এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাইনে? সেইটো জঙ্কিয়ে গাইছে। তাৰে মাত হব পায়।” তেতিয়া ৰকমীয়ে কলে— “এৰা পানেই, তই জঙ্কিৰ মাতটো বৰিহাকৈ বুজিলি, তাৰে মাত হয়।” এই কথন-মথন হোৱাৰ পাছতে পানেয়ে ক’লে—“আমাৰ সেইবিলাক শুনিবৰ সকাম নাই—আহ আমি গাওঁ।”
নৈৰ পানী যে বাঢ়িবৰ বেগি ঐ চেনেঙ ঐ—
নৈ পানী বাঢ়িবৰ বেগি।
আগৰটি দিলে ঐ নাচাবি চেনেঙ ঐ—
হবি দুবগীয় মন॥
পানেয়ে নাম গাই উঠিল মাথোন, আকৌ দূৰৈৰ পৰা সিহঁতে শুনিব পালে—
তোকে যে কেনেকৈ ঐ—
পামে যে মোৰ কনেঙ্ ঐ—
তোকে যে কেনেকৈয়ে পাম।
ইঠাই যে এৰি ঐ—
পামে গৈ যে কনেঙ্ ঐ—
মনেমা যে নতঁকা তাঁই॥
এই নামৰ লগে লগে সিখন নাওঁ আহি মিৰি গাভৰুহঁতৰ নাৱৰ ওচৰ চাপিল। সেই নাৱত থকা মানুহটোৰ সৈতে কথা-বতৰা নৌ হওঁতেই পানেয়ে আকৌ গালে—