মিৰি-জীয়ৰী/চতুৰ্থ অধ্যায় - পানেইৰ ঘৰ

ৱিকিউৎসৰ পৰা

[ ৩২ ]
চতুৰ্থ অধ্যায়


পানেইৰ ঘৰ

 (ক) নৰাচিগা বিহু যাবৰ আজি দুমাহ হ’ল। সেই ৰাতি জঙ্কিয়ে সৈতে কথা-বতৰা হবৰে পৰা পানেইৰ আৰু আগৰ ভাব, আগৰ কথা-বতৰাবিলাক নোহোৱাত পৰিল। তাইৰ মুখত আৰু আজি-কালি বৰ বেছিকৈ ৰং-ধেমালিৰ চিনবিলাকে নেখেলে। বৰং মাজে মাজে তাই মুখ কলা ডাৱৰেহে ঢাকি ধৰে।

 তাইৰ বাস্তৱিকতে তাহানি সৰুকালতে আহুতলিত টঙি ৰখি থাকোঁতে ভালুকৰ ভয়ত পলাবৰ দিন ধৰি জঙ্কিলৈ কি এটা অভূত–পূৰ্ব্ব ভাব হৈছিল। সেই ছোৱালী কালতো তাইৰ সদায় জঙ্কিক দেখিবলৈ ভাল লগাত পৰিছিল। জঙ্কিক লগত লৈ ধেমালি কৰিবলৈ নাপালে তাই একো ধেমালিয়েই ভাল নালাগিছিল। জঙ্কিলৈ তাইৰ কিয় এনেকুৱা এটা ভাব হৈছিল তাক তাই নিজেও কব নোৱাৰিছিল আৰু নিজৰ মনকো সুধি থিক কৰিব পৰা নাছিল। আঠ নও বছৰ বয়সীয়া ছোৱালী এজনীয়ে প্ৰকৃততে কি ভালপোৱাৰ


 (ক) নৰাছিগা বিহু-আগৰ অধ্যায়ত যিবিলাক ক্ৰিয়াৰ বিৱৰণ দিয়া গৈছে সেই এটাইবিলাকক নৰাছিগা বিহু বোলে। মিৰিহঁতৰ নৰাছিগা বিহুৱেইহে ঘাই বিহু।


[ ৩৩ ]
 

মোল বুজিব পাৰে? তথাপি যে জঙ্কিলৈ তাইৰ এনেকুৱা এটা আগ্ৰহ হৈছিল ইয়াৰ কাৰণ কি? তাইও নাজানে আৰু পাঠক! আমিও এতিয়ালৈকে বিশেষকৈ ভূ নাপালোঁ। হঠাৎ প্ৰণয়? তাকো বুজিবলৈকেতো সিহঁত দুয়ো ল’ৰা-ছোৱালী! তাই নও বছৰ বয়সীয়া— সি চৈধ্য বছৰীয়া, সিহঁতৰ ভিতৰত কেনেকৈ উপকথাত লেখা প্ৰণয়ৰ দৰে প্ৰণয় হব পাৰে? জঙ্কিলৈ বাধ্যতা ভাব? সিটোও নহয়। মিৰি জাতি এতিয়াও ইমান উন্নত হোৱা নাই, আঠ-নও বছৰ বয়সীয়া ছোৱালী এজনীয়ে বাধ্য-বাধকতাৰ মোল পাব, তেন্তে কি? আমিও তাকেহে সোধোঁ—প্ৰকৃত কথাটোনো কি? অনেক বিচাৰি চালোঁ, নাপাই ইয়াকে মনত থিৰ কৰিছোঁ যে অকল মাথোন বাল্য-স্বভাৱসুলভ ৰং-ধেমালিত সৰুৰে পৰা দুটা ল’ৰা লগৰী হলে পৰস্পৰৰ ভিতৰত যি ভাব হয় সেই ভাবেই দুয়োৰো হৃদয়ত খেলিছিল। পানেই-জঙ্কিয়ে সদায় একেলগে গৰু ৰাখিছিল। সিহঁত দুয়ো একেলগে হাতত ধৰা-ধৰি কৰি সোৱণশিৰীৰ বালিত ধেমালি কৰি ফুৰিছিল। পানেই-জঙ্কি দুয়ো একেলগে নাও খেলি ফুৰিছিল। সিহঁত দুয়ো একেলগে মাঘ আৰু বহাগৰ বিহুত নাচিছিল। পানেই জঙ্কি দুয়ো একেলগে নগৰলৈ গই বিহু পাতিছিল। এই যে লগে ফুৰা লগে খোৱা ইত্যাদি কথায়ে দুয়োৰো ভিতৰত পৰস্পৰৰ পৰস্পৰলৈ সৰুৰে পৰা এটা ভাল পোৱা ভাব জন্মাইছিল।

