পৃষ্ঠা:লাহৰী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফুটাই নকলে, অলপ উপকাৰ কৰিবলৈ চাওঁতে, তোমাৰ মহৎ অপকাৰ কৰা হব; আৰু মই সেই পাপৰ ঘোৰ পাতকী হম! লাহৰি। মই নো কিমানলৈকে উচিত বিচাৰ কৰিছোঁ কব নোৱাৰে; যদি কিবা দোষ কৰি থাকোঁ, ক্ষমা কৰিবাঁ। তোমাৰ ওচৰত অপৰাধী থাকিলে, মই এই সংসাৰতে নৰক-যন্ত্ৰণা ভুগিব লাগিব।

 লাহৰি! মোৰ প্ৰানে নো তোমাক কিমান ভাল পায়, মোৰ এই ভালপোৱাৰ নো প্ৰকৃত গৰাকিনী কোন্ তাক কথাৰে ফুটাই কবলৈ ভাষাৰ অভাব। তথাপি কওঁ, মোৰ অন্তৰজগতৰ সকলো কথা কেৱল তুমি— মোৰ জীৱনৰ জীৱন স্বৰূপ, একেটি মাথোন আদৰৰ সৰ্বস্ব-তুমি হে জানাঁ। কিন্তু লাহৰি! তোমাৰ প্ৰাণে নো মোক কিমান ভাল পায়, তোমাৰ মানত নো মই কেনে আদৰৰ বন্ধু, মই হেজাৰ বছৰ হেজাৰ মুখেৰে কৈয়ো শেষ কৰিব নোৱাৰিম। তথাপি লাহৰি, মই এটা কথা কওঁ। আমি সংসাৰৰ ভাব-গতি বুজিবলৈ যদিও নিচেই সৰু, এনে সৰু বয়সতে আমি অনেক দেখিলোঁ, অনেক শুনিলোঁ, সংসাৰৰ গতিত ভালেমান ভটিয়ালোঁ। এতিয়া ভাবি চোৱাঁ, ইচ্ছাময়ৰ ইচ্ছা হকা-বধা কৰিবৰ কাৰ সাধ্য নাই। আমিও এদিন সংসাৰৰ স্বাভাৱিক গতিত ঢাল খাবই লাগিব। এতেকে, তুমি আৰু মোৰ কথা লৈ ব্যাকুল নহবলৈ মনক বুজনি দি ৰাখাঁ। মোৰ সাংসাৰিক সম্বন্ধৰ বান্ধন তোমাৰ দৰে নহয়। মোৰ আঁতি-গুৰিৰ কথা তোক সবিশেষ কোৱা হৈছে। মোৰ বৰ্ত্তমান কোনো নাই বুলিলেও হয়। মই এতিয়া, বা ইয়াৰ পাচত, যেনে অৱস্থাত থাকিব লগাত পৰে, তেনে অৱস্থাতে থাকিব পাৰিম। গতিকে, মোৰ নিজৰ দুখ-বেজাৰ লৈ মোৰ চিন্তা নাই। মই যে মোৰ পৱিত্ৰ কোমল হিয়াত এনে দৃঢ়ৰূপে ঠাই পালোঁ, এয়ে মোৰ ভাগ্য। মই যে মোৰ জীৱনৰ জীৱন, সবাতকৈ আদৰৰ ধন— তোমাৰ ভালপোৱা পালোঁ, তাৰেই মই বৰ চহকী। তোমাৰ এই নিৰ্ম্মল ভালপোৱাকে লৈ মোৰ