কমল, লাহৰীৰ দেউতাক আৰু আইতাক তিনিও উৰি যোৱা দি গৈ লাহৰীৰ ওপৰতে পৰিলগৈ ! সেই খিনিতে বিপদৰ চিয়ঁৰ-বাখৰত তোলপাৰ লাগি উঠিল। কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ ভাৰ্য্যাক গঁতা ঘোঁকোটাৰে অপমান কৰি গোটাচাৰেকে ধৰি নি বহু নিলগত আঁতৰাই থলেগৈ। কিন্তু, কমলক চৰ, লাঠি, গঁতা, ঘোঁকোটা একোৱেই লাহৰীৰ গাৰপৰা এৰুৱাব নোৱাৰা হল; কতবাৰ লগতে লাগি যায়, কতবাৰ পাষণ্ডহঁতে গতিয়াই থৈ যায়হি,-তথাপি, কমল লগতে লাগি যায়। সদৌশেহত মানহঁত নিৰুপায় হৈ, সিহঁতৰ দুটাই কমলক ধৰি থাকিল, বাকীবিলাকে লাহৰীক উৰুৱাই নিয়াদি লৈ গুচি গল। অলপৰ পাচতে, ইহঁতও কমলক তাতে আধা-মৰা কৰি হাত-ভৰি বান্ধি পেলাই গৈ লগৰীয়বিলাকৰ লগ ধৰিলেগৈ।