পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাঁচজনী অপেশ্বৰী মৰ্ত্ত্যলৈ ৰঙ কৰিবলৈ নামি আহিছে। অথবা পাঁচজনা জলকুঁৱৰী পানীৰ পৰা ওলাই ধেমালি কৰিছে। অথবা আই সোৱণশিৰীৰ নিজৰ পেটৰে পাঁচজনী জীয়ৰী বাহিৰলৈ আহি উমলিছে। দুজনী গাভৰুৱে দুই মূৰে বহি বঠা চলাইছে। তিনিজনীয়ে নাৱৰ বুকুতে থিয় হৈ গাইছে, তাৰে এজনীয়ে থিয়ৈ থিয়ৈ বিহু সুৰত গগণা (খ) বজাইছে। আহা! কি মধুৰ গগনাৰ সুৰ। ভেকুলী মাতৰ দৰে গোঁ গোঁ শব্দত চুটি চুটি বিহুনাম উঠিছে। ধন্য মিৰি গাভৰুহঁতৰ এনে এটা সামান্য সঙ্গীত যন্ত্ৰ উলিওৱা বুদ্ধিও। ৩।৪ বাৰ গগনা চলিল। এজনীয়ে গগনা বজাইছে, আন দুজনীয়ে হাতত চাপৰি দিছে। পাঠক! গগনা বজোৱা সেই মিৰি-জীয়ৰীজনী কোন চিনি পাইছেনে? তায়েই আমাৰ পানেই। পাঁচোজনী গাভৰুৱেই নিজ হাতে(গ) কৰা ভূঁই ৰখিবলৈ গইছিল আৰু এতিয়া গধূলি হোৱাত ঘৰলৈ ফিৰি আহিছে।

 গগনা বজাই বজাই সুখ নিমিটিল। তেতিয়া ৰকমী নামেৰে এজনী গাভৰুৱে পানেইক ক’লে—“পানেই এটা নাম গা।”


 (খ)“গগনা” মিৰি গাভৰুহঁতৰ এটি যন্ত্ৰ। সৰু এচাটি বাঁহৰ মূৰত এডাল মুগাৰ সূতাৰ ডোল বান্ধি লয়। বাঁহচটা মুখৰ ভিতৰতে সুমাই ডোলডাল টানিলে ভেকুলীৰ মাতৰ দৰে এটি শব্দ হয়। সেই শব্দতে মিৰি গাভৰুহঁতে বিহু তোলে। যেয়ে সেয়ে নিশিকাকৈ গগনা বজাব নোৱাৰে।

 (গ)নিজ হাতে কৰা ভূঁই—মিৰি গাভৰুহঁতে পৰিয়ালটোৱে ভঙা মাটিত বাজেও নিজে নিজে এহালিচা বা দুহালিচা মাটিত কোৰ মাৰি সৰিয়হ বয়। সেই সৰিয়হ বেচি যি ধন পায় সেই ধনেৰে তেল-সেন্দুৰ কিনি পিন্ধে।