 যদি এনেকুৱা ভাব দৃঢ়ৰূপে স্থাপিত হোৱাৰ আগেয়ে পানেই-জঙ্কি দুয়ো আঁতৰা-আঁতৰি হৈ থাকিলেহেঁতেন তেন্তে কিজানি দুয়ো দুয়োলৈকে পাহৰিলে হয়। কিন্তু ঈশ্বৰে কি উদ্দেশ্যেনো সিহঁতক একেলগে ৰাখিলে তাক আমি কব নোৱাৰিলোঁ। কালক্ৰমে দুয়ো যৌৱনত ভৰি দিলে। কিন্তু দুয়োলৈকে দুইৰো ভাব আগৰ দৰেই থাকিল। যৌৱনত ভৰি দি উঠাৰ পাছতো পানেইৰ সৰুকালিৰ স্বভাৱ নগ’ল। মুকলিমূৰীয়া পানেয়ে আজি-কালিও তাইৰ সৰু [ ৩৪ ] কালিৰ লগৰী জঙ্কিৰ লগতহে ধেমালি কৰিব ধৰিলে। সিহঁত দু্যোৰো হৃদয়ত ইটোৰ সিটোলৈ সিটোৰ ইটোলৈ ভালপোৱা ভাব দৃঢ় ৰূপে বহিল। পানেয়ে চেষ্টা কৰিও বুজিব নোৱাৰিলে তাইৰ মনত কি কথায় খেলিছে; কিয় তাইৰ সেই গাভৰু বয়সতো জঙ্কিকে ভাল পাবলৈ ইচ্ছা যায়। আৰু জঙ্কি! জঙ্কিৰ হৃদয়তো তেনেবিলাক ভাবেই খেলিছিল। কিন্তু জঙ্কি মতা মানুহ। সি অৱশেষত তাৰ নিজৰ ভাব নৰাছিগা বিহুৰ অলপ আগৰে পৰা বুজিব পাৰিছিল।

 যি মূহূৰ্ত্ততে ৰাতি নৰাছিগা বিহুত জঙ্কিয়ে সোৱণশিৰীৰ পাৰত পানেইক নিজৰ মনৰ ভাব জনালে তেতিয়াই বহু দিনেৰে পাৰ তুঁহজুইত জ্বলি থকা জুইৰ ফিৰিঙতি পানেইৰ বুকুত দপ্‌দপ্ কৰি জ্বলিল। আজলী (নিলাজী?) মিৰি-জিয়ৰীয়ে সৰল প্ৰাণেৰে কাৰ্সিং কাৰ্টানক সাখী কৰি জঙ্কিক নিজৰ হৃদয়ত অতি যতনেৰে থাপিলে। তাক তাই কথা দিলে। আৰু সেইদিনাৰে পৰা জঙ্কিলৈ তাইৰ ভালপোৱা আৰু বেছি হবলৈ ধৰিলে। কেতিয়ানো তাই তাইৰ হৃদয়ৰ দেৱতাৰ লগত একেলগে মিলি পৰিব এই চিন্তাতে তাই ৰ’ল।

 জঙ্কিয়েও তাৰ পিছদিনাৰে পৰা বৰ যতন কৰি খেতি-বাতি কৰিবলৈ ধৰিলে। আনবাৰ সি যদি এপুৰা মাটিৰ সৰিয়হ ভাঙিছিল সেইবাৰ সি তিনি পুৰা মাটি ভাঙিলে। প্ৰণয়ৰ এনে বল।

