পৃষ্ঠা:লাহৰী.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৫
লাহৰী ৷

মানুহটো তেতিয়াই তাতে মৰিল। মৰণৰ সময়ত ‘লাহৰী’ নামটি তেওঁৰ মুখত আধাফুটা হৈ আৰু নোলোৱা হল! পামপুৰীয়াই লৰি গৈ চাই দেখে, দেখোন সেইটি ধনবৰ হে! নিৰ্দ্দোষী লৰাটি অবাবত মৰা পৰিল বুলি পাচত সি হাঁয়-হাঁয় কৰিবলৈ ধৰিলে। তাৰ পাছত, মানহঁতে আকৌ ইফালে সিফালে বিচাৰিবলৈ ধৰিলে। এই দৰে আৰু এপৰমান বেলি বিচাৰি বিচাৰি কীৰ্ত্তিনাথ গোহাঞি পলাই থকা জোপাটোৰ আগতে কমলে সৈতে মানহঁত থিয় হলগৈ। লাহৰীয়ে কমলক ধৰি লৈ যোৱা দেখিয়েই, জুইত ফৰিং উফৰি পৰাৰ দৰে, জাঁপ মাৰি আহি তেওঁক সাবটি ধৰিলেহি। পামপুৰীয়াই “ধৰ, ধৰহঁক, কিনো-ৰূপে-সৈতে, এওঁৱেই লাহৰী” বুলি কোৱা মাত্ৰকে মানহঁতে কমলক এৰি লাহৰীক ধৰিলে। তাৰ পাচত, সিহঁতৰ উদ্দেশ্য সিদ্ধি হোৱাত, কমলক তাতে এৰি, লাহৰীক লৈ সিহঁত উলটিবলৈ সষ্টম হল। লাহৰীক ধৰি লৈ যোৱা দেখি কমল, লাহৰীৰ দেউতাক আৰু আইতাক তিনিও উৰি যোৱা দি গৈ লাহৰীৰ ওপৰতে পৰিলগৈ ! সেই খিনিতে বিপদৰ চিয়ঁৰ-বাখৰত তোলপাৰ লাগি উঠিল। কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ ভাৰ্য্যাক গঁতা ঘোঁকোটাৰে অপমান কৰি গোটাচাৰেকে ধৰি নি বহু নিলগত আঁতৰাই থলেগৈ। কিন্তু, কমলক চৰ, লাঠি, গঁতা, ঘোঁকোটা একোৱেই লাহৰীৰ গাৰপৰা এৰুৱাব নোৱাৰা হল; কতবাৰ লগতে লাগি যায়, কতবাৰ পাষণ্ডহঁতে গতিয়াই থৈ যায়হি,-তথাপি, কমল লগতে লাগি যায়। সদৌশেহত মানহঁত নিৰুপায় হৈ, সিহঁতৰ দুটাই কমলক ধৰি থাকিল, বাকীবিলাকে লাহৰীক উৰুৱাই নিয়াদি লৈ গুচি গল। অলপৰ পাচতে, ইহঁতও কমলক তাতে আধা-মৰা কৰি হাত-ভৰি বান্ধি পেলাই গৈ লগৰীয়বিলাকৰ লগ ধৰিলেগৈ।