লাহৰী/ষোড়শ আধ্যা
[ ১০৮ ]
লাহৰীক ধৰি নিয়াৰ পাচতে দিনদহেক পামপুৰৰ পলোৱা মানুহবিলাক ঘৰলৈ উলটি অহা নাই। সকলোৰে ঘৰ-বাৰী একেবাৰে এৰা-পলৰীয়া ঘৰৰ দৰে হৈছে। নিজম পামপুৰ একেবাৰে নিজান নিমাত। মাজে মাজে ছেগ বুজি দুষ্ট মানুহবিলাকে যাৰ য'ত যি পাইছে, অবাধে লৈ গৈছেহি! ইফালে হাবিত মানুহবিলাকে পেটৰ ভোকত কল্মলাই ফুৰিছে। আজি পামপুৰৰ এনে শোক-লগা অৱস্থাত ভালৰ চৰাই-চিৰিকতিয়েও বিষাদৰ সুৰেৰে সমবেদনা জনাইছে। ভাবিলে শোক লাগে, এসময়ত অসম দেশ অৰাজক পাই, নৰ-ৰাক্ষস কিছুমানে দুখীয়া-নিচলা অসমীয়াৰ এনে দুৰ্গতি কৰিছিল! এনেবিলাক দুখ-দুৰ্গতি নিজে দেখা বা ভোগ কৰাৰ কথাকে নকওঁ, এতিয়া লোকৰ মুখে শুনিলেও, চকুলো নুটুকি থাকিব নোৱাৰি! তৃতীয় দিনা জানিবা বিষয়া বিলাকে ঘৰলৈ উলটিবলৈ ধৰিলে। চতুৰ্থ দিনা বিষয়া জনচাৰেক আহি দেখে, দেখোন অন্য উৎপাত, একো নাই; মানে বিয়া ভাঙ্গি সেই দিনাই উলটিলে। সিবিলাকে হাবিয়ে-বননিয়ে মানুহ পঠিয়াই বাকী মানুহবিলাককো মতাই অনালে। প্ৰথমে কীৰ্তিনাথ গোহাঞি কিম্বা আন কোনো বিষয়াই মানৰ হঠাৎ এই উৎপাতৰ কাৰণ একোকে বুজিব নোৱাৰিছিল। তাৰ পাচত, পাষণ্ড ৰত্নেশ্বৰৰ কথালৈ কীৰ্তিনাথ গোহাঞিৰ মনত পৰিল। তেতিয়া হে তেওঁ বুজি উঠিল যে, সেই পাষণ্ডয়ে এই প্ৰতিশোধ দিলে। [ ১০৯ ] এই ভাব মনত অহা মাত্ৰকে কীৰ্ত্তিনাথ গোহাঞিয়ে চিয়ঁৰি চিয়ঁৰি মূৰত ভুকুৱাই কান্দিবলৈ ধৰিলে। বিষয়াসকল সকলোৱে কীৰ্ত্তিনাথ গোহাঞি সান্ত্বনা দি ৰাখি, এই কথাৰ সম্ভেদ্ লবলৈ আৰু লাহৰী নো ৰত্নেশ্বৰৰ ঘৰত আছে নে নাই, তাৰ সন্ধান লবলৈ গুপ্তভাবে মানুহ পাচিলে। কেইদিনমানৰ পাচত, সেই মানুহে গৈ ঘৰত ৰত্নেশ্বৰক নাপালে। গাৱঁৰ আন মানুহে কলে, বোলে দহ-বাৰ দিনমানৰপৰা তেওঁ ঘৰতেই নাই। ইফালে, লাহৰীৰ আইতাকে বিননিত গছৰ পাত কঁপাইছে। গাৱঁৰ বিষয়ানীসকলে কত নো বুজনি দিছেহি, লাহৰীৰ আইতাকৰ কাণত সি অলপো গুণ ধৰাব পৰা নাই। হিয়া ভুকুৱাই ভুকুৱাই তেওঁ বুক চামডলা যেন কৰিছে। আজি লাহৰীৰ আইতাকৰ বিলাই দেখি পানীতে হাঁহ নচৰা হৈছে। হাঁয় ! যি লাহৰীক আইতাকে বুকুৰপৰা এৰিবই নোখাজে, যি লাহৰীক তেওঁ চকুৰ আঁতৰ কৰিব নোৱাৰি ৰত্নেশ্বৰলৈ নিদিলে, আজি সেই লাহৰীক কোনে কলৈ নিলেগৈ তাৰ একো চিন্ নোহোৱাত পৰিল। ইচ্ছাময়ৰ আচৰিত ইচ্ছা! তেওঁৰ আচৰিত