সমললৈ যাওক

লাহৰী/চতুৰ্দশ আধ্যা

ৱিকিউৎসৰ পৰা
[ ৯২ ]
১৪। আধ্যা।
জয়ন্তী।

 পিচদিনা ৰাতিপুৱাই ৰত্নেশ্বৰ আৰু পামপুৰীয়া আকৌ ন-পমুৱা মানৰ গাওঁ পালেগৈ। সিফালে সিহঁতে এওঁবিলাক নৌ যাওঁতেই খাই-বৈ, কাপোৰ-কানি বান্ধি সাজু হৈ ওলাই আছিল। এওঁবিলাকক দেখা মাত্ৰকে চাৰিওফালৰপৰা বিং-বিং বাং-বা কৰি তিনি কুৰি দহোটা মান আহি জুম্‌ বান্ধিলেহি। ৰত্নেশ্বৰে সিহঁতক আকৌ আগৰ কথালৈ মনত পেলাই দি, পামপুৰীয়াক কলে, তুমি এতিয়া বাজে-বাজেই যোৱাঁগৈ। ইয়াতে মোৰ আৰু এটি সকাম আছে; মই কাইলৈ হে ইয়াৰপৰা উলটি খোজ লম। তুমি এতিয়া পোনে-পোনেই ইহঁতক পামপুৰলৈ লৈ যোৱাঁগৈ। বিশেষ কথা তোমাক আৰু শিকাবৰ আৱশ্যক নকৰে। বৰনৈ পাৰ হওঁতে,মানুহে নেদেখাকৈ আন এটা ঘাটে পাৰ হবাহঁক। তোমালোকে মোক ঠিক সময়ত মোৰ ঘৰতে পাবাহি। তুমি এতিয়া ইহঁতৰ দৰেই কাপোৰ-কানি পিন্ধি লোৱাঁ।” এই বুলি, আকৌ মানহঁতৰ ফালে ঘূৰি তেওঁ কবলৈ ধৰিলে, “তহঁতে এতিয়া এওঁকো তহঁতৰ দৰেই কাপোৰ-কানি পিন্ধাই সজাই লব লাগে। আৰু, এওঁ যি কব, তহঁতে তাকে শুনিব লাগিব।”

 মানহঁত—“আমি জানোঙ্ অ, দৌটা, তয় হিকাব নেলাগে দে।”

 মানহঁতে পামপুৰীয়াকো সিহঁতৰ দৰেই কাপোৰ-কানি পিন্ধাই লৈ পামপুৰৰ মুখে খোজ ললে। ৰত্নেশ্বৰে সিহঁতক আৰ নোহাৱালৈকে চালে, তাৰ পাচত তেওঁ আলহী থকা ঠাইলৈ উভতিল। ৰত্নেশ্বৰ সিহঁতৰ লগত [ ৯৩ ] নোযোৱাৰ আন একো কাৰণ নাই; কেৱল তেওঁ লোক-নিন্দালৈ অলপ ভয় কৰিছিল। জনা-বুজা মানুহ হৈ তেনেকুৱা গৰ্হিত কাম কৰিলে দহজনে বেয়া বুলিব, এই ভয়ত তেওঁ সিহঁতৰ লগত নগল ৷ তাৰ পাচে, বাটে বাটে নানা চিন্তাত বিভোল হৈ ৰত্নেশ্বৰ আলহী-থকা ঘৰ পালেগৈ ।

