পৃষ্ঠা:লাহৰী.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪১
লাহৰী ৷

  প্ৰাণনাথ ! আজি আৰু মই আপোনাৰ সেই পুখুৰীপাৰত বহি নানা তৰহৰ কথা পাতি ধেমালি কৰা ‘লাহৰী’ নহয়; আজি মই আপোনাৰ অৰ্দ্ধাঙ্গিনী,—সহধৰ্ম্মিনী । প্ৰাণেশ্বৰ । ইমান দিনে মই আপোনাৰ লগত কথা-বাৰ্ত্তা পাতি যি সুখ উপভোগ কৰিলোঁ, ইমান দিনে মই আপোনাৰ সঙ্গত যি লীলা-খেলা খেলিলোঁ, সকলো সাংসাৰিক সুখ আৰু সকলো সাংসাৰিক লীলা-খেলা ৷ আপোনাৰ সংসৰ্গ-সুখ সম্ভোগলৈ আৰু বহুত আশা কৰিছিলো, কিন্তু বাটতে বিখিপথালি হল। নাপালোঁ, নালাগে, যিখিনি পালোঁ সেইখিনি সোঁৱৰণীতে মোৰ অপাৰ আনন্দ ! আৰু, যি বাকী থাকিল সেইখিনি পৰকালত ভুগিমগৈ বুলি হৃদয়ত আশা সাঁচি থলোঁ ।

 প্ৰাণেশ্বৰ ! আপুনি যে ভুৱা দিয়াৰ কথা লিখিছিল, এতিয়া আৰু ভুৱা নিদিওঁ —সঁচা, সেই অপৰাধ অলপ কৰা হৈছিল। কিন্তু, প্ৰাণেশ্বৰ ! আপোনাৰ দৰে অৰ্দ্ধেক গা বঁচাই, বাকী অৰ্দ্ধেকলৈ পিঠি দিয়া নাই; আৰু নিদিওঁ। আপুনি মোৰ বৰ্ত্তমান ভাব-গতি সলাই, সংসাৰৰ বৰ্ত্তমান গতিত মোক ঢাল খাবলৈ উপদেশ দিছে। বাৰু, এটি কথা সোধোঁ, মই নো কিহেৰে সংসাৰৰ গতি ধৰোঁ ? মোৰ যে সিমান দূৰণী বাট খেদিবলৈ বাটৰুৱাৰ সমল এফেৰিও নাই! মোৰ প্ৰেম, মোৰ ভক্তি, মোৰ ভালপোৱা যে আপোনাৰ চৰণত কেতিয়াবাই উবুৰিয়াই অৰ্পণ কৰিলোঁ। সেই সমল যে মোৰ হিয়াত আৰু লেশমানো আনলৈ নাই। সেই সমলত বাজে আপুনি কোৱা সংসাৰৰ গতি ধৰিবলৈ আন কিবা সম্বল আছে জানো? তথাপি, প্ৰাণনাথ, সেই বাবে মই আপোনাৰ গাত হাত দিয়া নাই, আৰু নিদিওঁ; মই জানোঁ, আপুনি নিৰুপায় হৈ হে তেনে কথা লিখিছিল। যি হওক, আপুনি সুখে আছে বুলি জানি মোৰ অন্তৰত আনন্দে নধৰা হৈছে; পাচলৈকো এই অভাগিনীৰ প্ৰেম, ভক্তি আৰু ভালপোৱাকে লৈ সুখে থাকিব বুলি জানি মই নমৰি-জীয়াই থাকোঁমানে নিচিন্ত হলোঁ ৷