লীলা-খেলাৰ উদ্দেশ্য আমি কি বুজিম ! পাঠক, ইফালে আকৌ শূলধৰ বৰগোহাঞিৰ ঘৰলৈ চকু দিয়ক। ভাল হওক, বেয়া হওক, দুষ্টই হওক, টেটোনেই হওক, একেটি মাথোন পুতেক আছিল, আজি তেওঁ তাকো হেৰুৱালে। বৰগোহাঞি একেই হোজা মানুহ, পুতেকৰ শোকত এতিয়া একেবাৰে আতুৰ হৈ পৰিল। দেহি, সৰহ কথাৰ মানুহ নহয়; তেওঁ সৰু লৰাৰ দৰে চিয়ঁৰি চিয়ঁৰি কান্দিবলৈ ধৰিছে। ইফালে, মাকে বিননিত গছৰ পাত খিলি খিলি কৰিছে। একো একোবাৰ বা তেওঁ পানীত পৰি মৰিবলৈকে ওলাইছে। একেবাৰে বাউলী হৈ তেওঁ যাকে-তাকে “মোৰ বোপাই” “মোৰ বোপাই” বুলি সাবটি ধৰিছেগৈ। তেওঁৰ কান্দোন শুনি বাটৰ বাটৰুৱায়ো চকু-লো নুটুকি যাব পৰা নাই। শোকৰ বিননিৰে পুতেকৰ [ ১১০ ] কত নো গুণ গাবলৈ ধৰিছে, তাৰ আদি-অন্ত নাই। স্বৰূপতে, ধনবৰ দুষ্ট আৰু অসৎ স্বভাৱৰ লৰা আছিল যদিও, সেই আপদীয়া বিয়াৰ সম্পৰ্কত তেওঁ একেবাৰে নিৰ্দ্দোষী। কিন্তু, অদৃষ্টত যাৰ য’ত যেনেকৈ মৰণ নিৰ্দ্দিষ্ট আছে তাক কোনে খণ্ডাব পাৰে? পুত্ৰ-শোকত বিমোৰ হৈ শূলধৰ বৰগোহাঞিৰ আৰু পামপুৰত তিষ্ঠিবলৈ ইচ্ছা নোহোৱা হল; সেই দুৰ্ঘটনাৰ পাচত এমাহমান থাকি, তেওঁ মাটি-বাৰী, বয়-বস্তু বেচি, বিষয়াসকলৰ ওচৰত বিদায় লৈ, পামপুৰ এৰি তেজপুৰৰ ফালে গলগৈ।
সিবিলাকক সিমানতে বিদায় দি, আমি আকৌ পাঠকসকলক কমলৰ বিলাই দেখুৱাবলৈ লৈ যাওঁ। আজি পাঠকসকলে পামপুৰৰ চাৰিওফালে বিলাই-বিপত্তিকে হে দেখিব। বাটে, ঘাটে, ঘৰে, বাহিৰে, মতা, মাইকী, লৰা, ছোৱালী সকলোৰে মুখত কেৱল এই দুৰ্ঘটনাৰ বেজাৰৰ কথা হে শুনিব; সকলোকে আজি শোকত বিমোৰ হোৱা দেখিব। হাঁয় ! যি পামপুৰ এবাৰ সুখৰ ঠাই, শান্তিধাম বুলি বৰ্ণোৱা হৈছিল, আজি সেই পামপুৰত এনে অশান্তি! কমলে সেই দিনা নো কিমান গঁতা খালে,কিমান কিল খালে, কিমান ককৰ্থনা সহিব লগীয়া হৈছিল, তথাপি তেওঁ প্ৰাণৰ প্ৰাণ মৰমৰ লাহৰীৰ লগত লগ লাগিবলৈ নাপালে! পাচতো, কমলে লাহৰীৰ ছঁয়া চাই পিচত লৰিবলৈ ছেগ নাপালে। কমলক ধৰি নিবৰ দেখিয়েই হে যে লাহৰীয়ে ফৰিং-উফৰাদি আহি তেনে বিপদৰ জুইত পৰিলে সেই কথাৰ সোঁৱৰণীয়ে কমলৰ কোমল হিয়া অনুতাপত দগ্ধ কৰিবলৈ ধৰিলে। কমলে এটোপা চকু-পানীৰে সকলো বেজাৰ ধুই নিশ্চিন্ত থাকিব বুলি লাহৰীলৈ লিখিছিল; আজিচোন সাতখন সাগৰৰ পানী আনি ধুৱালেও কমলৰ একেটি বেজাৰৰ চিনকে ধুই গুচাব নোৱাৰা হল। হাঁয় ! আগেয়ে