 ৰত্নেশ্বৰে এই যাত্ৰাত আলহী হোৱা ঘৰৰ কথা আমি ওপৰত অলপ উনুকিয়াই মাথোন আহিছোঁ । এতিয়া সেই মানুহঘৰৰ আঁতি-গুৰিৰ কথা বহলাই নকলেও, মুঠতে কৈ থওঁ যে, এইখন আগৰ এজন ডাঙৰ বিষয়াৰ ঘৰ আছিল। পাচতো, সেই বিষয়া জন নাই বুলিও, তেওৰ বিধৱা ভাৰ্য্যাৰ ঐশ্বৰ্য্য আৰু ক্ষমতা সামান্য নাছিল। এই ঠাই ডুখৰিৰ ভিতৰত তেওঁৰ ক্ষমতা ৰাণীৰ ক্ষমতাৰ দৰে আছিল। আগৰ ডাঙৰ বিষয়াৰ ভাৰ্য্যা বুলি আৰু বৰ্তমান অনেক ধন-সম্পত্তিৰ বলত তেওঁ এই ঠাইৰ সৰু-বৰ সকলোৰে ওচৰত সম্মান পাইছিল আৰু সকলোৱে তেওঁক খাতিৰ কৰিছিল । তেওঁৰ জয়ন্তী নামেৰে ছোৱালী এটি আছিল। সেই ছোৱালীটিকে দুবছৰৰ আগেয়ে ৰত্নেশ্বৰে বিয়া কৰাবৰ মনেৰে চাবলৈ আহিছিল । তেতিয়া জয়ন্তীৰ বয়স চৈধ্য বছৰ মাথোন হৈছিল। ৰত্নেশ্বৰে সেই বাৰ ছোৱালী নিন্দাই বিয়া কৰাবলৈ অসম্মত হৈ উলটি গুচি গল। স্বৰূপতে কিন্তু ছোৱালীটি বৰ সুন্দৰী আছিল। তেতিয়া তেওঁ সৰু আছিল বুলিয়েই বা ৰত্নেশ্বৰে সেই সময়ত যাকে-তাকে বেয়া ভাবি ফুৰাৰ কাৰণেই, জয়ন্তী তেওঁৰ চকুত নালাগিল। এতিয়া জয়ন্তীৰ বয়স ষোল বছৰত সোমাইছেহি । বয়সৰ লগে লগে সুন্দৰী জয়ন্তী বৰ ৰুপহীটি হৈ উঠিল। ছোৱালীটিৰ হাত-ভৰি আদিৰ লাৱণ্যতাৰ বিষয়ে নকওঁৱেই, মুখখনি পূৰ্ণিমাৰ জোন যেন শুৱনি আছিল। ৰত্নেশ্বৰে সেই বাৰ বেয়া বুলি এৰি যোৱাৰ পাচতে, যোৰহাটৰ এটি ৰাজ-কোৱঁৰলৈ জয়ন্তীক বিয়া দিয়াৰ দিন স্থিৰ কৰা হল ৷ লৰাটিৰ বিষয়েই মুঠকৈ কোৱা যায় যে, তেওঁ যেনে ঘৰৰ লৰা, ৰূপে-গুণেও [ ৯৪ ] ঠিক তেনেই আছিল। তেওঁক অচিনাকী মানুহে দেখিলেও, তেওঁ কেনে ঘৰৰ লৰা তাক অনুমানত বুজিব পাৰে। লৰাটিৰ নাম পূৰ্ণচন্দ্ৰ গোহাঞি। খোজা-বঢ়া হবৰো আজি ভালেমান দিন হলহি। খোজা-বঢ়া হোৱাৰ পাচত পূৰ্ণচন্দ্ৰ গোহাঞিদেৱে শাহুৱেকৰ ঘৰলৈ মাজে-সময়ে আহি থাকে; এতিয়া তেওঁ শাহুৱেকৰ ঘৰতে। এই বাৰ তেওঁ ইয়াত থকা কেইবা মাহো হলহি । ইমান দিন জয়ন্তী আৰু পূৰ্ণগোহাঞিদেৱ দুইৰো ভিতৰত মাত-বোল নাই যদিও, ওলাওঁতে-সোমাওঁতে নিলগৰপৰা অনেক বাৰ দেখা-দেখি হৈছে।এতিয়া সিবিলাকৰ পৰস্পৰৰ প্ৰতি এনে মৰম, এনে চেনেহ, এনে আদৰৰ ভাব যে, কোনোৱে যদি পৱিত্ৰ প্ৰণয়ৰ চানেকি চাই সুখী হব খোজে, তেন্তে এই দুটি সুখীয়া প্ৰেমিক-প্ৰেমিকাৰ ফালে এবাৰ চকু দিব লাগে। সংসাৰত প্ৰেম আছে, প্ৰণয় আছে; তাৰ লগে লগে দুখো আছে, বেজাৰো আছে ।দুখ আৰু বেজাৰে সেই প্ৰেম আৰু প্ৰণয়ৰ জেউতি অনেক গুণে চৰায় সঁচা, কিন্তু সেই বুলি যে বিনা-দুখ, বিনা-বেজাৰে লাভ কৰা প্ৰেম বা প্ৰণয়ত মোল নাই, এনেও নহয়। ঈশ্বৰে যাক যেনে ভোগৰ ভাগী কৰিব খোজে, তাক সেই সম্ভোগ দিবলৈ তেনে প্ৰেম আৰু তেনে প্ৰণয়ত হে পেলায়। ঈশ্বৰ নিজে বহুৰূপী; গতিকে তেওঁ সদায় বহুৰূপৰ পক্ষপাতী। তেওঁৰ লীলা-খেলা, আমোদ-প্ৰমোদ, চকু-তৃপ্তি,—আমাৰ দুখ-সুখ, বেজাৰ-আনন্দ, অসুখ-অশান্তিও হব পাৰে। ঈশ্বৰ নিজে মহা-প্ৰেমিক। তেওঁৰ সৃষ্টি-লীলাত যে কত প্ৰকাৰৰ প্ৰেম-ৰস বিৰিঙ্গি পৰিছে, সহস্ৰ মুথে বখানিও তাক শেষ কৰিব নোৱাৰি।

