স্বামী-গুৰু কমল-চৰণ চিন্তি লাহৰীয়ে এহাতে লাহেকৈ আঁচলৰ গাঁথিত হাত দিছে, এনেতে চাৰিওফালে দুম্-দুম্-দাম্-দাম্ লাগি উঠিল। লাহৰীয়েও চঁক্ খাই হাতৰ আঁচল এৰি দি, কি হৈছে অলপ গম্ লওঁতেই “মান্ মান্ মান ! পালেহি, পলা, পলা, পলা” ইত্যাদি বিপদৰ আৰ্ত্তৰাৱ শুনা গল। পিচমুহূৰ্ত্ততে দেউতাক আৰু আইতাকে আহি লাহৰীক সাবটি ধৰিলে ৷ চাওঁতে চাওঁতে, বিয়ালৈ অহা মানুহ কোন্ কলৈ গল, চিন্ নেহোৱাত পৰিল। কীৰ্ত্তিনাথ গোহাঞিয়ে য’ৰে বস্তু ত’তে এৰি, ভাৰ্য্যা আৰু জীয়েকক লৈ পলাবলৈ দিহা লগালে। মানহঁতে পোনে-পোনেই কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰকে বেৰি ধৰিলেহি। তাৰ পাচত, দহোটা মানে ভিতৰলৈ সোমাই দেখে যে মানুহ নাই, উদং ঘৰ। মানহঁতে খঙ্গত সুহুৰি-টকালি মাৰি সেই দিনা ৰাতিয়েই অলপ পৰলৈ বিচাৰি চালে; কিন্তু আন্ধাৰ ৰাতি নিজৰ মানুহকে চিনা টান দেখি সিহঁতে বেচি পৰ আৰু নিবিচাৰিলে। সিহঁতে, ৰত্নেশ্বৰৰ উপদেশ মতে, অন্যান্য মানুহক একো অত্যাচাৰে নকৰিলে। পিচদিনা ৰাতিপুৱাই মানহঁতে আকৌ দিহাদিহি লাহৰীক বিচাৰিবলৈ ওলাইছে, এনেতে কমল আহি উপস্থিত। কমল লাহৰীৰ চিঠি পোৱাৰেপৰা ব্যাকুল হৈ আছিল। মানৰ কথা শুনি তেওঁ লাহৰীৰ নো কি হৈছে চাবলৈ আহিছিল। পামপুৰীয়াই মানহঁতক বুজাই দিলে যে, কমলক ধৰিলেই লাহৰীৰ সম্ভেদ্ পোৱাৰ সম্ভৱ। সেই কাৰণে, সিহঁতে কমলক ধৰি, লগতে লৈ, হাবিয়ে বননিয়ে লাহৰীক বিচাৰিবলৈ ধৰিলে। সিহঁতে হাবি মহটিয়াই বিচাৰি যাওঁতে-যাওঁতে, জোপা এটাৰ মাজৰপৰা ওলাই মানুহ এটা লৰি পলোৱা দেখা পালে। মানুহটো শকত-আৱত দেখি, তেওঁকে কীৰ্ত্তিনাথ গোহাঞি ভাবি, মান দুটাই তেওঁক পিচে পিচে খেদি গল। পিচে, দুকুৰি নলমান বাট খেদা খাই, মানুহটো হুল-জোং থকা এটা পোতা-নাদত উফৰি পৰিলগৈ। হুল-জোঙ্গেৰে থকাসৰকা হৈ অন্তিম সময়ৰ আৰ্ত্তৰাৱ কাঢ়ি
পৃষ্ঠা:লাহৰী.pdf/১০৬
অৱয়ব