 সেই নিশা জঙ্কিয়ে সৈতে কথা-বতৰা হবৰেপৰা পানেয়ে মাক-বাপেকৰ কথা-বতৰা বেছিকৈ শুনাত পৰিল। মাক-বাপেকে যিহকে ভাল পায় তাই তাকে কৰে। বিহুলৈ বৰকৈ নোযোৱাত পৰিল। যাতে তাই মাক-বাপেকক সন্তোষ দিব পাৰে ইয়াতে তাই যত্নৱতী হ’ল।

 পানেইৰ মাকৰ নাম “নিৰমা” আৰু বাপেকৰ নাম “তামেদ” আছিল। সিহঁত দুয়ো মিৰিৰ ভিতৰত দুখীয়া। সিহঁতৰ আন [ ৩৫ ] ল’ৰা-ছোৱালী নাই। অকল মুঠেই পানেই। সেইদেখি সৰুৰে পৰা সিহঁতে পানেইক বৰ মৰম কৰিছিল।

 আজিকালি পানেইৰ স্বভাৱত মাক-বাপেক অলপ আচৰিত হব ধৰিলে। সিহঁতে বুজিব পাৰিলে যে পানেয়ে পূৰ্ণ যৌৱনত ভৰি দিলে আৰু তাইক বিয়া দিবৰ সময় হ’ল।

 ইয়াৰ আগেয়ে এদিন কমুদ বুলি সেই গাঁৱৰে এটা (খ) গামৰ ল’ৰাই পানেইক বিয়া কৰাবৰ প্ৰস্তাৱ জনাইছিল। তামেদ আৰু নিৰমায়ে সেই কথাকে পেটে পেটে আলচিছিল; কিন্তু কোনো সমিধান দিয়া নাছিল। এতিয়া পানেইৰ মনৰ ভাববিলাক দেখি সিহঁতে এইটো থিৰ কৰিলে যে পানেইক বাস্তৱিকতে বিয়া দিবৰ সময় হ’ল। এতদিনে তাই বিয়া নোহোৱাত থাকিহে বেজাৰ কৰিছে।

 এইদৰে এদিন গধূলি বুঢ়া-বুঢ়ী দুয়ো চাঙত (গ) বহি জুইৰ কাষত কথা-পাতিছে। পানেয়ে তেতিয়া পানী আনিবলৈ ঘাটলৈ গৈছিল। নিৰমায়ে কলে—

 “আজি–কালি পানেই ডাঙ্গৰ হ’ল। তাইক এঠাইততো বিয়া দিবলৈ দিহা কৰিব লাগে।”


 (খ) আমাৰ অসমীয়া মানুহৰ ভিতৰত চৌধাৰী বা মৌজাদাৰ যেনে মিৰিৰ ভিতৰত “গামো” তেনেকুৱা। মিৰিহঁতৰ খেলে খেলে একোটা “গাম” থাকে।

 (গ) মিৰিহঁত চাঙ ঘৰত থাকে। মাটিত ঘৰ প্ৰায়ে নাসাজে; কিন্তু গোলাঘাট যোৰহাটৰ ফালে কেতবোৰ মিৰিয়ে আজি-কালি চাঙঘৰ এৰিছে। একেবাৰে অসমীয়া হৈছে।


[ ৩৬ ]
 

 তামেদ—“এৰা মইও সেই কথাকে মনে মনে আলচিছোঁ। পানেইক নো কাক দিম?”

 নিৰমা—“কেলেই সেই জঙ্কি বুলিবৰ ল’ৰাটোকে পানেইলৈ চপালে বাৰু নহয় জানো? তাৰ দেখোন কেৱে নাই।”

 তামেদ—“তাৰ কেৱে নাই দেখিয়েইতো পানেইক মোৰ তালৈ দিব ইচ্ছা নাই। সেই টোকোনাটোক দিলেনো কি হব?”

 নিৰমা—“কিয়? আমাৰ ল’ৰা-ছোৱালী নাই সিয়ে বেটা হই থাকিব।”

 তামেদ—“বেটা হই থাকিলে (ঙ) জনো পেট ভৰিব?”