 ৰত্নেশ্বৰে জয়ন্তীহঁতৰ ঘৰত আলহী থকা আজি তিন দিন হলহি। আগৰ দুদিন তেওঁ পামপুৰলৈ মান পঠোৱাত অতি ব্যস্ত আছিল; তৃতীয় দিনা পুৱা তেওঁ শুই উঠি মুখ ধুবলৈ বহোঁতেই বুলনিত জয়ন্তীৰ মোহিনী ৰূপৰ চমকনি হঠাৎ তেওঁৰ চকুত পৰিল। ৰত্নেশ্বৰক গোঁসাই-ঘৰৰ টুপতে শুবলৈ দিয়া হৈছিল । [ ৯৫ ] গোঁসাই-ঘৰৰ আগত থিয় হলে, বুলনি-ঘৰৰ প্ৰায় সমানে এডোখৰ দেখা যায়। সেই সময়ত জয়ন্তীয়ে গা ধুই আহি বুলনিত বহি একোণ-পতীয়াকৈ মূৰ মেলাইছিল; তেওঁ ৰত্নেশ্বৰলৈ মন কৰা নাছিল। সেই ছেগতে জয়ন্তীৰ ৰূপ-লাৱণ্যতাৰ কথা আৰু বঢ়াই কবৰ সকাম নাই। ৰত্নেশ্বৰে প্ৰথম দৃষ্টি ঘূৰাব নোৱাৰি মুখ আধা-ধোৱাকৈয়ে ঠৰ্ লাগি চাই ৰল।—চাই চাই, চায়ে ৰল। এই দৰে প্ৰায় এখনমান তামোল খাবৰ পৰলৈকে চাই আছে, এনেতে জয়ন্তীয়ে তেওঁক দেখা পাই, পিচলৈ মেঘ-নেজীয়া চুলিৰ ঢৌ মেলি চঁকিত হৰিণীৰ দৰে ভিতৰলৈ লৰ মাৰিলে। সেই মুহূৰ্ত্তৰেপৰা ৰত্নেশ্বৰক আন এটা নতুন কথা, নতুন ভাব আৰু নতুন চিন্তাই জোকাৰিলৈ ধৰিলেহি। জয়ন্তী যে বয়সত এনে ৰূপৱতী হৈ উঠিব, ৰত্বেশ্বৰে আগেয়ে সপোনতো ভবা নাছিল। ৰত্নেশ্বৰে এতিয়া জয়ন্তীৰ ৰূপত মোহ গৈ লাহৰীৰ সম্বন্ধীয় ভাবনালৈ সেই মুহূৰ্ত্তৰ নিমিত্তে পাহৰি গল; আৰু তেওঁৰ গুপ্ত আয়োজনৰ চিন্তালৈ তেওঁ একেবাৰে পিঠি দি বহিল। ইমান দিনলৈকে ৰত্নেশ্বৰৰ হিয়া-পটত লাহৰীৰ মোহিনী মূৰ্তি অঙ্কিত আছিল, আজি ৰত্নেশ্বৰে সেই মূৰ্ত্তি ঢাকি তাৰ ওপৰত জয়ন্তীৰ মোহিনী চিত্ৰ আঁকিলে। ৰত্নেশ্বৰে তেওঁৰ পূৰ্বৰ ভ্ৰান্তি সুঁৱৰি অনুতাপ কৰিবলৈ ধৰিলে, আপোনাৰ চকুকে আপুনি নিন্দা কৰিবলৈ ধৰিলে; আৰু জয়ন্তীৰ মূৰ্ত্তি লাহৰীতকৈও মনমোহা বুলি আপোনা-আপুনি সহস্ৰবাৰ প্ৰশংসা কৰিবলৈ ধৰিলে। ইফালে জয়ন্তীৰ বিয়া যে অন্যৰে সৈতে স্থিৰ হৈ গৈছে, সেই কথা ৰত্নেশ্বৰে তেতিয়ালৈকে কব নোৱাৰে। কিয়নো, আগৰ দুদিন নিজৰ পাপ-কাৰ্য্যত