পৃষ্ঠা:লাহৰী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩৬
লাহৰী


লৈয়ে দুদিন-তিনদিনো সিবিলাক শান্ত থাকিব পাৰিছিল। এতিয়া দিনটোৰ ভিতৰত তিনি-চাৰিবাৰকৈয়ো সেই নাম স্মৰণ কৰিব লগাত পৰিছে। দিনে দিনে বিপদ যিমান ওচৰ চাপি আহিবলৈ ধৰিছে, তাৰ লগে লগে লাহৰী-কমলৰ সেই মন্ত্ৰোচ্চাৰণ সিমান ঘন হবলৈ ধৰিছে। ঘন হৈছে বুলি, কমললৈ সিমান অসুচল হোৱা নাই। কিয়নো, কমলে সকলো কথাকে নিৰলে পাইছে; যেতিয়াই যেনে অৱস্থাতে থাওক, কোনো তেওঁলৈ মন কৰোঁতা নাই। কিন্তু, লাহৰীৰ ফালে ইয়ো এটা বিপদ; দিনটোত লাহৰীৰ মনৰ অৱস্থা যিমান ঘনাই সলনি হবলৈ ধৰিছে, মানুহে লাহৰীলৈ সিমান বেচিকৈ চকু দিবলৈ ধৰিছে। সময়ত এনেও হৈছে যে, মানুহৰ আগতে লাহৰীয়ে তৰ্কিব নোৱাৰাকৈ ঈশ্বৰৰ নাম লব লগাত পৰিছে। অৱশেষত নিৰুপায় হৈ লাহৰী পুখুৰীপাৰৰপৰা ঘৰলৈ আহিবকে নোৱাৰাত পৰে। ইফালে আকৌ বহুত পৰ ঘৰত নেদেখি আইতাকে পুখুৰীপাৰলৈকে লাহৰীক বিচাৰি যোৱা হল। কি হব। আৰুতো লাহৰীৰ উপায় নাই। লাহৰী মহা সঙ্কটত পৰিল। ঘৰত থাকিলেও মতা, মাইকী মানুহৰ ঘিট্‌ঘিটনিত লাহৰীৰ মনোবদনাই ঘনাই উক্ দিয়ে; অথচ, ঘৰত সিমান ঘনাই জীবনী-মন্ত্ৰ লবলৈ তেওঁৰ সুবিধা নঘটে। হাঁয়, বিপদে যাক পায়, তাক একেবাৰে চাৰিওফালৰপৰা বেৰি ধৰি জলা-কলা কৰে ! লাহৰী বৰঞ্চ বাউলী অৱস্থাতে ইয়াতকৈ ভালেৰে আছিল। এতিয়া বিপদ-চিন্তাই তুঁহজুইৰ দৰে উমাই উমাই লাহৰীৰ কোমল কলিজা ধোঁৱাৰেই ফলা কৰিছে । আৰু নো লাহৰীয়ে কিমান সহিব। লাহৰীয়ে যে নিজৰ শক্তিৰ উপৰিও, ঐশ্বৰিক শক্তিৰে সহিলে। ইমানত আৰু লাহৰীয়ে কেনেকৈ ধৈৰ্য্য ধৰি ৰয়! এতিয়া আৰু লাহৰী আকৌ বাউলী হলে কোনোবা আচৰিত হব নে? এতিয়া আৰু লাহৰীয়ে মৰণত শৰণ দি, আন কোনো উপায়ৰ