মিৰি-জীয়ৰী/পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত

ৱিকিউৎসৰ পৰা

[ ৩৮ ]
পঞ্চম অধ্যায়


সোৱণশিৰী নৈৰ বুকুত

 “How richly glows the waters breast—
 Before us, tinged with evening hues
 While facing thus crimson west—
 The bast her silent course pursues!
 And see how dang the backward stream!
 A little moment past so smiling”—
                                  Wordsworth


 বেলি প্ৰায় পাতত বহিছে। আকাশ সুন্দৰ নিৰ্মল। হেঙুলীয়া আকাশৰ ছাঁ সোৱণশিৰী নৈত পৰি সোৱণশিৰী নৈৰ পানীকো হেঙুলীয়া বৰণ কৰিছে। সোৱণশিৰী নৈৰ বুকুত মৃদু-মন্দ বতাহ বইছে। ৰিপ্ ৰিপ্ সুৰে আই সোৱণশিৰী বব লাগিছে। ইফালে দূৰৈত মিৰি গাঁৱত জুই জ্বলিছে। দুই এটিকৈ বিহু ঢোল মিৰি গাঁৱত বাজিছে। এনেই সোৱণশিৰী নৈখন বহল। দুয়ো কাষে সবুজ ৰঙৰ ঘাঁহ, ঠায়ে ঠায়ে চিকুণ বালিৰ চৰ। মুঠতে পাঁচ মাইলমান দূৰৈতে পাহাৰৰ চিকুণ দৃশ্য; তাতে সন্ধিয়া কালত মৃদু-মন্দ বতাহ। সিফালে পূবৰ ফালৰ পৰা বেলি নৌ মাৰ যাওঁতেই পূৰ্ণিমাৰ জোনটিয়ে দেখা দিছে। সোৱণশিৰী নৈ খনে কেনে যে চিকোণ দৃশ্য এটি ধৰিছে [ ৩৯ ] তাক বৰ্ণাই শেষ কৰিব নোৱাৰি। আৰু আমাৰো সিমান শক্তি নাই। কোনোবাই যদি কেতিয়াবা এনে সময়তে ঠিক এনে দিনত নাৱৰে সোৱণশিৰীৰ “পথালি পাম” (ক) খণ্ডৰ ওচৰত ফুৰিবলৈ পাইছে সেয়েই আমি বিৱৰণ দিয়া এই দৃশ্যটোনো কেনে তাক বুজিব পাৰি। আৰু কবিত্ব শক্তি থাকিলে তাকে বৰ্ণাই এখন পুথিও লেখিব পাৰিব। বাস্তৱিক পক্ষতে কাতি-আঘোণ মহীয়া এনেকুৱা সময়ত সোৱণশিৰীৰ বুকুত ফুৰিবলৈ বৰ চিকুণ। স্বভাৱৰ সৌন্দৰ্য্যত মন মোহিত হয়। আৰু কৰুণাৰ সাগৰ পৰমেশ্বৰৰ এনেবিলাক সুদৃশ্য দেখি তেওঁলৈ ভক্তিৰ সঞ্চাৰ হয়। নিতান্ত অভাবুকেও ভাব পায়।

 এনেকুৱা সময়তে এনে মন মোহিত হোৱা কালতে এখন সৰু নাৱত পাঁচজনী মিৰি গাভৰু উঠি সোৱণশিৰীৰ ওপৰেদি নাও বাই বাই যাবলৈ ধৰিছে। পাঁচোজনী দেখিবলৈ ভাল, পাঁচোজনীৰ মুখতেই হাঁহি-ধেমালি। পাঁচোজনীৰ গাতে ভাল চাফ-চিকুণ ৰিহা-মেখেলা। সিহঁত উঠা নাওখন ইমান সৰু যে আনকি অইন এতৰপীয়া মানুহে পাঁচোটা দূৰৈতে থাকক তিনিটাও যাবলৈ টান পাব। কিন্তু আমি আগেয়ে কৈছোঁ “সোৱণশিৰী আইৰ মিৰি জাতিৰ ওপৰতে চেনেহ বেছি।” সেইদেখি মিৰি জাতিৰ সকলোৱে আনকি সৰু তিনি-চাৰি বছৰ বয়সীয়া পৰ্য্যন্ত আইৰ বুকুত ইমান সৰু নাৱতে উঠি নিৰ্ভয় চিত্তে আহা-যোৱা কৰিব পাৰে। যি সময় যেনে দৃশ্য আৰু মিৰি গাভৰু কেইজনীৰ যেনে গঢ় এটাইবিলাককে একেলগে দেখি এনেহে বোধ হয় যেন সৰগৰ ইন্দ্ৰৰ সভাৰ পৰা


