সমললৈ যাওক

পৃষ্ঠা:লাহৰী.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩৯
লাহৰী

জীৱনৰ বাকী ছোৱাও সুখেৰে নিয়াম। তুমি কিন্তু এতিয়া সংসাৰৰ গতিত ঢাল্ লব লগাত পৰিছে। গতিকে, তুমি তোমাৰ আগৰ ভাব-গতি সকলো সলাব লগীয়া হৈছে। এতিয়া আৰু তুমি যাতে সংসাৰৰ গতিত সুখেৰে চলিব পাৰা, তাৰ নিমিত্তে সাজু হোৱাঁ। ময়ো, যেন আগলৈ তোমাৰ সুখ দেখি,মোৰ এই পৱিত্ৰ সুখ ফেৰি বঢ়াব পাৰোঁ, ইয়াকে হে আশা কৰিলোঁ। লাহৰী ! মোৰ এই এটোপা চকু-লোৰে সৈতে গত জীৱনৰ সকলো বেজাৰ ধুই পেলালোঁ। এতিয়া তোমাৰ দেবীমূৰ্ত্তীলৈ নৱ জীৱনৰ নতুন চকুৰে হে চাইছোঁ। ইতি

       মৰমৰ,———কমল।”

 কমলে চিঠি লিখি সামৰি আকৌ মেলি দুবাৰ ঘূৰাই ঘূৰাই পঢ়ি চালে।তাৰ পাচত চিঠি হাতত লৈ তেওঁ বাহিৰলৈ ওলাই আহিল। আহিনীক লগ পাবৰ অৰ্থে, কীৰ্ত্তিনাথ গোহাঞিৰ পদূলিৰ আগে দি কমল দুবাৰ অহা যোৱা কৰিলেহি; তৃতীয় বাৰত, নিলগতে আহিনীক দেখা পাই,সঙ্কেতেৰে মাতি চিঠিখনি তাইৰ হাতত দিয়েই তেওঁ লৈ উলটি আহিল। আহিনীয়েও গুপুতে চিঠি লৈ ঘৰলৈ গল। চিঠিখনি লাহৰীক দিবলৈ বুলি তাই কতবাৰ চিপিয়াইছে, কিন্তু আনকালৰ দৰে দিবলৈ সুবিধা পোৱা নাই। এই দৰেই আবেলিলৈকে চিঠি আহিনীৰ আঁচলতে থাকিল। সন্ধিয়া পৰত মাথোন লাহৰী পুখুৰীপাৰলৈ যোৱাত, সুবিধা বুজি আহিনীয়ে চিঠিখন তেওঁক দি আহিলগৈ। লাহৰীয়ে প্ৰথমে চিঠি পায়ে হাঁহি পেলালে। তাৰ পাচত তেওঁ চিঠি মেলি পঢ়িবলৈ একাণপতীয়াকৈ ধৰিলে। পঢ়োঁতে পঢ়োঁতে, চকুৰ পানীৰে ছাতি ধৰাত তেওঁ শেহৰ ডোখৰত পঢ়িবই নোৱাৰা হল। আকৌ, চাৰি-পাঁচবাৰ চেষ্টা কৰি তেওঁ কোনোনোতে পঢ়া এবাৰ শেষ কৰিলে। পঢ়ি অন্ত কৰি লাহৰী বিমোৰ হৈ সেই ফলেই ধাঁচ্ কৰে মাটিত