লাহৰীক বাউলী হব দেখিলে, কমলে নিজে স্থিৰ থাকি তেওঁক সান্ত্বনা দিছিল; আজি নিজৰ তেনে অৱস্থাত কমলক শান্তি দিয়ে কোনে! [ ১১১ ] কমলৰ মানত আজি সংসাৰ মৰুময়, সমূলি অসাৰ আৰু আন্ধাৰ ! কমলে লৰাকালতে মৰমৰ আইতাক আৰু দেউতাকক হেৰুৱায়ো ইমান বেজাৰ, এনে শোক পোৱা নাছিল। কমলে লাহৰীলৈ লিখা চিঠিত সকলো সঁচা কথাকে লিখিছিল। লাহৰীৰ যদি ধনবৰৰ লগতে বিয়া হলহেঁতেন, তেও কমল মহাসুখে থাকিলহেঁতেন; লাহৰীৰ সাংসাৰিক সুখ-দুখ তেওঁ চকুৰে চাই থাকিবলৈ পালেহেঁতেন। আজি কমলে এই সংসাৰৰ ভিতৰত তেওঁৰ একেটি মাথোন শান্তিৰ প্ৰতিমা একেবাৰে হেৰুৱালে ! আজি কমলে নিজৰ জীৱনতকৈয়ো অধিক আদৰৰ বস্তুটিৰ এনে আলাই-আথানী দেখিলে! বুজন হৈছে বুলিও, কমলৰ প্ৰাণ নিচেই কোমল,কমলৰ হিয়া অতি আলসুৱা; আৰ্চীৰ দৰে সি ইফালে চালে সিফাল দেখা নিৰ্ম্মল। এতিয়া যে এনে বিপদ-ধুমুহাই পাই কমলৰ কোমল প্ৰাণ ক’ৰাবলৈ উৰুৱাই নিব! এতিয়া যে নিঠুৰ শোক-শেলে ভেদি কমলৰ কুমলীয়া হিয়া থকাসৰকা কৰিব ! লাহৰী-লতা সিফালে উৱঁলিয়েই গল নে কি, তাৰ চিন্ নাই; ইফালে কমল-গছ, সেই লতা-বান্ধনী এৰুৱাই নিয়াত, মৃদু মলয়াতে হলি পৰা হয়! এইহেন ভয়ঙ্কৰ বিপদৰ ধুমুহাত পৰি কোমল কমল গছ এতিয়া কেনেকৈ তিষ্ঠি থাকে? ইফালে লাহৰী-কমলৰ প্ৰেম-বান্ধনীৰ প্ৰণয়-সূতা অনন্ত নোহোৱা হলে তো কথাই আহৰি, ইমান পৰ কমলক দেখিবলৈকে পোৱা নগলহেঁতেন কেতিয়াবাই টেঁটু-চেপা খাই তেওঁৰ প্ৰাণ অন্ত হলহেঁতেন। হাঁয়, আসন্ন বিপদতো ধৈৰ্য্য ধৰা কমল আজি সমূলি অধিৰ, একেবাৰে বাতুল ! কাৰ কি হৈছে, কোন্ ক′ত আছে, কমলে আজি একো কব নোৱাৰে। কব পাৰে, কেৱল লাহৰীৰ কথা; লাহৰীৰ গুণ সাত দিন সাত ৰাতি বিনালেও আজি তেওঁৰ ওৰ নপৰে। তেওঁ দেখিছে মাথোন পাষণ্ডহঁতে লাহৰীক ধৰি নিয়া ৷ কৃষ্ণৰাম গোহাঞি কোন্,তেওঁৰ ঘৈণী নো কোন্,কীৰ্ত্তিনাথ গোহাঞি [ ১১২ ] কোন্, লাহৰীৰ আইতাক নো কোন্, কমলে আজি কাৰো সম্বন্ধ-ভেদ নুবুজা হল। যেয়ে যি কথাকে সোধে, কমলে উত্তৰত কেৱল লাহৰীৰ কথা হে কয়। নাইবা, জীৱনী-শক্তি-শূন্য শেঁতা মুখখনি এফলীয়াকৈ কাঠৰ পুতলাটিৰ দৰে কমলে জলকা লাগি চাই থাকে। ইচ্ছাময়ৰ কি অলৌকিক মহিমা! মানুহক এই দৰেও তেওঁ পুতলা নচুৱায়! যি কমল পামপুৰৰ ভিতৰত শান্ত, ধীৰ আৰু গহীন স্বভাৱৰ এটি পটন্তৰ আছিল, আজি সেই কমল এনে