পৃষ্ঠা:লাহৰী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪০
লাহৰী ৷

পৰি মূছ্‌কঁছ্‌ গল। তাৰ পাচত, লাহৰীৰ মুখৰ সৰিয়হ ফুল যেন বৰণে কেঁহেৰাজৰ বৰণ ধৰিলে। তেওঁ এবাৰ কলা পৰিছে, এবাৰ ৰঙ্গা পৰিছে, এবাৰ বা কান্দিয়েই পেলাইছে, এই দৰে লাহৰীয়ে মুহূৰ্ত্তে মুহূৰ্ত্তে মুখৰ বৰণ আৰু মনৰ ভাব-গতি সলাবলৈ ধৰিলে। সদৌশেহত তেওঁ অলপ সংজ্ঞা পাই, জোপাৰ মাজত বহি একান্তমনেৰে পৰমেশ্বৰক ধ্যান কৰিবলৈ ধৰিলে। অলপ পৰ সেই দৰে চকু মুদি ভাবিয়েই লাহৰী আকৌ শান্ত হল, আকৌ থিৰ হল, আকৌ তেওঁ চিঠিখনিৰ আদ্যোপান্ত ভাবিবলৈ ধৰিলে। ভাবি ভাবি, তেওঁ সেই চিঠিৰ উত্তৰ ৰাতিকৈ লিখিবলৈ স্থিৰ কৰিলে। তাৰ পাচত, অলপ পৰ ইফাল সিফাল কৰি লাহৰী ঘৰলৈ আহিল। আজি আৰু লাহৰীৰ মূৰ্ত্তি সংসাৰৰ মানুহৰ আকৃতিৰে নিমিলে। লাহৰীৰ আজিৰ শান্ত, ধীৰ আৰু গহীন ভাব একেবাৰে অলৌকিক! আজি আৰু লাহৰীৰ মনত সাংসাৰিক দুখ, চিন্তা, ভয় একো নাই; আছে, কেৱল কমলৰ চিঠিখনিৰ উত্তৰ দিবলৈ। লাহে লাহে ৰাতিৰ আন্ধাৰে সকলোকে আবৰি ধৰিলেহি; লাহৰীৰ ভাব-গতিলৈকো কোনেও মন কৰিব নোৱাৰা হল। ভিতৰত কুঁঠৰীয়ে কুঁঠৰীয়ে বন্তি জ্বলিল; লাহৰীয়েও লাহেকৈ লিখা-সঁজুলী লৈ নিজান এটি কুঁঠৰীত কমলৰ চিঠিৰ উত্তৰ লিখিবলৈ বহিলেগৈ:-

“প্ৰাণনাথ !

 ইমান দিন আপোনাক নাম ধৰি মাতিছিলোঁ, ইমান দিনে আপোনাক ‘তুমি’ বুলি সম্বোধন কৰিছিলোঁ, ইমান দিনলৈকে লৰাকালৰ ধেমালিৰেই উমলিছিলোঁ, ইমান দিন লৰালি প্ৰণয়-ডোলেৰেই বান্ধ খাই আছিলোঁহঁক।-আজি হে মোৰ আচল সংজ্ঞা লাভ হৈছে, আজি হে মই মোৰ বৰ্ত্তমান অৱস্থা বুজিব পাৰিছোঁ, আজি আপোনাৰ চিঠিয়ে হে সকলো কথা মোৰ চকুৰ আগত পোহৰাই ধৰিছে।