পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


তাক বৰ্ণাই শেষ কৰিব নোৱাৰি। আৰু আমাৰো সিমান শক্তি নাই। কোনোবাই যদি কেতিয়াবা এনে সময়তে ঠিক এনে দিনত নাৱৰে সোৱণশিৰীৰ “পথালি পাম” (ক) খণ্ডৰ ওচৰত ফুৰিবলৈ পাইছে সেয়েই আমি বিৱৰণ দিয়া এই দৃশ্যটোনো কেনে তাক বুজিব পাৰি। আৰু কবিত্ব শক্তি থাকিলে তাকে বৰ্ণাই এখন পুথিও লেখিব পাৰিব। বাস্তৱিক পক্ষতে কাতি-আঘোণ মহীয়া এনেকুৱা সময়ত সোৱণশিৰীৰ বুকুত ফুৰিবলৈ বৰ চিকুণ। স্বভাৱৰ সৌন্দৰ্য্যত মন মোহিত হয়। আৰু কৰুণাৰ সাগৰ পৰমেশ্বৰৰ এনেবিলাক সুদৃশ্য দেখি তেওঁলৈ ভক্তিৰ সঞ্চাৰ হয়। নিতান্ত অভাবুকেও ভাব পায়।

 এনেকুৱা সময়তে এনে মন মোহিত হোৱা কালতে এখন সৰু নাৱত পাঁচজনী মিৰি গাভৰু উঠি সোৱণশিৰীৰ ওপৰেদি নাও বাই বাই যাবলৈ ধৰিছে। পাঁচোজনী দেখিবলৈ ভাল, পাঁচোজনীৰ মুখতেই হাঁহি-ধেমালি। পাঁচোজনীৰ গাতে ভাল চাফ-চিকুণ ৰিহা-মেখেলা। সিহঁত উঠা নাওখন ইমান সৰু যে আনকি অইন এতৰপীয়া মানুহে পাঁচোটা দূৰৈতে থাকক তিনিটাও যাবলৈ টান পাব। কিন্তু আমি আগেয়ে কৈছোঁ “সোৱণশিৰী আইৰ মিৰি জাতিৰ ওপৰতে চেনেহ বেছি।” সেইদেখি মিৰি জাতিৰ সকলোৱে আনকি সৰু তিনি-চাৰি বছৰ বয়সীয়া পৰ্য্যন্ত আইৰ বুকুত ইমান সৰু নাৱতে উঠি নিৰ্ভয় চিত্তে আহা-যোৱা কৰিব পাৰে। যি সময় যেনে দৃশ্য আৰু মিৰি গাভৰু কেইজনীৰ যেনে গঢ় এটাইবিলাককে একেলগে দেখি এনেহে বোধ হয় যেন সৰগৰ ইন্দ্ৰৰ সভাৰ পৰা


 (ক)“পথালিপাম” এই নামেৰে লক্ষীমপুৰ মহকুমাত এখন ঠাই আছে। তাত আজিকালি এখন চাহ-বাগিচাও আছে।