 (ক)“পথালিপাম” এই নামেৰে লক্ষীমপুৰ মহকুমাত এখন ঠাই আছে। তাত আজিকালি এখন চাহ-বাগিচাও আছে। [ ৪০ ]
 

পাঁচজনী অপেশ্বৰী মৰ্ত্ত্যলৈ ৰঙ কৰিবলৈ নামি আহিছে। অথবা পাঁচজনা জলকুঁৱৰী পানীৰ পৰা ওলাই ধেমালি কৰিছে। অথবা আই সোৱণশিৰীৰ নিজৰ পেটৰে পাঁচজনী জীয়ৰী বাহিৰলৈ আহি উমলিছে। দুজনী গাভৰুৱে দুই মূৰে বহি বঠা চলাইছে। তিনিজনীয়ে নাৱৰ বুকুতে থিয় হৈ গাইছে, তাৰে এজনীয়ে থিয়ৈ থিয়ৈ বিহু সুৰত গগণা (খ) বজাইছে। আহা! কি মধুৰ গগনাৰ সুৰ। ভেকুলী মাতৰ দৰে গোঁ গোঁ শব্দত চুটি চুটি বিহুনাম উঠিছে। ধন্য মিৰি গাভৰুহঁতৰ এনে এটা সামান্য সঙ্গীত যন্ত্ৰ উলিওৱা বুদ্ধিও। ৩।৪ বাৰ গগনা চলিল। এজনীয়ে গগনা বজাইছে, আন দুজনীয়ে হাতত চাপৰি দিছে। পাঠক! গগনা বজোৱা সেই মিৰি-জীয়ৰীজনী কোন চিনি পাইছেনে? তায়েই আমাৰ পানেই। পাঁচোজনী গাভৰুৱেই নিজ হাতে(গ) কৰা ভূঁই ৰখিবলৈ গইছিল আৰু এতিয়া গধূলি হোৱাত ঘৰলৈ ফিৰি আহিছে।

 গগনা বজাই বজাই সুখ নিমিটিল। তেতিয়া ৰকমী নামেৰে এজনী গাভৰুৱে পানেইক ক’লে—“পানেই এটা নাম গা।”


 (খ)“গগনা” মিৰি গাভৰুহঁতৰ এটি যন্ত্ৰ। সৰু এচাটি বাঁহৰ মূৰত এডাল মুগাৰ সূতাৰ ডোল বান্ধি লয়। বাঁহচটা মুখৰ ভিতৰতে সুমাই ডোলডাল টানিলে ভেকুলীৰ মাতৰ দৰে এটি শব্দ হয়। সেই শব্দতে মিৰি গাভৰুহঁতে বিহু তোলে। যেয়ে সেয়ে নিশিকাকৈ গগনা বজাব নোৱাৰে।

 (গ)নিজ হাতে কৰা ভূঁই—মিৰি গাভৰুহঁতে পৰিয়ালটোৱে ভঙা মাটিত বাজেও নিজে নিজে এহালিচা বা দুহালিচা মাটিত কোৰ মাৰি সৰিয়হ বয়। সেই সৰিয়হ বেচি যি ধন পায় সেই ধনেৰে তেল-সেন্দুৰ কিনি পিন্ধে। [ ৪১ ]
 

পানেয়ে গালে:—

(১১)

উজায় নাৱে বোলে মোৰ দন চেনেঙ—
বামে লৰি মাৰে লেদেঙ—।
চকুৰ পানীৰে গালে তিতি গলে—
গামত তিতি গলে কাপোৰ—।

