পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পানেয়ে গালে:—

(১১)

উজায় নাৱে বোলে মোৰ দন চেনেঙ—
বামে লৰি মাৰে লেদেঙ—।
চকুৰ পানীৰে গালে তিতি গলে—
গামত তিতি গলে কাপোৰ—।

 গীত গোৱা শেষ হ’ল। তেতিয়া ৰকমীয়ে পানেইক ক’লে। “পানেই মই এটা গাওঁ শুন:—

(১২)

উজাই আয়িলে কোম্পানীৰ জায়াজ ঐ
পৃতিবী টলেবলাই—
চপাই দে চপাই দে কলিকতা জায়াজ ঐ
মনেমতাৰ বাতৰি সোদোঁ।

 এই গীত গোৱা শেষ হ’লতে পাঁচোজনী গাভৰুৱে কিৰিলি পাৰি হাঁহিব ধৰিলে। তাৰ পাছত কিৰমায় নামেৰে আন এজনী গাভৰুৱে কবলৈ ধৰিলে—

 “হেৰ পানেই! হেৰ পানেই, তোৰ অলপতে বিয়া হব। কমুদে জোঁৱাই খাটিবলৈ যাব নহয়?”

 পানেই—জানোঁ কব নোৱাৰোঁ।

 কিৰমায়—তই বাৰু গম পোৱা নাইনে? তই আৰু অলপতে জীয়ৰী গুচিবি, ল’ৰাৰ মাক হবি।

 পানেই—কি ধেমালি কৰ কিৰমায়। মই কালেকো নাযাওঁ। বাৰু গাঁও শুন।