পৃষ্ঠা:লাহৰী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫। আধ্যা।
বিয়া ।

 খোজবঢ়া কৰাৰপৰা ভালেমান দিন পাৰ হৈ গল। ইমান দিনলৈকে লাহৰী-কমলে, দুইকো দুইয়ে চিঠিৰে সৈতে প্ৰবোধ দি মন পতিয়াই আছিল। কিন্তু, যিমানেই হওক, মানুহৰ মন !—একেটা বিশ্বাস আৰু একে প্ৰকাৰৰ অকল প্ৰবোধ বাক্যে কিমান স্থিৰেৰে ৰাখিব! যিমানেই হওক,বিপদ ওচৰ চাপিলে, মানুহ অলপ নহয় অলপ বিহ্বল হবই হব। এতিয়া আৰু বিয়াৰ দিন নিচেই ওচৰ চাপিলহি,- আৰু দই দিনমান মাখোন বাকী। দুয়ো কালৰ বিয়াঘৰীয়াই চাৰিওফালে গাখীৰ-গুৰ লগাই বিয়াৰ ধুমধাম লগাই দিছে। কীৰ্ত্তিনাথ বুঢ়াগোহাঞি আৰু শূলধৰ বৰগোহাঞিৰ ঘৰত বটি-পদুলি অঁতোৱা আৰু ৰভা দিওৱাৰ খৰধৰ লাগিছে। গোটেই পামপুৰত ঘৰে ঘৰে ঘৈণী, বোৱাৰী, জীয়াৰী সকলোৰে মুখত কেৱল বিয়াৰ হে কথা । বিয়াঘৰীয়া দুঘৰত লিগিৰা-লিগিৰীবিলাক আনন্দত উৰুলীকৃত । দৰা-ঘৰত সকলোৰে মন আনন্দত উধাও হৈছে; কন্যা-ঘৰতো কেৱল এটি প্ৰাণীত বাজে সকলোৰে মন আনন্দ বুলিব পাৰি। স্বৰূপতে, ন-পমুৱা বিষয়াসকলৰ সুখৰ ঠাই, পামপুৰত আজি লাহৰী-কমল দুটি প্ৰাণীত বাজে সৰু-বৰ সকলো সুখী । লাহৰী-কমলে এতিয়াও দুইকো দুয়ো বুজনি দিয়ে আছে হয়, কিন্তু ভিতৰি দুয়ো মাজে মাজে হতাশৰ খুন্দাত অস্থিৰ হৈ পৰিছে ৷ ইয়াৰ আগেয়ে জীৱনীযন্ত্ৰৰূপে মাজে মাজে ঈশ্বৰৰ নাম একোবাৰ