লাগি থাকোঁতেই তেওঁ এতিয়াও জয়ন্তী আইতাকৰে সৈতে কথা-বাৰ্ত্তা পাতিবলৈ সময় পোৱা নাছিল। ভিতৰতে ভালেখিনি পৰলৈকে ৰত্নেশ্বৰে এইবোৰ কথাকে ভাবি-চিন্তি আছিল। তাৰ পাছত, তেওঁ ভিতৰ-চ’ৰালৈ আহি জয়ন্তীৰ আইতাকৰে সৈতে সাক্ষাৎ পাবৰ নিমিত্তে ভিতৰত কবলৈ [ ৯৬ ] এটা লিগিৰাক পাচিলেহি। অলপ পৰৰ পাচত, জয়ন্তীৰ আইতাক ওলাই আহি ৰত্নেশ্বৰৰে সৈতে কথা পাতিবলৈ বহিল। তেওঁ জয়ে-জয়ে জীয়েকৰ সম্বন্ধীয় কথাকেই জুৰিলে। কথা-প্ৰসঙ্গত যেতিয়া ৰত্নেশ্বৰে জয়ন্তীৰ বিয়াৰ বিষয়ে আদ্যোপান্ত কথা বুজি উঠিল, তেতিয়া তেওঁ একেবাৰে নিৰাশ হল। সেই মুহূৰ্ত্ততে ৰত্নেশ্বৰৰ আনন্দত ফুলি পৰা মুখত বিষাদ ডাৱৰৰ ঢাকনি পৰিল। আৰু অলপ পাচৰপৰা জয়ন্তীৰ আইতাকে নো কি কৈছে, তাৰ ভাব বা অৰ্থ তেওঁ বুজিব নোৱাৰাই হল; এটা কথা সুধিলে আন এটাৰ উত্তৰ দিয়াত পৰিল। পূৰ্ণ গোহাঞিদেৱে সেইবোৰ কথালৈ মন কৰি আছিল। দেখি দেখি, তেওঁ আৰু হাঁহি সামৰিব নোৱাৰিলে! জয়ন্তীৰ আইতাকেও ৰত্নেশ্বৰৰ অৱস্থা বুজিব পাৰি তেওঁক একো সমিধান নিদিয়াকৈ ভিতৰলৈ সোমাই গল। পূৰ্ণ গোহাঞিদেৱে ৰত্নেশ্বৰক নিতান্ত অপ্ৰস্তুত হবৰ দেখি, তেওঁৱেই কথা পাতিবলৈ বহিলহি। ইফালে ভিতৰত জয়ন্তীয়ে, সখীয়েক কাঞ্চনৰে সৈতে, বাৰ জুমি ধেমালি চাবলৈ ধৰিলে। এই দৰে আৰু অলপ পৰ আছে, এনেতে ৰত্নেশ্বৰে নিজৰ বৰ্ত্তমান অৱস্থা তৰ্কিব পাৰি, কাকো একো নোকাৱাকৈয়ে বাতুলৰ দৰে উচাট্ মাৰি তাৰপৰা উঠি গুচি আহিল। হাঁয়, আজি ৰত্নেশ্বৰ বিষমৰূপে অপ্ৰস্তুত। আজি ৰত্নেশ্বৰে পূৰ্ণ গোহাঞিদেৱ আৰু তেওঁৰ শাহুৱেকৰ আগত বান্দৰ-নচা দিলে! ৰত্নেশ্বৰে উঠি গৈ গোঁসাই-ঘৰত সোমাই, শোকে-বেজাৰে লাজে খুন্দা মাৰি ধৰাত,কান্দি পেলালে। তাৰ পাচত, লৰালৰিকৈ টালিটোপোলা বন্ধাই লগুৱাটোৰে সৈতে, পামপুৰৰপৰা আঁতৰ হোৱাৰ দৰে, কাকো মাত নলগোৱাকৈয়ে তেওঁ তাৰপৰা উধাতু খাই প্ৰস্থান কৰিলে !