পৃষ্ঠা:লাহৰী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৩
লাহৰী

চাৰিওফালে উলহমালহ লাগিবলৈ ধৰিলে। দৰা-ঘৰ আৰু কন্যা-ঘৰ নিচেই ওচৰ-উচৰি। দুয়ো ঘৰতে পানী তুলিবলৈ সষ্টম হল। ঢোলৰ গিৰ্-গিৰণিত চাৰিওফালে ক’তো কাৰো মাত শুনিবলৈ নোপোৱা হল। পাট-গাভৰু লিগিৰীবোৰে ধোলৰ চেৱে চেৱে বাটে-ঘাটে যেয়ে য'তে আছিল, ত’তে নাচোন ধৰিছে। পানী-তোলাৰ পাচত নোৱন-ধোৱন হৈ গল। লাহৰীক আকৌ আনি নোৱনী-ঘৰত বহুৱা হল। চাৰিওফালে তিৰোতাবিলাকে জাঁত জাঁত নাম উৰুৱাবলৈ ধৰিছে। কোনো কোনো জনীয়ে ধেমালিত যোৰা-নামৰ অৰিয়া-অৰি পাতিছে। লাহৰীয়ে কিন্তু এইবোৰ একো কব নোৱাৰে। লাহৰীক নো কেতিয়া নোৱালে, কেতিয়া ধুৱালে, তেওঁ একো কব নোৱাৰে।

 তাৰ পিচদিনাও, দুপৰীয়াৰ নোৱন-ধোৱন হৈ গল। আকৌ আবেলি হলহি। পানী তুলিবলৈ অহা ঢুলীয়া-খুলীয়াই দুই ঘৰতে ঢোল খোল বজাই খলক লগালেহি। আজি টেকেলি দিয়াৰ দিনতকৈয়ো বেচি ধুম্‌ধাম্। আজি সেই বাহিৰৰ তোলপাৰৰ লগে লগে লাহৰীৰ অন্তৰৰ তোলপাৰ চৰ্তুগুণে চৰিছে। লাহৰীৰ অলৌকিক শান্ত, ধীৰ, গহীন, আপোন পাহৰা ভাব-গতি দেখি, যেয়ে-সেয়ে অলপ আচৰিত ভাৱে তেওঁলৈ চোৱা হল। বিশেষকৈ, আহিনীৰ মনত বৰকৈ উগুল-থুগুল লাগিবলৈ ধৰিলে। আইতাক আৰু দেউতাকৰ গাত বিয়াৰ কাৰবাৰতে তত্ নাই; সিবিলাকে লাহৰীলৈ বিশেষ মন-কাণ দিবলৈ আজৰি পোৱা নাই। ইফালে বিভোল লাহৰীয়ে, গধুলি হৈ আহিছেমানে, কমললৈ লিখা চিঠি শেহৰ কথা কেফাঁকিলৈ বৰকৈ মনত কৰি আহিছে। তাৰ পাচত, ফটাকানিৰ অচেতন দৰা-কন্যাক নোৱন দিয়াৰ দৰে লাহৰীক আকৌ এবাৰ নোৱন দিয়া হৈ গল । এতিয়া আৰু লাহৰীৰ মনে-পতা অন্তিম সময় নিচেই ওচৰ চাপিলহি৷ লাহে লাহে সেই ভয়ঙ্কৰ কাৰ্য্যলৈ ভয়ঙ্কৰ ক্ষণে লাহৰীত থিত্ দিলেহি ।