 নিৰমা—“তেনেনো তই তাইক কালৈ দিবলৈ মন কৰিছ?”

 তামেদ—“মোৰ বিবেচনাৰে তাইক সেই কমুদলৈকে দিয়া ভাল, সি নমেন্‌ গামৰ পুতেক। নমেন্‌ গামেও নিজে মোক এবাৰ কইছিল। মই তালৈকে দিম।”


 (ঘ) আমি আগেয়ে কৈছোঁ মিৰি দুবিধ। এবিধ ভৈয়ামৰ, এবিধ পৰ্ব্বতৰ। পৰ্ব্বতৰ মিৰিহঁতক প্ৰায়ে সৰু আবৰ বোলে। আৰু আমাৰ ভৈয়ামৰ চায়েঙীয়া, অয়ঙীয়া, দামুকীয়াল, ছুটীয়া, দৈতীয়াল, ময়ঙীয়া ইত্যাদি গোটেইবিলাক মিৰিয়ে বৰ বংশ বুলি পৰিচয় দিয়ে।

 (ঙ)পাঠকসকলে এই পুথিত মিৰিহঁতৰ বিয়াৰ নিয়ম জানিব পাৰিব। মুঠতে এতিয়া এইটো কথা জনাওঁ যে মিৰিহঁতে জীয়ৰীৰ গা-ধন প্ৰায় তিনিকুৰিৰে পৰা দুই তিনি শ লৈকে লয়। ইয়াত বাদেও যালৈ দিব’ সেই মানুহটোৱে শহুৰেকৰ ঘৰত দুবছৰ খাটি দিব লাগে। ইয়াকে জোঁৱাই খটা বোলে। মিকিৰৰ ভিতৰতো জোঁৱাই খটা নিয়ম আছে।


[ ৩৭ ]
 

 নিৰমা—“কিন্তু তালৈ দিবলৈ থিৰ কৰাৰ আগেয়ে আমি এবাৰ পানেইক সুধি-পুচি চোৱা জানো ভাল নহয়?”

 তামেদ—“জীয়ৰীকনো কোনোবাই ক’ৰবাত সুধি বিয়া দিয়েনে? তাই কব “মই এটা গাছি মিৰিলৈ যাম” সেয়ে হব লাগিব নেকি? মই তাইক কমুদলৈকেহে দিম। তাই তালৈকে যাব লাগিব, মই কমুদৰ বাপেকক কথা দিছোঁ।”

 নিৰমা—“বাৰু তেন্তে। তাইক কমুদলৈকে দিয়া যাওঁক।”

 তামেদ—“এৰা মোৰ মন সেইয়ে। তই আজিৰ পৰা মাজে মাজে পানেইৰ আগত কমুদৰ কথা কবলৈ ধৰ। আৰু দুমাহৰ মূৰতে কমুদ জোঁৱাই খাটিবলৈ আহিব।”

 বুঢ়া তামেদে এই সিদ্ধান্ত শেষ কৰোঁতে নৌ-কৰোঁতেই পানেয়ে পানী লৈ ঘৰ পালে। কিন্তু ঘৰৰ ভিতৰত নৌ-সোমাওঁতেই বাপেকৰ মুখৰ পৰা “আৰু দুমাহৰ মূৰতে কমুদ জোঁৱাই খাটিবলৈ আহিব”—এই কথা ফাকি শুনিলে। তৎক্ষণাৎ কথাৰ ঢাল বুজিব পাৰিলে। তেতিয়াই মোৰ আজলী মিৰি-জীয়ৰীৰ মূৰত এহেজাৰ বজ্ৰ পৰাৰ দৰে পৰিল। যাহক কিজানি কই-মেলি মাক-বাপেকক পোনাবলৈ পাৰে এই আশাকে মনত সাৰোগত কৰি মনে মনে থাকিল; কিন্তু এটা অফুট অব্যক্ত ভাবত পানেইৰ হৃদয় কঁপিল। তাইৰ হৃদয়ৰ অভ্যন্তৰে কান্দিলে।

⸺⸺