 গীত গোৱা শেষ হ’ল। তেতিয়া ৰকমীয়ে পানেইক ক’লে। “পানেই মই এটা গাওঁ শুন:—

(১২)

উজাই আয়িলে কোম্পানীৰ জায়াজ ঐ
পৃতিবী টলেবলাই—
চপাই দে চপাই দে কলিকতা জায়াজ ঐ
মনেমতাৰ বাতৰি সোদোঁ।

 এই গীত গোৱা শেষ হ’লতে পাঁচোজনী গাভৰুৱে কিৰিলি পাৰি হাঁহিব ধৰিলে। তাৰ পাছত কিৰমায় নামেৰে আন এজনী গাভৰুৱে কবলৈ ধৰিলে—

 “হেৰ পানেই! হেৰ পানেই, তোৰ অলপতে বিয়া হব। কমুদে জোঁৱাই খাটিবলৈ যাব নহয়?”

 পানেই—জানোঁ কব নোৱাৰোঁ।

 কিৰমায়—তই বাৰু গম পোৱা নাইনে? তই আৰু অলপতে জীয়ৰী গুচিবি, ল’ৰাৰ মাক হবি।

 পানেই—কি ধেমালি কৰ কিৰমায়। মই কালেকো নাযাওঁ। বাৰু গাঁও শুন। [ ৪২ ]
(১৩)

য়াতিয়ে যে পানী কায় ওলাকে ওলোকি
ময়ে যে পানী কায় কালত—
আমিও যে কনেঙ ঐ
কালৈকো যে নেযাওঁ ঐ
য়দায় যে তাকিম গৰত।

 পানেয়ে নাম গোৱা শেষ হল। ৰকমীয়ে মাত লগালে—“হয় পানেই—তই কাইলৈকে গুচি যাবিগৈ, তেতিয়া আমাক পাহৰিবি হবলা। তোৰ মুখৰ কথা মুখতেই থাকিল।’’

 পানেয়ে ৰকমীৰ এই কথাৰ উত্তৰ দিবলৈ নৌ-পাওঁতেই দূৰৈত আৰু এখন নাৱত স্পষ্ট মতা গলেৰে কোনোবাই গাব ধৰিলে। পাঁচোজনী গাভৰুৱে কাণ পাতি শুনিব ধৰিলে।

(১৪)

"উজায় যাৱেঁগৈ মোৰে দন কনেঙা—
কেই দিনত আয়িমে গুৰি—
পৰমে কম্পালে যদি তাকো বালে—
তিনি দিনত আয়িমে গুৰি ঐ লায়ৰী—
তিনি দিনত আয়িমে গুৰি।"

 কোনে এই নাম গালে। এই বিষয়ে মিৰি গাভৰুহঁতৰ ভিতৰত আন্দোলন হব ধৰিলে। কাৰ মাত এনেকুৱা! এই কথা এটায়ে ভাবিব ধৰিলে। কিন্তু পানেয়ে এইবিলাক বিষয়ে একোকে নুলিয়ালে। প্ৰণয়িনীয়ে প্ৰণয় তড়িৎ-শক্তিৰ বলত বুজিব পাৰিলে এই মাত আন কাৰো নহয়— তাইৰ হৃদয়ৰ ধন চকুৰ মণি-জঙ্কিৰ; তাই হাঁহি হাঁহি সি চাৰিজনী ছোৱালীক কলে—“তহঁতে বুজা [ ৪৩ ] নাইনে? সেইটো জঙ্কিয়ে গাইছে। তাৰে মাত হব পায়।” তেতিয়া ৰকমীয়ে কলে— “এৰা পানেই, তই জঙ্কিৰ মাতটো বৰিহাকৈ বুজিলি, তাৰে মাত হয়।” এই কথন-মথন হোৱাৰ পাছতে পানেয়ে ক’লে—“আমাৰ সেইবিলাক শুনিবৰ সকাম নাই—আহ আমি গাওঁ।”

(১৫)