অস্থিৰ আৰু বাতুল! যি কমলে বুঢ়া বিষয়া আৰু চুবুৰীয়াৰ ওচৰত লাজতে মুছকঁছ যায়, আজি সেই কমলৰ লাজ নো কি, তাৰ বোধ নাই; যাৰে-তাৰে আগত তেওঁ “লাহৰী” “লাহৰী” বুলি চিয়ঁৰিব লাগিছে । কমলে যে লাহৰীক ইমান ভাল পায়, লাহৰী যে কমলৰ এনে হৃদয়ৰ গুপুত ধন আছিল, ইমান দিনে লাহৰীৰ আইতাক আৰু দেউতাকত বাজে আন কেৱে নাজানিছিল।
এই দৰে উন্মাদ অৱস্থাতে কমলৰ দহ-বাৰ দিনমান গল। সেই কেইদিনৰ ভিতৰত তেওঁ কৃষ্ণৰাম গোহাঞিৰ ঘৰত কেইদিন আছিল কব নোৱাৰে। তাৰ পাচত, লাহে লাহে কালৰ গতিত কমল আকৌ দিনে দিনে তিল পৰিমাণে ধীৰ হৈ আহিল। কিন্তু লগে লগে তেওঁৰ আন্তৰিক সন্তাপ ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে। দিনে দিনে কমল শুকাই-ক্ষীণাই যাবলৈ ধৰিলে। কীৰ্ত্তিনাথ গোহাঞিয়ে কমল আৰু লাহৰীৰ এনে অকৃত্ৰিম প্ৰণয়ৰ কথা ভালেমান দিন ভাৰ্য্যাৰ মুখৰপৰা শুনিছিল যদিও, লাহৰী-কমলৰ প্ৰণয়-বান্ধ যে এনে অকৃত্ৰিম আৰু ইমান দৃঢ়তম আছিল, তাৰ সম্ভেদ্ তেওঁ আগেয়ে নাপাইছিল। এতিয়া, কমলৰ এনে পৱিত্ৰ প্ৰেমৰ চিনাকি পাই কীৰ্ত্তিনাথ গোহাঞিয়ে আত্ম সম্মানৰ নিমিত্তে স্বাৰ্থপৰ কাৰ্য্য কৰাৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। স্বামী-ভাৰ্য্যা দুযো এতিয়া কমল-গছৰ গাত লাহৰী-লতাৰ সাঁচ চাই মন পতিয়াবলৈ ধৰিলে। সিবিলাকে [ ১১৩ ] কমলতে লাহৰী-কমলৰ যুগল-মূৰ্ত্তি দেখা পোৱা হল। লাহৰীৰ আইতাকে যে কমলক নেদেখিলে ক্ষন্তেকো থাকিব নোৱাৰা হৈ পৰিল। কমল আগত থাকিলে, ঘনে ঘনে তেওঁৰ লাহৰীলৈ মনত পৰে হয়, কিন্তু কমলৰ কোমল ভাব-গতি দেখি তেওঁ অন্তৰৰ জ্বলা-জুই বৰকৈ জ্বলি আকৌ নিমিষতে চেঁচনি পৰা যেন পায়। কীৰ্ত্তিনাথ গোহাঞিয়েও কমলক দেখিলেই আঁকোৱালি চপাই ধৰি লৰাৰ দৰে কোলাত তুলি লয়। পাচলৈ তেৱোঁ কমলক নেদেখিলে থাকিব নোৱাৰা হল। বুদ্ধিমান কমলে এই কথা বুজিব পাৰি, পাচলৈ প্ৰায় সদায় কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰত হে থকাহি হল; কৃষ্ণৰাম গোহাঞিৰ ঘৰত কেৱল তেওঁ সময়মতে খাবলৈ হে যায়। কৃষ্ণৰাম গোহাঞি বৰ জ্ঞানী মানুহ, কমলৰ এনে জ্ঞান আৰু বুদ্ধিৰ পৰিচয় পাই তেওঁ সেই বাবে সন্তোষ হে পাইছিল। এই দৰে থাকি থাকি কমল পাচলৈ কীৰ্ত্তিনাথ গোহাঞি আৰু কৃষ্ণৰাম গোহাঞিৰ অতি আদৰৰ উমৈহতীয়া পুত্ৰৰ দৰে হৈ উঠিল।