নৈৰ পানী যে বাঢ়িবৰ বেগি ঐ চেনেঙ ঐ—
  নৈ পানী বাঢ়িবৰ বেগি।
আগৰটি দিলে ঐ নাচাবি চেনেঙ ঐ—
  হবি দুবগীয় মন॥

 পানেয়ে নাম গাই উঠিল মাথোন, আকৌ দূৰৈৰ পৰা সিহঁতে শুনিব পালে—

(১৬)

তোকে যে কেনেকৈ ঐ—
পামে যে মোৰ কনেঙ্ ঐ—
তোকে যে কেনেকৈয়ে পাম।
ইঠাই যে এৰি ঐ—
পামে গৈ যে কনেঙ্ ঐ—
মনেমা যে নতঁকা তাঁই॥

 এই নামৰ লগে লগে সিখন নাওঁ আহি মিৰি গাভৰুহঁতৰ নাৱৰ ওচৰ চাপিল। সেই নাৱত থকা মানুহটোৰ সৈতে কথা-বতৰা নৌ হওঁতেই পানেয়ে আকৌ গালে— [ ৪৪ ]
(১৭)

উলটি যে নাচাবি—
পালটি যে নাচাবি মোক
গৰা যে কুমলীয়া পিছলি যে পৰিবি
মোৰে গাত যে নিদিবি দোষ।।

 এইবাৰ পানেইৰ নাম গোৱাও শেষ হল, নাওখনো আহি সিহঁতৰ নাৱৰ ওচৰ পালেহি। তেতিয়া এটাইকেইজনী গাভৰুৱে ক’লে, “অ' তয়েহে।”

 জঙ্কি—“এৰা ময়ে।”

 ৰকমী—“তই কলৈ গইছিলি?”

 জঙ্কি—“তামেন্ গামৰ চুকলৈ।”

 ৰকমী—“কেলেইনো গৈছিলি?”

 জঙ্কি—“এটা মানুহৰ পৰা মোৰ ৰূপ দহ টকা পাবলগীয়া আছিল। তাকে সাধিবলৈ।”

 পানেই—“পালিনে?”

 জঙ্কি—“আজি নাপালোঁ, কাইলৈ দিম বুলিছে।”

 পানেই—“এতিয়া ঘৰলৈ যাৱনে?”

 জঙ্কি—“এৰা।”

 পানেই—“আহ তেন্তে।”

 জঙ্কি—“পানেই!”

 পানেই—“কি কওৱ জঙ্কি?”

 জঙ্কি—“মই আৰু তিনিদিনৰ মূৰত ঘূণাসুঁতিৰ গাঁৱলৈ যামগৈ।”

 ৰকমী—“কেলেইনো যাওৱ জঙ্কি?” [ ৪৫ ]  জঙ্কি—“ৰকমী, মই ইয়াত কমুদৰ ঘৰত আছিলোঁ। সি মোক বাৰু নোপোৱাত পৰিছে। সেইদেখি ঘূণাসুঁতিত মোৰ এঘৰ মাহীৰ ঘৰ আছে তাতে থাকিম গৈ।”

 ভাদৈ—“তই আৰু আমাৰ গাঁও এৰিলি।”

 জঙ্কি—“এৰা ভাদৈ কিন্তু মাজে মাজে তহঁতৰ গাঁৱলৈকো আহি থাকিম।”

 তুলাই—“এৰা আহি থাকিবি দেই। তই থকাত বৰ বাৰু আছিল। আমি বৰ ৰঙে-ধেমালিয়ে আছিলোহঁক।”

 জঙ্কি—“কি কৰিম তুলাই। যাব লগাত পৰিলোঁ।”

 পানেই—“জঙ্কি!”

 জঙ্কি—“কি কওৱ পানেই?”

 পানেই—“তই যোৱাৰ আগেয়ে এদিন মোক লগ ধৰিবি দেই। তোৰে সৈতে মোৰ এটা কিবা কথা কবলগীয়া আছে।”

 জঙ্কি—“বাৰু পানেই।”

 এইদৰে কথা-বতৰা পাতোঁতে পাতোঁতে নাও দুখন পাৰ চাপিল। তেতিয়া সকলো ঘৰা-ঘৰি গল।

————